গুৱাহাটী,১২ মে':উৎসৱৰ আনন্দই চুব নোৱাৰা এজাক মানুহ । তেওঁলোকৰো মন থাকে, তেওঁলোকৰো কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ হাবিয়াস থাকে । বিহুৰ বতৰতো ঘৰখনলৈ যাবলৈ নোপোৱাৰ দুখ বুকুত বান্ধি নিয়াৰিকৈ কৰি যায় কৰ্ম সম্পাদন । সকলোৱে উৎসৱৰ আনন্দত মচগুল হৈ থকাৰ সময়তো ডাঁৰৰ বাতৰি ডাঁৰে দি যাবলৈ দায়ৱদ্ধ লোকসকলেই হ'ল সাংবাদিক । প্ৰতিভা থাকিলেও, কৰ'বাত বুকুখন মোচৰ খাই উঠিলেও ৰৈ নোযোৱা লোকসকলেই হ'ল সাংবাদিক ।
সদাব্যস্ত সাংবাদিকসকলৰ আনন্দৰ বহিঃপ্ৰকাশ কৰিবলৈকে, গোট খাই থকা প্ৰতিভাবোৰ প্ৰকাশ কৰিবলৈকে আজিৰে পৰা ১১ টা বছৰ পূৰ্বে গঠিত হৈছিল গুৱাহাটীত কৰ্মৰত সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ একত্ৰ সংগঠন 'সমন্বয়' । যাৰ জৰিয়তে প্ৰতিটো ব'হাগৰ এটা দিন সাংবাদিকে উদযাপন কৰে । বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ১২ মে'ত গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত হয় 'সাংবাদিকৰ মুকলি বিহু' ।
সমন্বয়ৰ উদ্যোগত আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ সহযোগত অনুষ্ঠিত হোৱা একাদশ সংখ্যক সাংবাদিকৰ মুকলি বিহুত উখল-মাখল হৈ পৰে দীঘলীপুখুৰীৰ পাৰ । সাংবাদিকৰ ঢোলৰ চাপৰত কঁকাল ভাঙিলে সাংবাদিক নাচনীয়ে । অনুষ্ঠিত হয় পৰম্পৰাগত খেল-ধেমালি । লগতে সাংবাদিক তথা তেওঁলোকৰ সন্তান-পৰিয়ালে পৰিৱেশন কৰিলে গীত-নৃত্য, কবিতা আবৃত্তি ।