তিনিচুকীয়া :জাতি-মাটিৰ গান গাই ভালপোৱা জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই মঞ্চত গান গায় থকাৰ সময়তে হঠাৎ অসুস্থ হৈ ঢলি পৰি সোমবাৰে চিকিৎসাধীন অৱস্থাত এই জগতৰ পৰা বিদায় লয় ।
দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত দুৱাৰমৰা নৈৰ পাৰৰ ভিতৰুৱা ৰসবাৰী গাঁৱত আয়োজন কৰা 'ৰসবাৰী পৰ্যটন মেলা'ৰ সাংস্কৃতিক অনুষ্ঠানত দ্বিতীয়টো গীত সামৰি তৃতীয়টো আৰম্ভ কৰাৰ সময়তে জাতি আৰু মাটিৰ গীত গাই ভালপোৱা জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই হঠাৎ কাণ আৰু বুকুত সোপা মাৰি ধৰা বুলি কৈ অসুস্থ হৈ ঢলি পৰে ।
ততাতৈয়াকৈ তেওঁক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷ কিন্তু সোমবাৰে দিনৰ ভাগত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ এই চি ইউত চিকিৎসাধীন হৈ থকাৰ সময়তে জনপ্ৰিয় শিল্পী ৰাজীৱ শদিয়াই ৪০ বছৰ বয়সতেই সকলোকে কন্দুৱাই এই জগতৰ পৰা গুচি যায় ৷
ইফালে ৰাজীৱ শদিয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে সাংস্কৃতিক জগতখনৰ লগতে বিভিন্ন মহলে দুখ প্ৰকাশ কৰে । পৰৱৰ্তী সময়ত জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ নশ্বৰ দেহ গৃহজিলা তিনিচুকীয়ালৈ অনাৰ পাছতে চহৰখনৰ প্ৰাণকেন্দ্ৰ থানা চাৰিআলিত পূৰ্বৰে পৰা ৰৈ থকা আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু, মটক যুৱ-ছাত্ৰ সন্মিলন, প্ৰেছ ক্লাব আদিকে ধৰি কেইবাটাও সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন দল-সংগঠন তথা শুভাকাংক্ষীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
পৰৱৰ্তী সময়ত শিল্পীগৰাকীৰ নশ্বৰ দেহ জয়ানগৰস্থিত বাসগৃহলৈ নিয়াৰ লগতে মাকুম, বৰহাপজান, ডুমডুমাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শদিয়াৰ নিজা বাসগৃহলৈ লৈ যোৱা হয় ।