লখিমপুৰ, ১৯ মাৰ্চ : ৰাজ্যৰ চৌদিশে এতিয়া বাজিছে লোকসভা নির্বাচনৰ ৰণডংকা । নিৰ্বাচনী যুঁজত জঁপিয়াই পৰিছে ৰাজনৈতিক দলসমূহ । কোনে কেনেদৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি সমষ্টিত বিজয়মাল্য ধাৰণ কৰিব পাৰে তাৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ সাজু হৈছে । ইয়াৰ বিপৰীতে ৰাইজো সাজু হৈছে নিৰ্বাচনৰ বাবে ।
বিগত সময়ৰ পোৱা-নোপোৱাৰ হিচাপ-নিকাচ কৰি ৰাইজ সাজু ভোট যুদ্ধৰ বাবে । কোনটো ৰাজনৈতিক দল অথবা নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৰাইজৰ আশা-আকাংক্ষা পূৰণত ব্যৰ্থ হৈছে নাইবা সফল হৈছে, এই সকলো দিশ ৰাইজে জুকিয়াই চাইছে । তাৰ প্ৰতিফলন ঘটিব সমাগত নিৰ্বাচনত ।
ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম ১২ নং লখিমপুৰ লোকসভা সমষ্টি । বহু জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত লখিমপুৰ লোকসভা সমষ্টিত আছে বহু বৃহৎ সমস্যা । এই সমস্যাসমূহক সমাধান কৰাৰ নামত দীর্ঘদিন ৰাইজক আঁভুৱা-ভাৰি আহিছে ৰাজনৈতিক দল তথা নিৰ্বাচিত জনপ্ৰতিনিধিসকলে । এইবাৰ ৰাইজৰ পাল । ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ।
লখিমপুৰ লোকসভা সমষ্টিত বৃহৎ নদীবান্ধ আৰু সীমা সমস্যা সমাগত নিৰ্বাচনত শাসকীয় দলৰ বাবে কণ্টক হ'ব পাৰে । কিয়নো লখিমপুৰ লোকসভা সমষ্টিৰ এক মূল সমস্যা হৈছে বৃহৎ নদীবান্ধ । নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ কেৱল লখিমপুৰ বা ধেমাজিতে নহয়, সমগ্র অসম দশকৰো অধিক সময় প্ৰতিবাদত উত্তাল হৈ আছে ।
দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন এই প্ৰকল্পটোৱে অনাগত দিনত উত্তৰ অসমক মহাসাগৰত পৰিণত কৰি তোলাৰ আশংকা কৰি ৰাইজ তথা বিভিন্ন দল-সংগঠনে এটা দশকৰো অধিক সময় প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । বিগত লোকসভা নির্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাজনাথ সিং আদি শীর্ষ নেতাই লখিমপুৰ, ধেমাজিৰ নিৰ্বাচনী সভাত বিজেপি ক্ষমতা লৈ আহিলে বৃহৎ নদীবান্ধ বন্ধ কৰিব বুলি প্ৰতিশ্ৰুতি দি নিৰ্বাচনৰ পাচত ক্ষমতালৈ আহি ওলোটা খৰ মাৰিলে ।