অসম

assam

লাওখোৱাত বানৰ ভয়ংকৰ ৰূপ, ছিগিল কৃষিবান্ধ - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 3:55 PM IST

Burha Chapori Wildlife Sanctuary: লাওখোৱাৰ কেইবাখনো গাঁৱক সুৰক্ষা প্ৰদান কৰা কৃষিবান্ধটো ৰাইজে চেষ্টা কৰিও ৰক্ষা কৰিব নোৱৰাত আতংকিত ৰাইজ । বুঢ়াচাপৰি অভয়াৰণ্যলৈ ভাবুকি । ব্যাহত যাতায়ত । ঘৰৰ ভিতৰতে আৱদ্ধ বহু লোক।

laokhowa flood
লাওখোৱা অঞ্চলত বান (ETV BHARAT ASSAM)

নগাঁও, ২ জুলাই :বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লাওখোৱা অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ কৃষিবান্ধ ছিগি যোৱাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । মঙলবাৰে পুৱাই লাওখোৱাৰ কেইবাখনো গাঁৱক সুৰক্ষা প্ৰদান কৰি অহা ভূৰবন্ধাৰ কৃষিবান্ধটো সুৰক্ষিত কৰি ৰাখিবলৈ স্থানীয় ৰাইজে বহু চেষ্টা কৰিছে যদিও অৱশেষত বান্ধটো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগি পেলোৱাত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে বৃহত্তৰ অঞ্চলটোত ।

লাওখোৱা অঞ্চলত বান (ETV BHARAT ASSAM)

লাওখোৱাৰ ৩ নং ভূৰবন্ধাৰ পৰা ৪ নং বগামুখ সংযোগী কৃষিবান্ধটো ছিগি পেলোৱাত মুহূৰ্তৰ ভিতৰতেই প্লাৱিত হৈ পৰে লাওখোৱা অঞ্চলৰ কেইবাখনো গাঁও । মঙলবাৰে পুৱাই কৃষিবান্ধটো ছিগি পেলোৱাত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় বৃহত্তৰ অঞ্চলটোত । লাওখোৱা অঞ্চলৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ বহু পৰিয়াল এই মুহূৰ্তলৈকে জলমগ্ন হৈ পৰিছে । লাওখোৱাৰ বান পৰিস্থিতিত কিমান পৰিয়াল আক্ৰান্ত হৈছে তাৰ চৰকাৰী তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই যদিও অঞ্চলটোৰ কেইবা শতাধিক পৰিয়াল ইতিমধ্যেই আক্ৰান্ত হৈছে । আনকি পুৱাই লাওখোৱাৰ ভূৰবন্ধাৰ কৃষিবান্ধটো বাঢ়নী পানীয়ে ছিগি পেলোৱাত এই মুহূৰ্তলৈকে বহু লোক ঘৰৰ ভিতৰতেই আৱদ্ধ হৈ পৰিছে ।

লগতে পঢ়ক:আজি বোকাখাতৰ বানবিধস্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - CM Himanta Biswa sarma in Bokakhat

এই মুহূৰ্তলৈকে লাওখোৱাৰ বানাক্ৰান্ত লোকক উদ্ধাৰ অথৱা আশ্ৰয় শিবিৰৰ কোনো ব্যৱস্থা কৰা নাই বুলিও স্থানীয় ৰাইজে উল্লেখ কৰিছে । তদুপৰি লাওখোৱাৰ ভূৰবন্ধাৰ কৃষিবান্ধটো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগি পেলোৱাত লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈয়ো কঢ়িয়াইছে তীব্ৰ ভাবুকি । আনহাতে, নগাঁৱৰ জুৰীয়াৰ সুঁতিৰপাৰ অঞ্চলতো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে সুঁতিৰপাৰৰ বহু পৰিয়াল আতংকিত হৈছে । লাওখোৱা, লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ কিছু কিছু অংশও প্লাৱিত হৈছে ।

লগতে পঢ়ক:কাজিৰঙাৰ বানাক্ৰান্ত জীৱ-জন্তুক সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ-আৰক্ষীৰ বিশেষ সতৰ্কতা - Assam Floods 2024

চাৰিওফালে কেৱল পানী; কাজিৰঙাত জলমগ্ন ৯৫ টা বনশিবিৰ এলেকা - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details