অসম

assam

ETV Bharat / state

ঘৰটো একেবাৰেই খালী হ’ল ! ভাৰাতীয়াজন গ’লগৈ... - MANMOHAN SINGH PASSES AWAY

অসমৰ এখন বিশেষ ঘৰত পৰিছে শোকৰ ছাঁ । কিয়নো এই বিশেষ ঘৰখনৰ লগত প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ আছিল বিশেষ সম্পৰ্ক ।

manmohan singh passes away
অসমত থকা মনমোহন সিঙৰ ভাৰাঘৰটো (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 27, 2024, 3:51 PM IST

Updated : Dec 27, 2024, 5:35 PM IST

গুৱাহাটী:দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ অজ্ঞান হৈ পৰাৰ পিছত এইমছ দিল্লীত তেওঁক ভৰ্তি কৰোৱা হয় আৰু তাতেই শেষনিশ্বাস ত্যাগ কৰে । এই দুখৰ খবৰ সমগ্ৰ দেশতে বিয়পি পৰাৰ লগে লগে সকলোৱেই অতি অমায়িক প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে ৷

অসমৰো এখন বিশেষ ঘৰত পৰিছে শোকৰ ছাঁ । কিয়নো এই বিশেষ ঘৰখনৰ লগত প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ আছিল বিশেষ সম্পৰ্ক । সেই বিশেষ ঘৰখন হ’ল গুৱাহাটীৰ সৰুমতৰীয়াস্থিত গৃহ নং ৩৯৮৯ ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ঘৰ এইখন । এই ঘৰখনতে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৯১ চনৰ পৰা ভাৰতীয়া হিচাপে আছিল । সেই সময়ত ৭০০ টকা প্ৰতি মাহে দি ঘৰটো ভাৰালৈ লৈছিল ।

ড৹ হেমপ্ৰভা শইকীয়াৰ মন্তব্য (ETV Bharat Assam)

বৃহস্পতিবাৰে নিশা হঠাৎ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষনিশ্বাস ত্যাগ কৰাৰ পাছত শোকত ভাগি পৰিছে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰিয়াল তথা পত্নী ড৹ হেমপ্ৰভা শইকীয়া । ই টিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত ড৹ হেমপ্ৰভা শইকীয়াই শোক প্ৰকাশ কৰি কয়, ‘‘মনমোহন সিঙক ভাৰাতীয়া হিচাপে পাই গৌৰৱান্বিত অনুভৱ কৰিছিলো । তেখেত কেৱল ভাৰাতীয়া হিচাপে নহয়, ঘৰুৱা হিচাপে সম্পৰ্ক আছিল আমাৰ শইকীয়া পৰিয়ালৰ লগত । মই তেওঁক নিজ হাতেৰে আহাৰ ৰান্ধি খুৱাইছিলো । ১৯৯১ চনত তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হৈ বিত্তমন্ত্ৰী হৈছিল তেতিয়াৰ পৰা ৭০০ টকাকৈ ভাৰা দি আছিল আমাৰ এই ঘৰটোত ।’’

ভাৰাঘৰত থকা সময়ত ড৹ সিং (ETV Bharat)

২০১৪ চনত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে অন্তিমবাৰলৈ ভাৰাঘৰটোলৈ অহা বুলি উল্লেখ কৰি কয়, ‘‘প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে দীঘলীয়া সময় আছিল গুৱাহাটীৰ ভাৰাঘৰটোত । সেই সময়ত তেওঁ যদিও আমাৰ ঘৰতে আছিল তথাপিও আমি তেওঁক বৰকৈ আমনি কৰা নাছিলো । তেওঁৰ নিচিনা এজন মানুহৰ সান্নিধ্য পোৱাটোৱেই আমাৰ বাবে ডাঙৰ কথা ।’’

ড৹ সিঙৰ সৈতে দেৱব্ৰত শইকীয়াৰ পৰিয়াল (ETV Bharat Assam)

উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পৰাই প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমতে ভোটাধিকাৰ সাব্যস্ত কৰিছিল । ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিটো নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছিল । কেন্দ্ৰটোত নির্বাচনী ভোটাৰ তালিকাত ড৹ সিঙৰ নাম ৬২৩ নম্বৰত আৰু তেওঁৰ পত্নীৰ নাম ৬২৪ নম্বৰত আছিল ।

লগতে পঢ়ক:ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধক ড৹ মনমোহন সিঙৰ মৃত্যুত দেশজুৰি ৭ দিনীয়া শোক পালন

Last Updated : Dec 27, 2024, 5:35 PM IST

ABOUT THE AUTHOR

...view details