মৰাণ:প্ৰৱল ইচ্ছাশক্তি আৰু আগ্ৰহ থাকিলে কৰ্ম-সংস্কৃতিৰ দ্বাৰা জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰি । হেজাৰ প্ৰত্যাহ্বানকো নেওচি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ দ্বাৰা কৃষিকৰ্মৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা কৰি বহুজনে সফলতাৰ বাট বুলিবলৈ সক্ষম হৈছে । যাৰ কৰ্মই বহুলোকক উৎসাহ আৰু প্ৰেৰণা যোগাইছে । তেনে এজন আদৰ্শ অসমীয়াই মাছৰ পোনা উৎপাদনেৰে ৰাজ্যৰ লগত বহিঃৰাজ্য বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।
চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰি চৰকাৰী চাকৰিৰ সলনি ৰাজ্যত কৰ্ম-সংস্কৃতি গঢ় দিবলৈ চেষ্টা কৰা সময়ত ডিব্ৰুগড়ত এজন অসমীয়াই কৰ্ম-সংস্কৃতিৰে দিছে আশাৰ বতৰা । ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চাচনীৰ লীলাকান্ত শইকীয়াই মৎস্য উৎপাদনৰ জৰিয়তে দাঙি ধৰিছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন । নিজৰ লগতে আন কেইবাজনকো সংস্থাপন দিয়াৰ লক্ষ্যৰে ২০০০ চনৰ পৰা চাচনীৰ লীলাকান্ত শইকীয়াই আৰম্ভ কৰিছিল মৎস্য পালন । ক্ৰমাগতভাৱে এই মৎস্য পালনেৰে আগবঢ়াই নিছিল নিজৰ উৎপাদন ।
বৰ্তমান ১৮ বিঘা মাটিত থকা পুখুৰীত মাছৰ পোনা উৎপাদন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে লীলাকান্ত শইকীয়াই । মাছৰ পোনাসমূহ বৰ্তমান ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডলৈ ৰপ্তানি কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী মৎস্য পালক লীলাকান্ত শইকীয়া । মাছৰ পোনা উৎপাদন কৰি বছৰি ১৩ লাখ অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা লীলাকান্ত শইকীয়াই মৎস্য পালন আৰু মাছৰ পোনা উৎপাদন এক লাভ জনক ব্যৱসায় বুলি জানিবলৈ দিয়ে ।
মাছৰ পোনা উৎপাদনৰ সম্পৰ্কত কি কয় মীন পালকগৰাকীয়ে:
এই সন্দৰ্ভত লীলাকান্ত শইকীয়াই কয়, "মই ২০০০ চনৰ পৰাই মৎস্য উৎপাদনৰ লগত জড়িত হৈ আছো । প্ৰথম অৱস্থাত এই বিষয়ত ইমান অভিজ্ঞতা নাছিল ৷ কিন্তু মীন বিভাগৰ সৈতে যোগাযোগ কৰি বিভিন্ন ক্ষেত্ৰৰ পৰা পৰামৰ্শ লৈ বৰ্তমান ১৮ বিঘাৰ মাটিৰ পুখুৰীত মাছৰ পোনা উৎপাদন কৰিব পৰা হৈছোঁ । ৰাজ্য চৰকাৰৰ মীন বিভাগে অনুষ্ঠিত কৰা বিভিন্ন প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছোঁ । শেহতীয়াকৈ ২০২৩ চনত ভাৰত চৰকাৰৰ উদ্যোগত বাংলাদেশত ১৫ দিন প্ৰশিক্ষণ গ্ৰহণ কৰিছো ।"
ক'ত ক'ত মাছৰ পোনা বিক্ৰী কৰে: