অসম

assam

ETV Bharat / state

শিক্ষাৰ্থীৰ মুখৰ ভাত কাঢ়ি খোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে - mid day meal SCHEME - MID DAY MEAL SCHEME

Scam in mid day meal scheme: মধ্যাহ্ন ভোজনৰ নামত ৰাজ্যৰ এখন বিদ্যালয়ত এয়া কি চলিছে ? প্ৰধান শিক্ষকৰ মইমতালিত অতিষ্ঠ অভিভাৱক, পৰিচালনা সমিতি ৷

Mid Day Meal Corruption In Kaliabor
প্ৰধান শিক্ষকৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 18, 2024, 11:23 AM IST

শিক্ষাৰ্থীৰ মুখৰ ভাত কাঢ়ি খোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে (ETV BHARAT ASSAM)

কলিয়াবৰ, 18 মে’: কলিয়াবৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বজ্ঞানহীনকাণ্ডই অবাক কৰি তুলিছে সচেতন মহলক । কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বৰঘূলী বালিকা প্ৰাথমিক বিদ্যালয়ত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে । বিদ্যালয়খনত অনুপযুক্ত বিভিন্ন শাক-পাচলি তথা খাদ্য সামগ্ৰীৰে মধ্যাহ্ন ভোজন প্ৰস্তুত কৰি কণ কণ শিক্ষাৰ্থীসকলক খুওৱাৰ অভিযোগ উত্থাপন হৈছে ৷

মধ্যাহ্ন ভোজনৰ কেঁচা সামগ্ৰী (ETV BHARAT ASSAM)

স্বাস্থ্যসন্মতভাৱে খুৱাবলগীয়া আহাৰৰ ঠাইত ছাত্ৰ-ছাত্ৰীক অখাদ্য খুওৱাৰ অভিযোগ অভিভাৱক তথা স্থানীয় লোকৰ । ইয়াৰ লগতে, বৰঘূলী বালিকা প্ৰাথমিক বিদ্যালয়খনৰ অস্বাস্থ্যকৰ তথা অপৰিস্কাৰ ৰন্ধনশালৰ দৃশ্য দেখি মূৰে-কপালে হাত দিবলগীয়া হৈছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে ৰাইজে ।

বৰঘূলী বালিকা প্ৰাথমিক বিদ্যালয় (ETV BHARAT ASSAM)

মধ্যাহ্ন ভোজনৰ বাবে ৰান্ধনিশালত ছাত্ৰ-ছাত্ৰীক খোৱাবলৈ অনা চয়াবিন, শাক-পাচলি আদি মাখি পৰি থকা অৰ্থাৎ নঢকাকৈ অবিজ্ঞানসন্মত পৰিৱেশত ৰখা প্ৰত্যক্ষ কৰি মধ্যাহ্ন ভোজন বন্ধ কৰি দিয়ে । আনহাতে, আন এক অভিযোগ মতে, প্ৰতিটো ছাত্ৰ-ছাত্ৰীক এটাকৈ গোটা কণী দিয়াৰ পৰিৱৰ্তে এটা কণীৰে চাৰিফাল কৰি চাৰিজন ছাত্ৰক দিবলৈ ৰান্ধনিক নিৰ্দেশ দিয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ।

ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত অখাদ্য খুৱাই থকা বুলি অভিযোগ উত্থাপন হোৱা প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ পৰামৰ্শক সম্পূৰ্ণৰূপে আওকাণ কৰি মইমতালিৰে বিদ্যালয় পৰিচালনা কৰি আহিছে ৷ এই অভিযোগ তুলিছে বিদ্যালয় পৰিচালনা সমিতিয়ে ।

বিদ্যালয়খন চোৱা চিটা কৰাৰ ক্ষেত্ৰত প্ৰধান শিক্ষকগৰাকীয়ে পৰিচালনা সমিতিৰ সৈতে কোনো ধৰণৰ সহযোগিতা আগনবঢ়ায়, লগতে পৰিচালনা সমিতিৰ সদস্যসকলক ভাল ব্যৱহাৰ নকৰে বুলিও গুৰুত্বপূৰ্ণ অভিযোগ তোলে পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:চৰকাৰী বিদ্যালয় : সময়মতে নাহে ছাৰ, হাৰাশাস্তি ভুগিছে শিক্ষাৰ্থীয়ে

ABOUT THE AUTHOR

...view details