নলবাৰী , ২৮ মাৰ্চ :‘‘ভূপেন বৰাই সৎ সাহসেৰে এতিয়াও ক’ব পৰা নাই যে মই জীয়াই থকালৈকে কংগ্ৰেছ দলতে থাকিম ! বেলেগ দললৈ নাযাওঁ ! তেওঁ বিজেপিলৈ যোৱাৰ ৰাস্তা বিচাৰি আছে ।’’ ভূপেন বৰাক উদ্দেশ্যি এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । লগতে ভূপেন বৰাক জ’কাৰ আখ্যা দিয়ে মন্ত্ৰী বৰুৱাই ।
তেওঁ কয়, ‘‘এখন চাৰ্কাছত যেনেকৈ জ’কাৰ নহ’লে চাৰ্কাছখনত হাঁহিৰ খোৰাক নজন্মে, তেনেদৰে ৰাজনীতিৰ চাৰ্কাছত ভূপেন বৰাও এজন জ’কাৰ ৷ ভূপেন বৰাই মাজে মাজে সংবাদ মাধ্যমৰ জৰিয়তে ভূমুকি মাৰি জ’কাৰৰ দৰে মনোৰঞ্জন দিয়ে । বৰাই কেতিয়াও মুখ্য ভূমিকা ল’ব নোৱাৰে’’ ৷
উল্লেখ্য যে, বুধবাৰে বিয়লি নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যিক পেঞ্চনাৰ, কৃতি শিক্ষক-সাংবাদিক কৈলাস মল্ল বৰুৱাৰ দ্বাদশ বাৰ্ষিক স্মৃতিচাৰণ সভা আৰু বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত সভাপতিত্বত কৰে জিলা সাহিত্য সভাৰ সভানেত্ৰী ড৹ লীনা ডেকাই ৷ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানত "সাংস্কৃতিক সচেতনতা আৰু অসমীয়া জাতি" শীৰ্ষক বিষয়বস্তুৰ ওপৰত বক্তব্য প্ৰদান কৰে ৰাজ্যৰ বিশিষ্ট নিৱন্ধকাৰ, সাহিত্যিক ময়ূৰ বৰাই ।