অসম

assam

By ETV Bharat Assamese Team

Published : Sep 26, 2024, 4:40 PM IST

ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নতুন পৰ্যটন বৰ্ষ আৰম্ভ হ’ব কেতিয়া ? প্ৰকাশ পালে জাননী - Manas National Park

2025-26 Tourism Year of Manas National Park : বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে আৰম্ভ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষ ৷ মুকলিৰ কথা আছিল ১ অক্টোবৰত ৷ নতুন পৰ্যটন বৰ্ষৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব পৰ্যটন মন্ত্ৰী ৷

2025-26 Tourism Year of Manas National Park
পৰ্যটন দিৱসত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষ আৰম্ভ (ETV Bharat Assam)

বাক্সা, ২৬ ছেপ্টেম্বৰ : শুকুৰবাৰে অৰ্থাৎ ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হ’ব ৷ উক্ত দিনাই আৰম্ভ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষ ৷ অৰ্থাৎ শুকুৰবাৰে পুনৰ মুকলি কৰা হ’ব মানাহৰ প্ৰৱেশদ্বাৰ ।

উল্লেখ্য যে ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰাৰ কথা আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানখন ৷ কিন্তু উদ্যানখন ২৭ ছেপ্টেম্বৰত পুনৰ মুকলি কৰা হ’ব বুলি এক জাননীযোগে সদৰী কৰিছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড৹ চি. ৰমেশে ৷ ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়, ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ বিধি অনুসৰি এই ঘোষণা কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ আনহাতে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে উদ্যানখন সপ্তাহত ছদিন মুকলি থাকিব ৷ পুনৰ জাননী নিদিয়াপৰ্যন্ত পৰ্যটকৰ বাবে খোলা থাকিব মানাহৰ প্ৰৱেশদ্বাৰ ৷

পৰ্যটন দিৱসত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষ আৰম্ভ (ETV Bharat Assam)

উল্লেখ্য যে শুকুৰবাৰে ২০২৫-২৬ পৰ্যটন বৰ্ষৰ মুকলি অনুষ্ঠানৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো ৷ উল্লেখ্য যে, যোৱা ২০ জুনত বাৰিষাৰ পৰিপ্ৰেক্ষিতত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ বাবে বন্ধ কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি হ’ব বুলি ইতিমধ্যে জাননী জাৰি কৰাৰ লগে লগে প্ৰকৃতিপ্ৰেমীসকলৰ উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

অহা ২৭ ছেপ্টেম্বৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ ২০২৫-২৬ বৰ্ষৰ বাবে পুনৰ মুকলিৰ পিছৰে পৰা পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰি, হাতী ছাফাৰি, ৰিভাৰ ৰাফটিং আদি উপভোগ কৰিব পাৰিব ৷ পুনৰ জাননী নিদিয়া পৰ্যন্ত পৰ্যটকৰ বাবে খোলা থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ ৷ অৱশ্যে প্ৰতি মঙলবাৰে মানাহত পূৰ্বৰ দৰেই বন্ধ থাকিব পৰ্যটন সম্পৰ্কীয় কাৰ্যকলাপ ৷

লগতে পঢ়ক :বনবিভাগৰ কেন্দ্ৰীয় অনুষ্ঠানতেই উপস্থিত নাথাকিল বনমন্ত্ৰী

বিশ্ব গঁড় দিৱস; কাজিৰঙাত নীৰৱে চলিছে এশিঙীয়া গঁড় সুৰক্ষাৰ যুঁজ

১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details