অসম

assam

ETV Bharat / state

জল জীৱন অভিযানত স্থবিৰতা: কংগ্ৰেছক সমালোচনাৰ প্ৰত্যুত্তৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - JJM scheme standstill

Jayant Mallabaruah on Jal Jeevan: নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰি কংগ্ৰেছক সমালোচনা জয়ন্ত মল্লবৰুৱাৰ । কংগ্ৰেছে কিমান মানুহক পানী দিছিল ?

By ETV Bharat Assamese Team

Published : 4 hours ago

Jayant Mallabaruah on Jal Jeevan
মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

নলবাৰী, ৬ অক্টোবৰ:শনিবাৰে এক নিৰ্দেশনাযোগে অসমৰ জল জীৱন আঁচনিৰ সঞ্চালকে বন্ধ কৰিলে আঁচনিখন ৷ তাৰ পিচতেই ৰাজ্যত এই বিষয়টোক লৈ তীব্ৰ চৰ্চা চলিছে বিৰোধীয়ে সমালোচনাৰে থকা-সৰকা কৰিছে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ৷ কিন্তু, বিৰোধীয়ে সমালোচনা কৰিলেও যেন বিভাগীয় ব্যৰ্থতাক স্বীকাৰ কৰিব খোজা নাই মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পৰিৱৰ্তে মন্ত্ৰীগৰাকীয়ে নিজৰ ব্য়ৰ্থতা ঢাকিবলৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ ভূপেন বৰাকহে কটাক্ষ কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইংৰাজী বুজি নোপোৱা বাবেহে জল জীৱন মিছনৰ জাননীখন বুজি পোৱা নাই বুলি মন্তব্য কৰিছে জয়ন্ত মল্লবৰুৱাই ।

দেওবাৰে নলবাৰীত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰাৰ পিচতেই এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । জল জীৱন আঁচনিৰ কাম বন্ধ কৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা সমালোচনাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ তেওঁ কয়, "এক শতাংশ মানুহক পানী দিয়া দলটোৱে ৮২ শতাংশ পানী দিয়া দলটোক সমালোচনা কৰাটো বেজীয়ে চালনীক হঁ‌হাৰ নিচিনা ।"

মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "ভূপেন বৰাই প্ৰশাসনীয় ব্যৱস্থা বুজি নাপাই । তেওঁ‌ ইংৰাজী বুজি পায় নে নাপায় সেয়া সন্দেহ আছে ।"

  • জল জীৱনৰ কাম কৰা সকলোৱে ধন লাভ কৰিব

মন্ত্ৰীগৰাকীয়ে ঠিকাদাৰৰ বিল আদায় নিদিয়া প্ৰসংগতো মন্তব্য় কৰি কয়, "ঠিকাদাৰসকলৰ কামৰ সময়সীমা শেষ হৈছে । আমি বিভাগীয়ভাৱে আই আই টি মাদ্ৰাজ আৰু টাটা ইনষ্টিটিউট গুৱাহাটীৰ দ্বাৰা পৰীক্ষা কৰাম কামবোৰ ঠিকে ঠাকে চলিছেনে নাই ।" মন্ত্ৰীগৰাকীয়ে জল জীৱন আঁচনিৰ কাম কৰা সকলোৱে ধন লাভ কৰিব বুলি মন্তব্য কৰি কয়, "জল জীৱন আঁচনিত ভাল কাম কৰা ঠিকাদাৰে লাভ কৰিব নিজৰ ধন । কাম নকৰাসকলে পইচা নাপাব ।"

১৯৬৪ গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনিৰ চেক বিতৰণ

উল্লেখ্য যে আজি নলবাৰী বিধানসভা সমষ্টিৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ অন্তৰ্গত ১৯৬৪ গৰাকী ছাত্ৰীৰ মাজত নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয় । উক্ত অনুষ্ঠানৰ অন্তত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভ; জানি লওক এই আঁচনিখনৰ লক্ষ্য আৰু সুবিধাসমূহ - Nijut Moina scheme

আগতে JJM মানে আছিল জল জীৱন মিছন, এতিয়া JJM মানে হৈছে জয়ন্তৰ জেপত মানি: ভূপেন বৰা - Jal Jeevan Mission Assam

ABOUT THE AUTHOR

...view details