অসম

assam

ETV Bharat / state

দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক পখিলাৰ প্ৰজাতি পোৱা স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিভিন্ন প্ৰজাতিৰ পখিলাৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ভিতৰত এক অন্যতম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ।

By ETV Bharat Assamese Team

Published : 6 hours ago

Kaziranga Butterfly
দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক পখিলাৰ প্ৰজাতি পোৱা স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান Bharat (Etv Bharat)

গুৱাহাটী, ১৬ অক্টোবৰ: এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আন এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । বিভিন্ন প্ৰজাতিৰ পখিলাৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ভিতৰত এক অন্যতম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে । দেশৰ সৰ্বাধিক পখিলা প্ৰজাতি থকা অৰুণাচল প্ৰদেশৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যানৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান পাইছে ।

যোৱা 27 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰলৈ কাজিৰঙাত অনুষ্ঠিত হোৱা প্ৰথমখন "পখিলা সংৰক্ষণ মিট-2024 "ৰ জৰিয়তে প্ৰকাশিত তথ্য অনুযায়ী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এই সন্মান লাভ কৰিবলৈ ‌সক্ষম হৈছে । অসমৰ এগৰাকী যুৱ বিজ্ঞানী ডঃ মনচুন জ্যোতি গগৈৰ বহু বছৰৰ গৱেষণাৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 446 তকৈও অধিক পখিলা প্ৰজাতিৰ খবৰ পোৱা গৈছে । পখিলা সংৰক্ষণ মিট-2024 ত তেওঁ এই গৱেষণাৰ তথ্য দাঙি ধৰিছে ।

দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক পখিলাৰ প্ৰজাতি পোৱা স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Etv Bharat)

লগতে পঢ়ক:কেৱল এশিঙীয়া গঁড়েই নহয়; এতিয়াৰে পৰা কাজিৰঙালৈ আহিলে দেখা পাব ভিনটেজ কাৰ-বাইকো

উল্লেখ্য যে "পখিলা সংৰক্ষণ মিট-2024"-এ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি (এন ই এইচ ইউ), কটন ইউনিভাৰ্চিটি, অসমৰ বিভিন্ন মহাবিদ্যালয়, মহাৰাষ্ট্ৰ বন বিভাগ, কৰবেট ফাউণ্ডেশ্যন, আৰু নৰ্থ ইষ্ট বাটাৰফ্লাইজ গ্ৰুপৰ প্ৰায় 40 গৰাকী পখিলা সন্দৰ্ভত গৱেষণা কৰা প্ৰকৃতিবিদে অংশগ্ৰহণ কৰিছিল । অনুষ্ঠানটোত পখিলাৰ বিষদ গৱেষণাৰ তথ্য আৰু পখিলাৰ স্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হৈছিল ।

দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক পখিলাৰ প্ৰজাতি পোৱা স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Etv Bharat)

অনুষ্ঠানত চেক গণৰাজ্যত অধ্যয়ন কৰি থকা প্ৰকৃতিবিদ গৌৰৱ নন্দী দাসে "পখিলাৰ শ্ৰেণীবিন্যাস" ৰ ওপৰত এক উল্লেখযোগ্য বিভিন্ন বিষয় উপস্থাপন কৰিছিল । এই অনুষ্ঠানতে ডঃ মনচুন জ্যোতি গগৈয়ে পখিলা সন্দৰ্ভত লিখা এখন গৱেষণা গ্ৰন্থ মুকলি কৰা হয় । এই গ্ৰন্থখনত কাজিৰঙাত ৰেকৰ্ড কৰা 446টা প্ৰজাতিৰ পখিলা নথিভুক্ত কৰা হৈছে ।

ডঃ মনচুন জ্যোতি গগৈয়ে কয় যে তেওঁ ২০০৭ চনৰ পৰা ২০১১ চনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আৰু অঞ্চলত এই অঞ্চলৰ পখিলাৰ বিষয়ে অধ্যয়ন কৰি থকাৰ লগতে পখিলা প্ৰজাতিৰ বৈচিত্ৰ সন্দৰ্ভত গৱেষণা কৰিছে । এই সন্দৰ্ভত তেওঁ এখন গৱেষণা গ্ৰন্থ লিখিছে । ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাই ছচিয়েল মিডিয়াৰ জৰিয়তে যুৱ বিজ্ঞানী ডঃ মনচুন জ্যোতি গগৈয়ে পখিলা সন্দৰ্ভত কৰা গৱেষণাৰ শলাগ লোৱাৰ লগতে শুভেচ্ছা জনায় ।

লগতে পঢ়ক:কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষা আইন- ১৯৭২ৰ জনক, পখিলা সংৰক্ষণ সন্মিলনত অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details