গুৱাহাটী :এডভাণ্টেজ অসমৰ (২.০) দ্বিতীয় সংস্কৰণ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব । এই বিশাল সন্মিলনৰ বিভিন্ন দিশ সামৰি শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এডভাণ্টেজ অসমৰ প্ৰথম সংস্কৰণৰ সাফল্যৰ কথা উল্লেখ কৰাৰ লগতে তেওঁ বিদেশ ভ্ৰমণ আৰু দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে ৷
এডভাণ্টেজ অসমৰ প্ৰথম সংস্কৰণৰ সাফল্য :
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এডভাণ্টেজ অসমৰ প্ৰথম সংস্কৰণৰ সাফল্যৰ কথা সদৰী কৰি কয়, "ক'ভিডৰ আগতে এডভাণ্টেজ অসম ১.০ অনুষ্ঠিত কৰা হৈছিল । এডভাণ্টেজ অসম ১.০ত তিনিটা বিশেষ সাফল্য হৈছিল । প্ৰথম সাফল্যটো আছিল নুমলীগড় ৰিফাইনেৰীৰ ক্ষমতা বৃদ্ধি । নুমলীগড় শোধনাগাৰৰ সামৰ্থ ৩ মেট্ৰিক টনৰ পৰা ৯ মেট্ৰিক টনলৈ সম্প্ৰসাৰিত কৰা হৈছিল । পৰৱৰ্তী সময়ত অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশ হৈছিল । দ্বিতীয়তে পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ খাৰুৱা তেলৰ পাইপ লাইন স্থাপন হৈছিল । তৃতীয়তে গেছ পাইপ লাইন স্থাপন । এই তিনিটা ডাঙৰ আন্তঃগাঁথনি আমি এডভাণ্টেজ অসমৰ যোগেদি ভাৰত চৰকাৰৰ পৰা লাভ কৰিছিলো ।"
এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণ :
প্ৰতি তিনি বছৰৰ মূৰে মূৰে এনে বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰিব লাগে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, "বিগত তিনি বছৰত অসমত যথেষ্ট শান্তি ঘূৰি আহিছে । আন্দোলনৰ পৰিৱেশ নোহোৱা হৈছে । যাৰ বাবে কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব এডভাণ্টেজ অসম ২.০ । ইয়াৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত বিশাল পৰিসৰত ঝুমুইৰ নৃত্য পৰিৱেশন কৰা হ'ব । ঝুমুইৰ নৃত্যৰ যোগেদি অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ লগতে অসমৰ উদ্যোগিক ইতিহাস উদযাপন কৰা হ'ব । নিশা প্ৰধানমন্ত্রীয়ে গুৱাহাটীতে কটাই ২৫ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ।"
দেশ-বিদেশত এডভাণ্টেজ অসমৰ প্ৰচাৰ :
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, "আমেৰিকাত আমি ৰোড শ্ব’ কৰাৰ ইচ্ছা আছিল, কিন্তু কিছুমান কাৰণত নহ’ল । ৬ জানুৱাৰীত মুম্বাইত প্ৰথম ৰোড শ্ব' কৰা হয় আৰু ২০০ৰো অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰে । সিদিনাই নতুন দিল্লীত ৰাজ্যৰ মুখ্য সচিবৰ ১১খন চেম্বাৰ অৱ কমাৰ্চৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল । ৭ জানুৱাৰীত ৩১খন দেশৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে তিনিটা পৰ্যায়ত ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল । আনহাতে ৭ জানুৱাৰীত দিল্লীত শীৰ্ষ ৪০টা উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছিল । ভাৰতৰ বিভিন্ন চহৰত আমাৰ মন্ত্রীসকলে ২০৯খন বৈঠক অনুষ্ঠিত কৰিছিল । য'ত ২১৯ টা উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল ।"
আনহাতে বিদেশ ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "মই নিজে ভূটান, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰলৈ গৈছো । ভূটানত যোৱাৰ উদ্দ্যেশ্য হৈছে যে ভূটানৰ গেলেফুত নতুন ছিংগাপুৰ চিটী হ'ব । ভূটানত বিনিয়োগৰ পৰিৱেশ নাই যদিও অসমত ছিংগাপুৰে বিনিয়োগ কৰিব পাৰে । তাৰ বাবে ভূটানৰ অসম সীমান্তত অৰ্থনৈতিক জ'ন কৰাৰ বাবে ভূটান চৰকাৰক আহ্বান জনোৱা হৈছে । জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰত তিনিটা ৰোড শ্ব' কৰা হৈছিল আৰু য'ত শতাধিক উদ্যোগ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে । জাপানৰ সংসদৰ অধ্যক্ষই নিশাৰ আহাৰৰ বাবে মোক নিমন্ত্ৰণ কৰিছিল । এয়া মোৰ বাবে সৌভাগ্য আছিল । জাপানৰ তিনিগৰাকী মন্ত্রীক মই সাক্ষাৎ কৰিছিলো । দক্ষিণ কোৰিয়াৰ উদ্যোগ মন্ত্ৰীক সাক্ষাৎ লাভ কৰিছিলো । ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰো সাক্ষাৎ লাভ কৰিছিলো । সাধাৰণতে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে সাক্ষাৎ নিদিয়ে, কিন্তু মই সাক্ষাৎ লাভ কৰিছিলো । জাপানৰ বৈদেশিক মন্ত্রীক সাক্ষাৎ কৰাত এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপিত হয় । উত্তৰ-পূৰ্বাঞ্চলৰ আইন-শৃংখলাজনিত কাৰণত অসমক সাঙুৰি পৰ্যটক যাব নালাগে বুলি সতৰ্কবাণী দি থোৱা আছে । যদি পৰ্যটকেই নাহে তেনেহ'লে বিনিয়োগকাৰী কেনেকৈ আহিব । এই সতৰ্কবাণী উঠাই লোৱাৰ বাবে জাপানাৰ লগত ডাটা শ্বেয়াৰিং চলি আছে । বিগত চাৰি বছৰত অসমৰ পৰিৱেশ যথেষ্ট সলনি হৈছে । এক নতুন পৰিৱেশ নিৰ্মাণ হৈছে । আনহাতে এডভাণ্টেজ অসমৰ প্ৰচাৰৰ বাবে মন্ত্রী কেশৱ মহন্ত আৰু বিমল বড়াই কেইবাখনো দেশ ভ্ৰমণ কৰে ।"
এডভাণ্টেজ অসম ২.০ত ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া উদ্যোগ :
মুখ্যমন্ত্রীয়ে কয়, "এডভাণ্টেজ অসম সন্মিলনত অসমৰ ক্ষুদ্ৰ-মজলীয়া উদ্যোগীসকলৰ বাবে পৃথককৈ ব্যৱস্থা ৰখা হৈছে । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত হোৱা ৰোড শ্ব'ত ৩,৭০০ ক্ষুদ্ৰ উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে । ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ পৃথককৈ ব্যৱস্থা কৰা হৈছে । বেংকৰ পৰা ঋণ লোৱাৰো ব্যৱস্থা কৰা হ'ব ।"
এডভাণ্টেজ অসম ২.০ৰ পঞ্জীয়ন :