নিউজ ডেস্ক, ২৩ জুলাই : আজিৰ পৰা প্ৰায় ৩০ বছৰ পূৰ্বৰ উদ্বিগ্নতা আৰু উৎকণ্ঠাৰে ভৰা এটা সন্ধিয়ালৈ যেন মনত পৰি গ'ল অসমৰ সংগীত ভালপোৱা, কবিতা ভাল পোৱা মানুহখিনিৰ ৷ কেৱল কবিতা বা সংগীত বুলি ক'লে হয়তো ভুল হ'ব, সমগ্ৰ অসমীয়া জাতিটোৰ বুলিয়েই ক'ব লাগিব ৷ দিনটো আছিল ১৯৯৪ চনৰ ১২ নৱেম্বৰ ৷ শীতাৰ্ত এটা সেমেকা সন্ধিয়া ৷
গাভৰু গুৱাহাটী মহানগৰীৰ ৰাজপথৰ নিয়ন লাইটবোৰ জ্বলি উঠিছিল ৷ কুঁৱলীৰ আচ্ছাদন ভেদি নিয়ন লাইটৰ হালধীয়া পোহৰে আপ্ৰাণ চেষ্টা চলাইছিল ৰাজপথ পোহৰাবলৈ ৷ সেই শীতৰ সন্ধিয়াটোতেই এনেয়ে ঘৰৰ পৰা ওলাই আহিছিল কবি অৱনী চক্ৰৱৰ্তী ৷ সেই যি আহিল, কবি আৰু ঘৰলৈ উভতি নাহিল ৷ নাই বুলিয়েই যেন নোহোৱা হৈ গ'ল কবি অৱনী চক্ৰৱৰ্তী ৷
অনেক বিচাৰ-খোচাৰ চলিল কেউদিশে ৷ কিন্তু আজি ৩০ টা বছৰে নিৰুদ্দিষ্ট কবিৰ কোনো সন্ধান নোলাল ৷ কোনেও নাজানিলে মাত্ৰ ৫৩ বছৰ বয়সতে ক'ত হেৰাই গ'ল অসমীয়া কাব্য সাহিত্যলৈ বৰেণ্য অৱদান আগবঢ়োৱা কবি অৱনী চক্ৰৱৰ্তী ৷