অসম

assam

ETV Bharat / state

তেজপুৰৰ এখন চিকিৎসালয়ে নিঃসন্তান দম্পতীৰ মুখত বিলাইছে হাঁহি

তেজপুৰত আই ভি এফ চিকিৎসা পদ্ধতিৰে সুস্থ শৰীৰে জন্ম প্ৰথমটো শিশু ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Updated : 3 hours ago

IVF treatment in Tezpur
তেজপুৰৰ এখন চিকিৎসালয়ে নিঃসন্তান দম্পতীৰ মুখত বিলাইছে হাঁহি (ETV Bharat Assam)

তেজপুৰ,১৬ অক্টোবৰ: বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগেই এতিয়া সম্ভৱ হৈ পৰিছে সকলো । এতিয়াৰ পৰা তেজপুৰৰ নিঃসন্তান লোকে সন্তান প্ৰাপ্তিৰ বাবে বাহিৰলৈ গৈ চিকিৎসা কৰাব নালাগে । তেজপুৰ চহৰতে কৰাব পাৰিব চিকিৎসা । প্ৰথমবাৰৰ বাবে তেজপুৰত আই ভি এফ চিকিৎসা পদ্ধতিৰে এটি শিশুৰ জন্ম হৈছে স্থানীয় চিকিৎসকৰ দ্বাৰা ।

চিকিৎসকৰ প্ৰচেষ্টাত তেজপুৰৰ ই এম এম মেম'ৰিয়েল নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিজাকৈ থকা আই ভি এফ চেণ্টাৰত এই শিশুটিয়ে জন্ম লাভ কৰে । প্ৰসিদ্ধ স্ত্রী ৰোগ বিশেষজ্ঞ ডাঃ মনোজ মিৰ্ধা আৰু ডাঃ চেহনাজ পাৰভেজ আৰু ভ্ৰূণ বিজ্ঞানী ডাঃ অজয় বৰ্মনৰ তত্বাৱধানত এই শিশুটিয়ে সুস্থ শৰীৰে জন্ম লাভ কৰে ।

তেজপুৰৰ এখন চিকিৎসালয়ে নিঃসন্তান দম্পতীৰ মুখত বিলাইছে হাঁহি (ETV Bharat Assam)

উত্তৰ অসমৰ প্ৰথমখন আই ভি এফ চিকিৎসা কেন্দ্ৰ ই এম এম নামৰ ব্যক্তিগত চিকিৎসালয়খন বিগত ২০২৩ বৰ্ষত স্থাপন কৰিছিল ডাঃ মনোজ মিৰ্ধাই । সম্পূৰ্ণ ৭ বছৰ বন্ধ্যাত্য দুৰ কৰি Precious Fertility & IVF Centre ত ডাঃ চেহনাজ পাৰভেজৰ চিকিৎসাত এই শিশুটিৰ জন্ম দিবলৈ সক্ষম হয় । ডাঃ চেহনাজ পাৰভেজে ভাৰতৰ প্ৰখ্যাত মিলান ফাৰটিলিটি চেণ্টাৰৰ পৰা প্ৰশিক্ষণ লাভ কৰিছে ।

ভ্ৰূণ বিজ্ঞানী ডাঃ অজয় বৰ্মনে জনাই যে যদি কোনো লোকৰ সন্তান নাই তেওঁলোকে এই আই ভি এফ চেণ্টাৰত চিকিৎসা গ্ৰহণ কৰিলে সুফল লাভ কৰিব । আনহাতে চিকিৎসালয়খনৰ সঞ্চালক জেষ্ঠ চিকিৎসক ডাঃ মনোজ মিৰ্ধাই জনাই যে এই শিশুটিৰ জন্মৰ উপৰিও চিকিৎসালয়খনৰ অধীনত মুঠ ১৫ টা এনেধৰণৰ চিকিৎসা বিভিন্ন স্তৰত চলি আছে ।

লগতে পঢ়ক:GMCHত সক্ৰিয় তেজৰ দালাল চক্ৰ; প্ৰশাসনক কঠোৰ হ'বলৈ আহ্বান কৰ্তৃপক্ষৰ

কাজলি-লাইকা-প্ৰবালী উদ্ভাৱন অসম কৃষি বিশ্ববিদ্যালয়ৰ

Last Updated : 3 hours ago

ABOUT THE AUTHOR

...view details