অসম

assam

ETV Bharat / state

গৰাকীৰ অজ্ঞাতেই দালালে বেচিলে দুবিঘা ভূমি; ন্যায়ৰ বাবে চৰকাৰক আহ্বান ভুক্তভোগীৰ - Land brokers bullying

Land broker in Dhemaji: চিলাপথাৰত মাটি দালালৰ অত্যাচাৰত ঘৰ এৰি ভাৰাঘৰত থাকিবলগীয়া হৈছে এগৰাকী স্বামীহীনা মহিলা ৷ ভুৱা নথি প্ৰস্তুত কৰি দালালে বিক্ৰী কৰিলে ২ বিঘা মাটি ৷ প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান দুৰ্ভগীয়া মহিলাৰ ৷

drive against land brokers
Land brokers bullying (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:08 PM IST

গৰাকীৰ অজ্ঞাতেই দালালে বেচিলে দুবিঘা ভূমি (ETV Bharat Assam)

ধেমাজি, 19 মে’:নিজা ঘৰ-বাৰী থকা সত্বেও ভাৰাঘৰত জীৱন কটাবলগীয়া হৈছে ধেমাজিৰ এগৰাকী মহিলাই ৷ মাটিৰ দালালে জালিয়াতিৰে সৰকালে মহিলাগৰাকীৰ মাটি ৷ বিৰোধ কৰিবলৈ গ’লেও আক্ৰমণৰ ভাবুকি পাই মহিলাগৰাকীয়ে ৷ স্বামীহীনা মহিলাগৰাকীয়ে সহায় বিচাৰিছে প্ৰশাসনৰ পৰা ৷

1 নং কুলাজান গাঁৱৰ মৃত সঞ্জীৱ পেগুৰ নামত থকা 2 বিঘা মাটি তেওঁৰ পত্নী ভনী পেগুৰ অজ্ঞাতেই একে গাঁৱৰে বীৰেন পেগু নামৰ এটা দালালে বিক্ৰী কৰে ৷ 1 নং কুলাজান লাটৰ 14 আৰু 15 নং দাগৰ মুঠ দুবিঘা মাটি বিক্ৰী কৰাৰ এখন ভুৱা দলিল প্ৰস্তুত কৰে দালালটোৱে ৷ এই ভুৱা দলিলৰ দ্বাৰাই মাটি দুবিঘা চিলাপথাৰৰ নৱ পেগু নামৰ লোকজনক বিক্ৰী কৰিছিল বীৰেন পেগুৱে ৷

লগতে পঢ়ক:ফুৰিবলৈ যোৱা কিশোৰীক দলৱদ্ধ ধৰ্ষণ; পাঁচ দুৰ্বৃত্তৰ নিকৃষ্টকাণ্ডই জোঁকাৰিছে অসম - Brutal incident in Bongaigaon

দালালটোৰ পৰা ক্ৰয় কৰা মাটিত যেতিয়া নৱ পেগুৱে সীমাৰ দেৱাল মাৰিবলৈ আহে, তেতিয়াহে সমগ্ৰ ঘটনা ধৰা পৰে ৷ মাটিৰ প্ৰকৃতগৰাকী ভনী পেগুৱে এই ঘটনাৰ প্ৰতিবাদ জনোৱাত দালাল চক্ৰটোৱে মহিলাগৰাকীক মাৰপিট কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ দালাল চক্ৰটোৱে মহিলাগৰাকীৰ ভঁৰালঘৰটোও ভাঙি চূৰমাৰ কৰা বুলি সংবাদ মাধ্যমক জনাইছে ৷ প্ৰাণৰ মমতাত ঘৰৰ পৰা আঁতৰি মহিলাগৰাকীয়ে বৰ্তমান আশ্ৰয় লৈছে চিলাপথাৰৰ এটা ভাৰাঘৰত ৷

এই ঘটনা সন্দৰ্ভত ভনী পেগুৱে চিচিবৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়, ধেমাজি আদালত আৰু চিলাপথাৰ থানাত দালাল চক্ৰটোৰ বিৰুদ্ধে গোচৰ তৰিছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁ জনাইছে ৷ দালালৰ হাতৰ পৰা তেওঁৰ মাটিখিনি উদ্ধাৰ কৰি মহিলাগৰাকীক ন্যায় প্ৰদান কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা প্ৰশাসনক ভনী পেগুৱে কাতৰ আহ্বান জনাইছে ৷

উল্লেখ্য যে মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনে ব্যাপক অভিযান চলাইছিল বিগত সময়ত ৷ বহুকেইটা মাটিৰ দাললক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু তাৰ পিচতো যেন গা লৰা নাই একাংশ দালালৰ ৷ প্ৰশাসনৰ চকুত ধূলি দি বৰ্তমানেও চল-চাতুৰীৰে আনৰ মাটি দখল কৰি বিক্ৰী কৰি আহিছে বীৰেন পেগুৰ দৰে দালালে ৷ এই ক্ষেত্ৰত প্ৰশাসনে কেনে ভূমিকা গ্ৰহণ কৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:৩১ অক্টোবৰলৈ গুৱাহাটীৰ পাহাৰ খননত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ - Ban on Illegal Hill Mining

ABOUT THE AUTHOR

...view details