ETV Bharat / state

যোৰহাটত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী - LEOPARD CAGED IN JORHAT

বন বিভাগৰ পিঞ্জৰাত বন্দী প্ৰকাণ্ড নাহৰফুটুকী । কেইবাটাও বাঘৰ মুক্ত বিচৰণত আতংকিত ৰাইজ ।

leopard caged in Jorhat
যোৰহাটত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 4:47 PM IST

যোৰহাট: যোৰহাটত পিঞ্জৰাবদ্ধ হৈছে প্ৰকাণ্ড নাহৰফুটুকী । যোৰহাটৰ ন-বৰা চুক অঞ্চলত দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি আহিছে কেইবাটাও নাহৰফুটুকীয়ে । তাৰে ভিতৰত এটা প্ৰকাণ্ড নাহৰফুটুকীক মঙলবাৰে ৰাইজৰ সহযোগত যোৰহাট বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ।

ৰাইজৰ সহযোগত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো । তাৰ পিছত পিঞ্জৰাবদ্ধ বাঘটোক অনা হয় যোৰহাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ । উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিনে নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছে । যাৰ বাবে স্থানীয় ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ'বলগা হৈছে ।

যোৰহাটত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী (ETV Bharat Assam)

পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৱে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই পোহনীয়া হাঁহ, কুকুৰা, পাৰ, ছাগলী আদি ভক্ষণ কৰি ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে এই কথা যোৰহাট বন বিভাগক অৱগত কৰে । ফলত ৰাইজৰ সহযোগত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত মঙলবাৰে পুৱতি নিশা বাঘটো আবদ্ধ হয় । ইফালে উক্ত অঞ্চলটোত ৰাইজক ত্ৰাসিত কৰা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে অলপ হ'লেও স্বস্তিৰ নিশ্বাস পেলাইছে ।

উল্লেখ্য যে যোৰহাটৰ এই বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰজাতিৰ বাঘে পূৰ্বৰ পৰাই সন্ত্ৰাস চলাই আহিছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, উক্ত অঞ্চলৰ হাবিত আৰু কেইবাটাও বাঘ থকাৰ সন্দেহ কৰাৰ হৈছে । সেয়েহে উক্ত অঞ্চলত থকা আনকেইটা বাঘকো পিঞ্জৰাবদ্ধ কৰি অঞ্চলটোক বাঘমুক্ত কৰিবলৈ স্থানীয় ৰাইজে বন বিভাগক আহ্বান জনাইছে ।

ইয়াৰ উপৰি বন বিভাগৰ কাম-কাজক লৈও ক্ষুব্ধ হৈ পৰে অঞ্চলবাসী । বন বিভাগৰ পিঞ্জৰাত আবদ্ধ বাঘটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ'ব বুলি বন বিভাগৰ এক সুত্ৰযোগে জানিব পৰা গৈছে ।

প্ৰণিধানযোগ্য যে বনাঞ্চলৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাই অহাৰ ফলত বিভিন্ন বনৰীয়া জীৱ-জন্তু খাদ্যৰ সন্ধানত সঘনাই জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ আৰু সন্ত্ৰাস চলাই আহিছে ।

লগতে পঢ়ক :কেনে আছে কলিয়াবৰত ত্ৰাস সৃষ্টি কৰা ঢেকীয়াপতীয়াটো ?
লগতে পঢ়ক :জীৱশ্ৰেষ্ঠৰ নৃশংসতাত চিৰদিনলৈ দৃষ্টি হেৰুৱালে বনৰজাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.