অসম

assam

ETV Bharat / state

যোগ-পৰিৱেশ সজাগতাৰ লক্ষ্যৰে ১২ হাজাৰ কিলোমিটাৰ খোজকঢ়া এজন যুৱক - Yoga And Environment Awareness

Awareness for yoga and environment: যোগ আৰু পৰিৱেশ সজাগতা সৃষ্টিৰ লক্ষ্য়ৰে দুবছৰে খোজ কাঢ়িয়েই আছে কৰ্ণাটকৰ মহীশূৰৰ এজন যুৱকে ৷ উৎকট গৰম, ধুমুহা,বৰষুণ, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগক প্ৰত্যাহ্বান জনাই খোজ কাঢ়িও ক্লান্ত হোৱা নাই এইজন যুৱক ।

Awareness for yoga and environment
খোজ কাঢ়ি ভাৰতবৰ্ষ ভ্ৰমণ কৰা কৃষ্ণ নায়ক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 8:01 PM IST

ধেমাজি, ১৩ আগষ্ট: সাহস আৰু সজাগতাৰ মেটমৰা বাণী লৈ অকলে খোজকাঢ়ি ভাৰতবৰ্ষ ভ্ৰমণ কৰা কৃষ্ণ নায়ক নামৰ যুৱকজন মঙলবাৰে উপস্থিত হয় ধেমাজিত ৷ একেৰাহে পদযাত্ৰা কৰি চাৰি বছৰৰ ভিতৰত তিনিখন দেশৰ জনসাধাৰণৰ মাজত যোগৰ সজাগতা আৰু পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে ওলাই আহিছে কৰ্ণাটকৰ মহীশূৰৰ যোগ শিক্ষক কৃষ্ণ নায়ক । অৰুণাচল প্ৰদেশৰ পৰা আহি তেওঁ ধেমাজিত উপস্থিত হোৱাৰ পাছতে ধেমাজিৰ এজন সচেতন ব্যক্তিয়ে এখন ফুলাম গামোচাৰে আদৰণি জনায় ৷

খোজ কাঢ়ি ভাৰতবৰ্ষ ভ্ৰমণ কৰা কৃষ্ণ নায়ক (ETV Bharat Assam)

খোজ কাঢ়িছে ১২ হাজাৰ কিলোমিটাৰ :

২০২২ বৰ্ষৰ ১৬ অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে পদযাত্ৰা কৰি এইজন যুৱকে ইতিমধ্যে ১২ হাজাৰ কিলোমিটাৰ সম্পূৰ্ণ কৰিছে ৷ তেওঁ ইতিমধ্যে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল আৰু ভূটান ভ্ৰমণ সমাপ্ত কৰাৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলো ইতিমধ্যে শেষ হোৱাৰ পথত ৷

পৰিৱেশ সংৰক্ষণৰ সজাগতা :

ভাৰতৰ অতি পুৰণি কলা হৈছে যোগ ৷ এই যোগক নৱ প্ৰজন্মৰ তথা সাধাৰণ জনতাৰ মাজত প্ৰচাৰ, প্ৰসাৰ আৰু সজাগতা সৃষ্টিৰ বাবেই এইদৰে পদযাত্ৰা কৰি আছে । তদুপৰি পৰিৱেশ সংৰক্ষণৰ শ্লোগানেৰে পিঠিত এটা বেগ এখন জাতীয় পতাকা লগত লৈ কৃষ্ণ নায়কে এদিনত যিমান দূৰ সম্ভৱ হয় সিমানেই পদযাত্ৰা কৰিছে । তেনেকৈয়ে দিনটোৰ অন্তত কেতিয়াবা যদি আৰক্ষী থানাত, আন কেতিয়াবা তেল ডিপো অথবা কেতিয়াবা প্ৰশাসনৰ সহযোগত আৱৰ্ত ভৱনত নিশাটো পাৰ কৰিছে ৷

কেতিয়া অন্ত পৰিব এই যাত্ৰাৰ ?

অৱশেষত মহীশূৰৰ এইজন যোগ শিক্ষকৰ যাত্ৰাৰ অন্ত পৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছতেই । তাৰ পিছত ঘৰলৈ আৰম্ভ কৰিব উভতনি যাত্ৰা ৷ এই যাত্ৰা সমাপ্তৰ পিছত তেওঁ যোগৰ সজাগতাৰ বাবে পদযাত্ৰা কৰা ভাৰতবৰ্ষৰ প্ৰথম ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰিব । মন কৰিবলগীয়া যে উৎকট গৰম, ধুমুহা,বৰষুণ, বানপানী,শীত আদি হাজাৰটা প্ৰাকৃতিক দুৰ্যোগক প্ৰত্যাহ্বান জনাই অকলে খোজকাঢ়ি নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে অটল হৈ থকা কৃষ্ণ নায়ক সঁচা অৰ্থতেই হৈ পৰিছে 'নায়ক'।

লগতে পঢ়ক:যোগ-পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ধেমাজিত উপস্থিত মহীশূৰৰ যুৱক - Yoga and environment awareness

দেহত শেষ নিশ্বাস থকালৈকে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে যুঁজি যাম: ধীৰাজ তালুকদাৰ - Awareness run against drugs

ABOUT THE AUTHOR

...view details