ভাষণত প্ৰতিশ্ৰুতিৰ ফুলজাৰি, কিন্তু বছৰ বছৰ ধৰি ধোঁৱাছাঙত প্ৰতিশ্ৰুতি কলিয়াবৰ, 5 মাৰ্চ : নিৰ্বাচন আহিলেই চৰকাৰৰ মনত পৰে 2017 চনৰ প্ৰলয়ংকাৰী বানপানীৰ কথা । বিগত 6 টা বছৰে বানত ক্ষতিগ্ৰস্ত পৰিয়ালে আদায় নাপালে বান সাহাৰ্য ৷ বহুত আহিল আৰু গ'ল, প্ৰতিশ্ৰুতিও দি গ'ল, তথাপিও বান সাহাৰ্যৰ ধন ক্ষতিগ্ৰস্তৰ জেপত নোসোমাল । প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে যোৱা দুটাকৈ লোকসভা নিৰ্বাচন আৰু এটা বিধানসভা নিৰ্বাচনৰ সময়ত কলিয়াবৰীয়া ৰাইজক আভুৱা ভাৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই। দুবাৰ ৰাজ্যৰ বিত্তমন্ত্ৰীৰূপে আৰু প্ৰথম মুখ্যমন্ত্ৰীৰূপে ।
সম্প্ৰতি সমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া অহা ১১ মাৰ্চত কলিয়াবৰলৈ আহিব মুখ্যমন্ত্ৰীগৰাকীয়ে । এতিয়া লক্ষণীয় হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ কেনেকৈ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰে ?
২০১৭ বৰ্ষৰ ১২ আগষ্টৰ মাজনিশাৰ সংহাৰী বানত ক্ষতিগ্ৰস্ত হৈছিল কলিয়াবৰৰ ৫ হাজাৰ ২৪১ টা পৰিয়ালৰ আপোন ঘৰখন । হেৰাই গৈছিল কৃষিজীৱী ৰাইজৰ ভঁৰালৰ ধান, গোহালিৰ পশু ধনকে ধৰি মনুষ্য জীৱন । ৰাইজে অপেক্ষা কৰিছিল-ৰাইজৰ দুখ-দুৰ্দশা অনুধাৱন কৰি চৰকাৰে ৰাইজক কিছু সাহাৰ্যৰে আশ্বস্ত কৰিব ।
তাৰ পিচতে ভবা মতেই ২০১৮ বৰ্ষৰ ৯ আগষ্ট তাৰিখে তদানীন্তন নগাঁও জিলা আয়ুক্ত বিশ্বজিৎ পেগুৱে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে মঞ্জুৰ কৰা বান সাহাৰ্যৰ মঞ্জুৰি পত্ৰ প্ৰতিটো বান ক্ষতিগ্ৰস্ত পৰিয়ালক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হৈছিল । বানৰ সম্পূৰ্ণ এবছৰৰ পাচত ২০১৮ চনত ৮ আগষ্ট তাৰিখে কলিয়াবৰ মহকুমা প্ৰশাসনে বানাক্ৰান্তসকলৰ মাজত বিলাইছিল কেইখনমান ডেম’ চেক।
কিন্তু বানাক্ৰান্তৰ সাহাৰ্যৰ তালিকাত ব্যাপক বিসংগতি হোৱাত ক্ষতিগ্ৰস্ত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত প্ৰশাসনে বাতিল কৰিছিল হিতাধিকাৰীৰ তালিকা । প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাতে ক্ষান্ত নাথাকি তদানীন্তন জলসম্পদ মন্ত্ৰীৰ কলিয়াবৰৰ বাসগৃহও ঘেৰাও কৰিছিল । ক্ষতিগ্ৰস্ত ৪,৯৪৮ টা পৰিয়ালক মুঠ ৮ কোটি ৮৪ লাখ ৭২ হাজাৰ ১০০ টকাৰ মঞ্জুৰি পত্ৰ প্ৰদান কৰিছিল প্ৰশাসনে । বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বিপৰীতে বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগত প্ৰশাসনে বন্ধ কৰি দিছিল মঞ্জৰী পত্ৰৰ কাম।
অৱশেষত ৰাইজৰ প্ৰতিবাদত পাঁচ চৰকাৰী গাঁওবুঢ়াক নিলম্বন কৰা হৈছিল । কিন্তু ফলাফল একো নোলাল, গাঁওবুঢ়াৰ চাকৰি পুনৰ বাহাল হ'ল । স্বজন-তোষণৰে ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তুতকৰ্তা নিলম্বিত পাঁচ চৰকাৰী গাঁওবুঢ়াৰ চাকৰি পুনৰ বাহাল হ'ল । তদন্তৰ প্ৰতিশ্ৰুতিৰ পাছতো নোলাল ক্ষতিপূৰণ তালিকা কেলেংকাৰীৰ দোষী। দুৰ্নীতি, স্বজন-তোষণৰ পৰিণতিত বানত ক্ষতিগ্ৰস্ত পৰিয়ালে আজিও নাপালে ক্ষতিপূৰণ।
ইয়াৰ পিচতে, পূৰ্বৰ ৪,৯৪৮ টা পৰিয়ালৰ বিপৰীতে শেহতীয়া এক তালিকাত ৫,২৪১ টা পৰিয়াল এই তালিকাত অন্তৰ্ভুক্ত হৈছে। কিন্তু আজি পৰ্যন্ত কলিয়াবৰৰ পৰিয়ালকেইটাই লাভ নকৰিলে বান সাহাৰ্যৰ নামত এটকাও ৷ ইয়াকে লৈ এতিয়া ক্ষোভ উজাৰিলে ভুক্তভোগী পৰিয়ালৰ সদস্যই ৷
তথাপি আশা এৰা নাই ক্ষতিগ্ৰস্ত ৰাইজে । অহা ১১ মাৰ্চত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আহিব কলিয়াবৰলৈ । সেয়েহে কলিয়াবৰলৈ মুখ্যমন্ত্ৰী আগমনৰ পূৰ্বে ক্ষোভ উজাৰে ভুক্তভোগী পৰিয়ালকেইটাই । অসমৰ মুখ্যমন্ত্ৰীক লোকসভা নিৰ্বাচনৰ আগতে ক্ষতিপূৰণ আদায় দিবৰ বাবে ভুক্তভোগী পৰিয়ালকেইটাই অন্তিম আহ্বান জনায় ৷
লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত বঙাইগাঁৱত অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা