ৰঙিয়া, ১১ মাৰ্চ :চৰকাৰে কৰিব নোৱাৰা কাম ৰাইজে কৰি দেখুৱালে । ৰঙিয়াৰ ধেপাৰগাঁৱত ৰাইজে মেৰামতি কৰিলে ধেপাৰগাঁও-কুমাজান পথ । যাতায়তৰ সমস্যাত জুৰুলা ধেপাৰগাঁৱৰ ৰাইজে দিনে-নিশাই শ্ৰমদান কৰি যাতায়তৰ বাবে প্ৰায় ২০০ মিটাৰ দৈৰ্ঘৰ পথটো নিৰ্মাণ কৰি উলিয়ালে । যাতায়তৰ নামত দুৰ্ভোগ ভুগি অহা লোকসকলে বানে খহাই নিয়া পথটো নিৰ্মাণ কৰি উলিওৱাৰ পিচত আনন্দত উৎফুল্লিত হৈ পৰে ।
উল্লেখ্য় যে দুবছৰ পূৰ্বে বগৰীবাৰীত পুঠিমাৰী নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল । তাৰ পিচতে ধেপাৰগাঁও-কুমা জান সংযোগী পথৰ প্ৰায় ২০০ মিটাৰ দৈৰ্ঘৰ পথ পুঠিমাৰী নৈৰ বানে উটুৱাই নিছিল । ফলত একপ্ৰকাৰ যাতায়ত বন্ধ হৈ আছিল । গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ ধেপাৰগাঁও অঞ্চলৰ মূল পথটো বানে খহাই নিয়াৰ দুবছৰ পিচতো মেৰামতি নকৰিলে চৰকাৰে । যাৰ বাবে বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈ আহিছিল ।
এই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে যাতায়তৰ নামত যমৰ যাতনা ভুগিব লগা হৈছে । বিশেষকৈ অঞ্চলটোলৈ এম্বুলেঞ্চ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ’ব লগা হৈ আহিছে । উপায় বিহীন হৈ অৱশেষত ৰাইজে ওলাই আহি পথ মেৰামতিৰ কাম কৰে । ৰাইজে গাঁঠিৰ ধন ভাঙি বৃহৎ পথটো নিৰ্মাণ কৰে ।