ধিং:দেশৰ ভিন্ন প্ৰান্তৰ লগতেমৰিগাঁৱতো শুকুৰবাৰে উদযাপন কৰা হয় 'জনজাতীয় গৌৰৱ দিৱস' । মৰিগাঁও জিলা প্ৰশাসন আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ সহযোগত ভগৱান বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি জনজাতীয় গৌৰৱ দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় ।
অতিৰিক্ত আয়ুক্ত পল্লৱী কছাৰীয়ে আঁতধৰা অনুষ্ঠানটোত জিলা আয়ুক্ত দেৱাশিস শৰ্মাই আদৰণী ভাষণ আগবঢ়ায় । আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত শ্বহীদ হেমৰাম পাতৰৰ ত্যাগক ভাৰতবৰ্ষ আৰু পৃথিৱীৰ প্ৰেক্ষাপটত উজলাই তোলাৰ পোষকতা কৰে । জনজাতীয় বীৰ পুৰুষসকলৰ ত্যাগক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব লাগিব বুলি তেওঁ উল্লেখ কৰে ।
জনজাতিসকলৰ সংস্কৃতি পৃথিৱীৰ ভিতৰতে চহকী
এই সভাত ভাষণ প্ৰদান কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে জনজাতিসকলৰ সংস্কৃতি পৃথিৱীৰ ভিতৰতে চহকী । জনজাতিসকলেই তিনি হাজাৰ বছৰ ধৰি সংস্কৃতিৰ ধাৰক আৰু বাহক হিচাপে আছে । লগতে তেওঁ গছপুলি ৰোপণৰ ধাৰণা আৰম্ভ কৰাত বড়ো জনগোষ্ঠীৰ লোকসকলৰ অৱদানক শলাগ লয় । ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ উপস্থিত সকলক দেখুওৱা হয় ।
সভাত তিৱা, বড়ো, ঝুমুইৰ আৰু কাৰ্বি নৃত্য পৰিৱেশন কৰা হয় । তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰে ভাষণ প্ৰসংগত বীৰছা মুণ্ডাৰ জীৱন আৰু ত্যাগক স্মৰণ কৰে । মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে অসমৰ জনজাতিসকলৰ প্ৰাপ্য অধিকাৰ ৰক্ষাৰ সংগ্ৰামত বলিদান দিয়া জনজাতি বীৰসকলৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ।