যোৰহাট, 2 ফেব্ৰুৱাৰী :যোৰহাট উকীল সন্থাই শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৷ যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ কাম-কাজৰ লেহেমীয়া গতিৰ ফলত যোৰহাট জিলাৰ সাধাৰণ ৰাইজে বহুদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল ৷ কাম-কাজৰ লেহেমীয়া গতিৰ বিৰুদ্ধে সমজুৱাকৈ ৰাজপথলৈ ওলাই আহিল যোৰহাট জিলা উকীল সন্থা ৷ সাধাৰণ ৰাইজে যি দুৰ্ভোগ ভুগিবলগীয়া হৈছে তাৰেই প্ৰতিবাদত যোৰহাটৰ ৰাজপথত উকীল সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ প্ৰতিবাদৰ সমান্তৰালকৈ যোৰহাট জিলাৰ আয়ুক্ত আৰু সহ-আয়ুক্তক যোৰহাট জিলাৰ পৰা অতি শীঘ্ৰে বদলি কৰিবলৈ দাবী জনায় উকীল সন্থাই ।
যোৰহাট উকীল সন্থাই প্ৰতিবাদস্থলীৰ পৰা কয় যে যোৰহাট জিলাৰ আয়ুক্তই কাৰ্যালয়ৰ কামসমূহ সময়মতে কৰাটো বাদেই তেওঁ মন্ত্ৰীৰ পাচত বা মন্ত্ৰীৰ পৰিবাৰৰ লগতহে ব্যস্ত থাকে । আজি এই প্ৰতিবাদৰ জৰিয়তে যোৰহাট জিলা প্ৰশাসনৰ যি সকল ব্যক্তিয়ে এইদৰে সাধাৰণ ৰাইজক জীয়াতু ভুগাইছে অতি শীঘ্ৰে যোৰহাট জিলাৰ এই বিষয়াসকলক যোৰহাট জিলাৰ পৰা বদলি কৰি নতুন দক্ষ বিষয়া নিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে প্ৰতিবাদকাৰীয়ে ।