অসম

assam

ETV Bharat / state

কলেৰা সদৃশ ৰোগত আক্ৰান্ত অৰ্ধশতাধিক

Kakajan Tea Estate:পুনৰ কলেৰা সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ । কেইবাগৰাকী আক্ৰান্ত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু টীয়ক এফ আৰ ইউত চিকিৎসাধীন ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Kakajan Tea Estate
মৰিয়নীৰ কাকজান চাহ বাগিচা (ETV Bharat Assam)

যোৰহাট, ৯ অক্টোবৰ: যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ কাকজান চাহ বাগিচাত কলেৰা সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে । কলেৰা সদৃশ ৰোগত এজনৰ পিচত আন এজন লোক আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে । যোৱা ৩ অক্টোবৰৰ পৰা বৰ্তমানলৈকে বাগিচাখনৰ পুৰণা লাইনৰ অৰ্ধশতাধিক লোক কলেৰা সদৃশ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱা ঘটনাই চাহ শ্ৰমিকৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ

বাগিচাখনৰ সূত্ৰ অনুসৰি ৬ টি শিশুসহ আক্ৰান্ত হৈছে ২৩ জনতকৈ অধিক লোক । ইয়াৰে চাৰিজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু আন চাৰিজনক টীয়ক এফ আৰ ইউলৈ উন্নত চিকিৎসাৰ বাবে বাগিচা চিকিৎসালয়ৰ পৰা প্ৰেৰণ কৰা হৈছে । উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা ৮ জনৰ ভিতৰত এটি শিশুৰ অৱস্থা অতি সংকটজনক বুলি উল্লেখ কৰিছে বাগিচাখনৰ চিকিৎসালয় কৰ্তৃপক্ষই । অৱশ্য়ে স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি আক্ৰান্তৰ সংখ্য়া অৰ্ধশতাধিক হ'ব ।

মৰিয়নীৰ কাকজান চাহ বাগিচা (ETV Bharat Assam)

আনহাতে, মঙলবাৰেও কেইবাগৰাকী লোক কলেৰা সদৃশ ৰোগত আক্ৰান্ত হৈ নতুনকৈ চিকিৎসালয়খনত ভৰ্তি হৈছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ । মৰিয়নীৰ কাকজান চাহ বাগিচাখনত অৰ্ধ শতাধিক লোক হঠাতে কলেৰা সদৃশ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱাত শ্ৰমিক ৰাইজৰ মাজত এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱাত পূজাৰ আনন্দ ম্লান হৈছে ।

পানীৰ নমূুনা সংগ্ৰহ

ইপিনে, যোৰহাটৰ পৰা অহা স্বাস্থ্য বিভাগৰ এটা দলে বাগিচাখনত হঠাতে একেলগে অৰ্ধশতাধিক লোক কলেৰা সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ কাৰণ সন্দৰ্ভত অভিযান চলোৱাৰ লগতে পানীৰ নমুনা সংগ্ৰহ কৰিছে । স্বাস্থ্য বিভাগৰ প্ৰতিবেদন অহাৰ পাছতহে এয়া কলেৰাৰ ৰোগৰ লক্ষণ নে সাধাৰণ ডায়েৰীয়া সেয়া স্পষ্ট হোৱাৰ লগতে প্ৰকৃত কাৰণ জানিব পৰা হ’ব বুলি কয় বাগিচাখনৰ চিকিৎসকগৰাকীয়ে । ইপিনে, এই বিষয়তো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে জিলা প্ৰশাসনে আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ যুটীয়া স্বাস্থ্য সঞ্চালয়ক নিৰ্দেশ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত কলেৰাৰ ভয়ংকৰ সংক্ৰমণ - Cholera cases

সজাগতাৰ অভাৱ-নাই চিকিৎসক : কলেৰাৰ সংক্ৰমণ ৰোধ হ'ব কেনেকৈ ? - Cholera cases in Assam

ABOUT THE AUTHOR

...view details