গুৱাহাটী,৯ জুলাই:বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অসমৰ্থ হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখন । সেয়ে ৰাজ্যৰ বানপানীৰ পৰিস্থিতি আৰু ৰাজ্য-কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ভূমিকাক লৈ সৰৱ হৈ পৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া ৷ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰক সমূহীয়া প্ৰস্তাৱ আগবঢ়োৱাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰলৈ সৰ্বদলীয় বৈঠক আহ্বানৰ দাবী দেৱব্ৰত শইকীয়াৰ । প্ৰয়োজনত ৰাজ্য চৰকাৰৰ সৈতে সৰ্বদলীয় প্ৰতিনিধিৰ দল গৈ কেন্দ্ৰীয় চৰকাৰক বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দাবী জনোৱাৰ পোষকতা জ্যেষ্ঠ কংগ্ৰেছী নেতাজনৰ ।
প্ৰধানমন্ত্ৰী-অমিত শ্বাহক কঠোৰ সমালোচনা :
নৰেন্দ্ৰ মোদীৰ বান বিধ্বস্ত অসমৰ খবৰ ল’বলৈ আহৰি নোহোৱাৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে পুখুৰী খান্দি বানপানী নাইকীয়া কৰিব বুলি কৰা মন্তব্যলৈকে মঙলবাৰে এক ভিডিঅ’ বাৰ্তাযোগে সমালোচনাত মুখৰ হৈ উঠে দেৱব্ৰত শইকীয়া । দেৱব্ৰত শইকীয়াই কয়, "ৰাজ্যৰ শেহতীয়া বানত চৰকাৰৰ তথ্য অনুসৰি এতিয়ালৈকে ৭৮জন লোকৰ মৃত্যু হৈছে আৰু ২৯খন জিলাৰ ৩,৫৩২ খন গাঁৱৰ ২৯,৩৪,২৯৪ খন লোক বানত আক্ৰান্ত হৈছে ।
লগতে তেওঁ কয়, "নিৰ্বাচনৰ সময়ত "A for Assam" বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিন্তু এতিয়া দুৰ্যোগৰ সময়ত কোনো কাণসাৰ নাই । বৃহৎ নদী বান্ধ নালাগে বুলি কোৱাৰ পৰা, অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ওকালতি কৰা বিজেপিয়ে এতিয়া U-Turn মাৰিছে । ৫০ টা পুখুৰী খান্দি অসমৰ বান ৰক্ষা কৰাৰ যি যুক্তি অমিত শ্বাহে দিছে সেয়া অত্যন্ত হাস্যকৰ আৰু তেখেতে 'X'ত প্ৰকাশ কৰা উক্তিত 'অসমত "বান সদৃশ" পৰিস্থিতি হোৱা বুলি কৈ অসমৰ জনতাক উপলুঙা কৰিছে ।" কিয়নো এইবাৰ আগৰ বৰ্ষসমূহৰ তুলনাত আৰু অধিক বিস্তৰ ক্ষতিসাধন হৈছে বুলি লগতে মন্তব্য কৰে বিৰোধীৰ দলপতি গৰাকীয়ে ।
বান বিভীষিকাক লৈ সৰ্বদলীয় বৈঠক আহ্বান কৰাৰ দাবী:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনৰ মথাউৰি ভঙা বুলি কৈ বোকা চটিওৱাৰ ৰাজনীতি কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছে । বানাক্ৰান্ত অঞ্চলসমূহত ৰাষ্ট্ৰীয় আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা নীতি অনুসৰি যিধৰণে সাহাৰ্য বিতৰণ কৰিব লাগিছিল, সেয়া কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে দেৱব্ৰত শইকীয়াই ৷ এই বিভীষিকাময় পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰক এখন সৰ্বদলীয় বৈঠক আহ্বান কৰাৰ দাবী দেৱব্ৰত শইকীয়াৰ ।