অসম

assam

ETV Bharat / state

শিলচৰ বিমানবন্দৰ পৰা পোনে পোনে জিৰিবামলৈ ৰাওনা ৰাহুল গান্ধী; ৰাহুলৰ ভ্ৰমণৰ পূৰ্বে জিৰিবামত গুলীয়াগুলী - Rahul Gandhi’s Visit To Manipur

Manipur Violence: শিলচৰ বিমানবন্দৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ বিমানবন্দৰৰ পৰা জিৰিবামলৈ ৰাওনা হয় ৰাহুল গান্ধী ৷ এই সময়চোৱাত মণিপুৰৰ লগতে নাগালেণ্ডলৈও যাব কংগ্ৰেছ সাংসদগৰাকী ৷ শিলচৰ বিমানবন্দৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 10:42 AM IST

Rahul Gandhi to visit relief camps in Manipur today
শিলচৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা (ETV Bharat)

শিলচৰ, 8 জুলাই:সোমবাৰেশিলচৰত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ বিমানযোগে আহি পুৱাই শিলচৰত উপস্থিত হ’ল বিৰোধী নেতা ৰাহুল গান্ধী ৷ বিমানবন্দৰৰ পৰা পোনে পোনে হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে সোমবাৰে মণিপুৰলৈ ৰাওনা হৈছে লোকসভাৰ বিৰোধী দলপতিগৰাকী । প্ৰাণৰ মমতাত মণিপুৰৰ পৰা কাছাৰৰ ফুলেৰতলত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰা লোকসকলকো ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দেওবাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল ৷

শিলচৰ বিমান বন্দৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী (ETV Bharat)

শিলচৰ বিমানবন্দৰত পুৱা 9 বজাত ৰাহুল গান্ধী উপস্থিত হোৱাৰ কথা আছিল যদিও, কিছু পলমকৈ তেওঁ উপস্থিত হয় ৷ অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে মণিপুৰ কংগ্ৰেছৰ নেতৃত্বয়ো ৰাহুলক আদৰণি জনায় ৷ বিমানবন্দৰৰ পৰা তেওঁ স্থলপথেৰে মণিপুৰৰ জিৰিবাম অভিমুখে যাত্ৰা কৰে । এই যাত্ৰা পথত কাছাৰৰ ফুলেৰতলত আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব ৰাহুল গান্ধীয়ে । যি আশ্ৰয় শিবিৰত মণিপুৰৰ আতংকিত ৰাইজে আহি আশ্ৰয় গ্ৰহণ কৰিছে । আশ্ৰয় শিবিৰ পৰিদৰ্শনৰ পিচত তেওঁ মণিপুৰৰ জিৰিবাম জিলালৈ যাব ।

জিৰিবামত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ পুনৰ শিলচৰ বিমানবন্দৰলৈ উভতি আহিব সাংসদগৰাকী । ইয়াৰ পাচত দুপৰীয়া শিলচৰ বিমানবন্দৰৰ পৰা ৰাহুল গান্ধী বিশেষ বিমানেৰে মণিপুৰৰ ইম্ফললৈ যাব ৷ ইম্ফলত কেইবাটাও আশ্ৰয় শিবিৰলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ পাচত নিশাটো ইম্ফলতে কটাই মঙলবাৰে নাগালেণ্ড অভিমুখে ৰাওনা হ’ব বিৰোধী নেতা ৰাহুল গান্ধী ।

উল্লেখ্য যে, কংগ্ৰেছ সাংসদগৰাকীৰ আগমনক লৈ কটকটীয়া কৰি তোলা হৈছে শিলচৰ বিমানবন্দৰত নিৰাপত্তা ব্যৱস্থা ৷ সমান্তৰালভাৱে, শৰণাৰ্থীসকলৰ মাজত বিশেষ উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে ৷ শিলচৰ বিমানবন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গৰ পৰা অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত এক প্ৰতিবেদন গ্ৰহণ কৰে ৰাহুল গান্ধীয়ে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে প্ৰমুখ্য কৰি কেবাজনো নেতাই সাক্ষাৎ কৰে ৰাহুলক ৷

ৰাহুলৰ ভ্ৰমণৰ পূৰ্বে জিৰিবামত সংঘৰ্ষ:

ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে পুনৰ অশান্ত হৈ পৰিল মণিপুৰৰ জিৰিবাম । জিৰিবামৰ গুলাৰতলত সংঘটিত হয় গুলীচালনা ঘটনা ।

সন্দেহযুক্ত কুকি উগ্ৰপন্থী আৰু মণিপুৰ আৰক্ষীৰ মাজত পুৱতি নিশা প্ৰায় 3.30 বজাত এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । পুৱা প্ৰায় 7 বজালৈকে অব্যাহত থাকে গুলীয়াগুলী ৷ গুলীচালনাৰ লগতে জ্বলাই দিয়া হৈছে কেইবাটাও ঘৰ । ৰাহুল গান্ধী উপস্থিত হোৱাৰ পূৰ্বে এই গুলীচালনাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

লগতে পঢ়ক:কাইলৈ হিংসাজৰ্জৰ মণিপুৰলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী - Rahul Gandhi’s Visit To Manipur

কাছাৰত পুনৰ জিৰিবামৰ শৰণাৰ্থীৰ ভিৰ - Manipur violence

মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ ৩৬৫ দিন : এতিয়াও উমি উমি জ্বলি আছে প্ৰকৃতিৰ ৰম্যভূমি - Manipur conflicts

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা; এজন আহত - MANIPUR VIOLENCE

ABOUT THE AUTHOR

...view details