মাজুলী :যোৱা ৩০ ডিচেম্বৰত মাজুলীৰ বেচামৰা তিনি নম্বৰ শৈল্য স্পাৰত বনভোজ খাবলৈ গৈ ৰহস্যজনকভাৱে নিখোঁজ হৈছিল পিংকু হাজৰিকা নামৰ বাঘৰ গাঁৱৰ এজন যুৱক । ইফালে লগৰীয়াৰ লগত বনভোজ খাবলৈ যোৱা পিংকু হাজৰিকাৰ মৃতদেহ দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হয় ।
আনহাতে, পিংকু হাজৰিকাৰ পৰিয়ালে এই মৃত্যু সন্দৰ্ভত মাজুলী থানাত এটা গোচৰ ৰুজু কৰে । এই গোচৰৰ ভিত্তিত মৃত যুৱকজনৰ সৈতে বনভোজ খাবলৈ যোৱা সাতজন বন্ধুক আৰক্ষীয়ে আটক কৰি সোমবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
মাজুলীত বনভোজ খাবলৈ গৈ যুৱকৰ মৃত্যু; 7 বন্ধুক ন্যায়িক জিম্মালৈ প্ৰেৰণ (ETV Bharat Assam) মাজুলী আৰক্ষী থানাৰ গোচৰ নম্বৰ 01/2025 Us/ -103(1)BNS.2023 নম্বৰত ৰুজু হৈছিল গোচৰটো । ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা যুৱককেইজন ক্ৰমে বিশ্ব ভৰালী, পলাশ দত্ত, আদিত্য দত্ত, বিশ্বজিত শইকীয়া, প্ৰশান্ত বৰুৱা, জ্যোতি ৰঞ্জন দাস আৰু কল্পজ্যোতি হাজৰিকা ।
ইফালে দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হোৱা পিংকু হাজৰিকাৰ মৃতদেহ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
আনহাতে, ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা অভিযুক্ত যুৱককেইজনৰ হৈ ওকালতি কৰা অধিবক্তাই কয়, "নিশ্চিতভাৱে এইটো আইনৰ বিচৰাধীন এটা বিষয় । মাজুলীত বনভোজ খাই এজন ল'ৰা নিৰুদ্দেশ হৈছে । পৰৱৰ্তী সময়ত গম পোৱা গৈছে যে তেওঁৰ মৃত্যু হৈছে । ইয়াকে লৈ মাজুলী আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখি ৭ জন অভিযুক্তক বৰ্তমান ন্যায়িক হাজোতলৈ প্ৰেৰণ কৰা হৈছে । আমি জিলা আইন সেৱা প্ৰাথিকাৰীৰ তৰফৰ পৰা সেই ৭ গৰাকী অভিযুক্তৰ হৈ ওকালতি কৰিব বিচাৰিম । মই অপৰাধী বুলি অভিযুক্তসকলৰ লগত কথা পাতিছোঁ । তেওঁলোকে কৈছে তেওঁলোক এই হত্যাকাণ্ড বা সেই মৃত্যুৰ লগত জড়িত নহয় । তেওঁলোকে নিৰপৰাধী বুলিয়ে কৈছে । গতিকে পৰৱৰ্তী সময়ত আইন আছে, আদালত আছে । আদালতত বিচাৰ হ'ব । যদি দোষী হয় তেওঁলোকক বিচাৰাধীন যিটো ধাৰা আছে সেইমতেই ন্যায়ালয়ে বা আদালতে দোষ বা কাৰাদণ্ড বিহিব । আৰু যদি তেওঁলোক সেই মৃত্যুৰ লগত বা হত্যাকাণ্ডৰ লগত জড়িত নহয় তেন্তে সন্মানীয় আদালতৰ পৰা তেওঁলোকে ৰেহাই পাব ।"