অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

অসমৰ সমস্যাক ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন নগাঁৱৰ এজন যুৱকৰ - Illegal Migration into Assam

Hirak Jyoti Bora in UNHRC General Debate : অসম চুক্তিক লৈ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰাক লৈ ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে চিন্তা-চৰ্চা । ইয়াৰ মাজতে অসমৰ বিদেশী সমস্যাক ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰিছে নগাঁৱৰ এজন যুৱকে । পিছে ৰাষ্ট্ৰসংঘৰ মজিয়াত অসমৰ সমস্যা উত্থাপন কৰা যুৱকজন কোন আৰু কি কি বিষয় উত্থাপন কৰিলে ৰাষ্ট্ৰসংঘৰ মজিয়াত ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Hirak Jyoti Bora in UNHRC General Debate
অসমৰ সমস্যাক ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন নগাঁৱৰ যুৱকৰ (UN Web TV/Hirak Jyoti Bora)

নগাঁও, ২৭ ছেপ্টেম্বৰ : অসমৰ বিদেশী সমস্যা সমাধানৰ অৰ্থে হোৱা অসম চুক্তি আৰু অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰা বিষয়টোক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এখোজ-দুখোজকৈ আগবঢ়াৰ সময়তেই বিষয়টোৱে স্থান লাভ কৰিলে ৰাষ্ট্ৰসংঘৰ মজিয়াত । অসমৰ বিদেশী সমস্যা সমাধান আৰু অসম চুক্তি ৰূপায়ণৰ প্ৰসংগ ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰিলে নগাঁৱৰ ধিঙৰ এগৰাকী যুৱকে ।

যুৱকজনৰ নাম হীৰকজ্যোতি বৰা । নগাঁৱৰ হীৰকজ্যোতি বৰা নামৰ যুৱকজনে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত অসম তথা ভাৰতৰ অন্যতম প্ৰতিনিধি হিচাপে উপস্থিত থাকি অসমৰ বিদেশী সমস্যাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ভাৰতৰ মুঠ পাঁচগৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত অসমৰ পৰা হীৰকজ্যোতি বৰাসহ মুঠ দুজন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা বুলি ই টিভি ভাৰতক ফোনযোগে জনাই হীৰকজ্যোতি বৰাই ।

অসমৰ সমস্যাক ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন নগাঁৱৰ যুৱকৰ (UN Web TV/Hirak Jyoti Bora)

বিগত ২৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত অসমৰ বিদেশী সমস্যাৰ প্ৰসংগ উত্থাপন কৰে হীৰকজ্যোতি বৰাই । বিদেশী আগ্ৰাসনৰ ফলত অসমৰ থলুৱা লোক সন্মুখীন হোৱা সমস্যাৰ লগতে বিদেশী সমস্যাৰ ফলত অসমৰ সামাজিক, সাংস্কৃতিকৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভতো ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ অধিৱেশনত উত্থাপন কৰে হীৰকজ্যোতি বৰাই ৷

হীৰকজ্যোতি বৰাৰ পৰিচয়:

নগাঁৱৰ ধিঙত জন্মগ্ৰহণ কৰা হীৰকজ্যোতি বৰাই কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰি জড়িত হৈ পৰে সমাজসেৱাত । সাংস্কৃতিক ক্ষেত্ৰৰ সৈতেও জড়িত হীৰকজ্যোতি বৰাই Touch of Humanity নামৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে ৰক্তদান কৰাকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে । শেহতীয়াকৈ অসমৰ বিদেশী নাগৰিকৰ সমস্যাক লৈয়ো সৰৱ হৈ পৰিছে সমাজকৰ্মী হীৰকজ্যোতি বৰা ।

অসমৰ আৰু কি কি বিষয় উত্থাপিত হ’ব ৰাষ্ট্ৰসংঘৰ মজিয়াত ?

বিগত ২৫ ছেপ্টেম্বৰত অসমৰ বিদেশী সমস্যাক ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰা নগাঁৱৰ হীৰকজ্যোতি বৰাই অসমৰে আৰু তিনিটা বিষয় উত্থাপন কৰিব ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত । কি কি বিষয় উত্থাপন কৰিব সেয়া উত্থাপনৰ পূৰ্বেই ৰাজহুৱা কৰিব নোৱাৰে বুলি হীৰকজ্যোতি বৰাই ই টিভি ভাৰতক জানিবলৈ দিয়ে যদিও ইতিমধ্যেই ৰাজ্য জোকাৰি যোৱা ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ড উত্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ইয়াৰোপৰি ধিঙৰ স্প্ৰে গেং প্ৰসংগও হীৰকজ্যোতি বৰাই উত্থাপন কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :৬ নং দফা কাৰ্যকৰীকৰণ : শিল ঘঁহিয়েই থাকিব আছুৱে

বিপ্লৱ শৰ্মা সমিতিৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত কোনকেইটা অসম চৰকাৰৰ দায়িত্বত ? জনালে মুখ্যমন্ত্ৰীয়ে

পুনৰ আশাৰ ৰেঙণি : অসম চুক্তিৰ ছয় নং দফা আৰু ইয়াৰ দীঘলীয়া পৰিক্ৰমা

ABOUT THE AUTHOR

...view details