মাজুলী :ৰাজ্যত হোটেল, ৰেস্তোৰাঁকে ধৰি সকলো ৰাজহুৱা স্থান আৰু অনুষ্ঠানত গো-মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল । ৰাজহুৱা স্থান আৰু অনুষ্ঠানত গো-মাংস নিষিদ্ধ হোৱাক লৈ এতিয়াও অব্যাহত আছে তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ।
গো-মাংস নিষিদ্ধ হোৱাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যৰ লগতে মাজুলীৰ গোপালকসকলো । গো-মাংস বন্ধ কৰাত এতিয়া নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত হ’ব মাজুলীৰ লগতে ৰাজ্যৰ গোপালকসকল । এইসকল মাজুলীৰ গোপালকে সংবাদ মাধ্যমৰ আগত দুখেৰে কয়, ‘‘ডাঙৰ মানুহৰ ৰাজিনীতিত আমাৰ লেখীয়া দুখীয়া মানুহৰ ওপৰত ৰামটাঙোন পৰে ।’’
এগৰাকী গোপালকে কয়, ‘‘পূৰ্বে গো-সুৰক্ষা আইন আনিলে গৰুৰ দাম কমি গ’ল । কিন্তু বজাৰখন চলি থাকিল কম দামত ৷ আমাৰ পৰা কিনি নি অধিক দামত বেপাৰীয়ে গৰু বিক্ৰী কৰি থাকিল । এতিয়া গো-মাংস নিষিদ্ধ কৰিলে গৰুৰ দাম আৰু নিদিব । আমাৰ পৰিয়াল কেনেদৰে চলিব ।’’ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অকল চেউৰী গৰু জন্ম দিলে গাখীৰ বিক্ৰী ক’ত হ’ব বুলি সংবাদ মধ্যমৰ আগত প্ৰশ্ন কৰে মাজুলীৰ দৰবাৰ চাপৰিৰ গোপালকে ।