যোৰহাট: মণিপুৰত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । এই অগ্নিগৰ্ভা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘৰ্ষৰ ঘটনাই মানুহক শংকিত কৰি আহিছে । এনে পৰিস্থিতিৰ মাজতেই অনুপ্ৰৱেশকাৰীৰ সমস্য়াই জটিল ৰূপ ধাৰণ কৰিছে । মণিপুৰত চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ হোৱাত ৰাজ্য়খনৰ জনজীৱন কৰিছে বিপন্ন । এতিয়াও ঠায়ে ঠায়ে নতুনকৈ হিংসা আৰম্ভ হৈয়ে আছে ।
এবছৰ ধৰি অশান্ত জৰ্জৰ মণিপুৰত কুকি আৰু মেইটে সম্প্ৰদায়ৰ মাজত সংঘাত চলি আছে । দুই সম্প্ৰদায়ৰ সংঘাটে ৰাজ্য়খনৰ কৃষিৰ লগতে ব্যৱসায়, বাণিজ্য ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে । যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত আঞ্চলিক কৃষি মেলাত অংশগ্ৰহণ কৰি এই বিষয়ে ব্য়াখ্য়া আগবঢ়ালে দুগৰাকী মণিপুৰী কৃষকে ।
ৰাজ্য়খনৰ অশান্ত পৰিস্থিতিৰ মাজতেই একাংশ যুৱক-যুৱতীয়ে কৃষিকৰ্মত নিজকে ব্য়স্ত কৰি ৰাখিছে । অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত আঞ্চলিক কৃষি মেলাত অংশগ্ৰহণ কৰি গাহৰি পালনৰে আত্মনিৰ্ভৰশীল হোৱা প্ৰগতিশীল মহিলা খেতিয়ক কংবামা ইন্দিৰা দেৱীয়ে কয়, "মণিপুৰত যি অশান্ত পৰিৱেশৰ সৃষ্টি হৈ আছে তাৰ কাৰণে গাহৰি পালকৰ লগতে অন্য়ান্য কৃষি কাৰ্যত জড়িত লোকসকল ক্ষতিগ্ৰস্ত হৈছে । মণিপুৰৰ পৰিস্থিতি আজিও বহু কঠিন হৈ আছে । শীঘ্ৰে এই পৰিৱেশৰ অৱসান হোৱাটো বিচাৰিছো ।"