অসম

assam

ETV Bharat / state

লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ নোটা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা - lok sabha election 2024

NOTA Vote : প্রথম পৰ্যায়তে ভোটগ্রহণ সমাপ্ত হয় ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ । এইবাৰ সমষ্টিটোত ৯ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । ইতিমধ্যে ষ্ট্ৰংৰূমত বন্দী হৈছে তেওঁলোকৰ ভাগ্য ৷ কিন্তু এইবাৰ সমষ্টিটোত নোটাৰ বুটাম টিপা ভোটাৰৰ সংখ্যা বৃদ্ধি হ'ব নেকি ? এই সন্দৰ্ভত এক বিশ্লেষণাত্মক প্ৰতিবেদন ।

লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ নোটা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা
লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ নোটা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা (ETV BHARAT ASSAM TEAM)

By ETV Bharat Assamese Team

Published : May 2, 2024, 1:24 PM IST

Updated : May 2, 2024, 5:19 PM IST

লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ নোটা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা (ETV BHARAT ASSAM TEAM)

লখিমপুৰ, ২ মে' : লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ অসন্তুষ্ট ভোটাৰৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে বিগত ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত লখিমপুৰ সমষ্টিত পোন্ধৰ হেজাৰোধিক ভোটাৰে নোটাৰ বুটাম টিপিছিল ।

ৰাজ্যত এইবাৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । এই নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'বলৈ মাজত মাথোঁ দুদিনমান বাকী আছে । ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত পাঁচটাকৈ মুঠ দহটা সমষ্টিত ভোটগ্রহণ সমাপ্ত হৈছে । অন্তিম পৰ্যায়ত চাৰিটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ সমাপ্ত হোৱা সমষ্টিকেইটাৰ ভিতৰত অন্যতম হৈছে ১২ নং লখিমপুৰ লোকসভা সমষ্টি । সমষ্টিটোত এইবাৰ মুঠ ৯ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । কংগ্রেছৰ উদয় শংকৰ হাজৰিকা, বিজেপিৰ প্ৰদান বৰুৱা, তৃণমূল কংগ্রেছৰ ঘনকান্ত চুতীয়া, চিপিআইৰ ধীৰেণ কছাৰী, এছইউচিআইৰ পল্লৱ পেগু, ভিপিআইৰ বীৰেণ বাইলুংআৰু নিৰ্দলীয় প্রার্থী গোবিন বিশ্বকৰ্মা, দেৱনাথ পাইট আৰু বিক্ৰম ৰামচিয়াৰী । এইসকল প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে ষ্ট্ৰংৰূমত আবদ্ধ হৈ আছে ।

দলীয় অথবা নিৰ্দলীয় প্রার্থীসকলে নিজা কৌশলেৰে নিৰ্বাচনী যুঁজত জপিয়াই পৰি ভোটাৰক নিজৰ সপক্ষে আকৰ্ষিত কৰিবলৈ প্ৰস্তুতি চলাইছিল । পিচে প্রার্থীসকলৰ অংকত এইবাৰ অসন্তুষ্ট ভোটাৰে আউল লগোৱাৰ সম্ভাৱনা আছে । সমষ্টিটোত এইবাৰ অসন্তুষ্ট ভোটাৰৰ সংখ্যাধিক্য হোৱাৰ সম্ভাৱনা আছে । বিগত নিৰ্বাচনত তেনে এক প্ৰতিচ্ছবি প্ৰকাশ পাইছিল ৷

২০১৯-ৰ নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিত ১৫ হেজাৰ ২২০ জন ভোটাৰে এজনো প্রার্থীক পচন্দ নকৰি নোটাৰ বুটাম টিপিছিল । উক্ত নিৰ্বাচনত ১১ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু পোন্ধৰ হেজাৰোধিক ভোটাৰে তাৰে ভিতৰত এজনো প্রার্থীক পচন্দ নকৰি নোটাৰ বুটাম টিপিছিল । সেই সময়ত সৰ্বাধিক নোটাৰ বুটাম টিপা ভোটাৰ আছিল ডুমডুমা বিধানসভা সমষ্টিত ।

সমষ্টিটোত ৩ হেজাৰ ১৪০ গৰাকী ভোটাৰে নোটাৰ বুটাম টিপিছিল । দ্বিতীয় স্থানত আছিল চাবুৱা সমষ্টি । চাবুৱা সমষ্টিত ২ হেজাৰ ৬৪৫ গৰাকী ভোটাৰে নোটাৰ বুটাম টিপিছিল । আন সমষ্টিসমূহৰ ভিতৰত মাজুলীত ৯৯১ গৰাকী, নাওবৈচাত ১ হেজাৰ ৪২৬ গৰাকী, লখিমপুৰ সমষ্টিত ১ হেজাৰ ২১৯ গৰাকী, ঢকুৱাখনা সমষ্টিত ১ হেজাৰ ১২২ গৰাকী, ধেমাজি সমষ্টিত ১ হেজাৰ ২৫৯ গৰাকী, জোনাই সমষ্টিত ১ হেজাৰ ৫৫৮ গৰাকী, শদিয়া সমষ্টিত ১ হেজাৰ ৮২৭ গৰাকী ভোটাৰে নোটাৰ বুটাম টিপিছিল ।

পোষ্টেল বেলটযোগেও নোটাত ভোট দিছিল ৩৩ গৰাকী ভোটাৰে । এই পৰিসংখ্যাই সেই নিৰ্বাচনত অসন্তুষ্ট ভোটাৰৰ মনোভাবৰ উমান দিছিল । উল্লেখ্য, উক্ত নিৰ্বাচনত কিন্তু বিজেপি অথবা কংগ্রেছ দলৰ প্ৰাৰ্থীক লৈ বৰ বিশেষ একো দলীয় অন্তঃদ্বন্দ্ব দেখা দিয়া নাছিল । তথাপি পোন্ধৰ হেজাৰোধিক ভোটাৰে তেওঁলোকক পচন্দ কৰা নাছিল ।

এইবাৰ সদ্যসমাপ্ত নিৰ্বাচনত কিন্তু বিশেষকৈ দলীয় প্রার্থীক লৈ মুকলিকৈ একাংশ ভোটাৰে অসন্তুষ্টি প্ৰকাশ কৰিছিল । বিজেপিৰ প্রার্থীগৰাকীৰ বিগত কাৰ্যকালত বিশেষ কোনো তৎপৰতা নথকা বুলি চৰ্চা কৰাৰ সমানে ন-কংগ্রেছী প্রার্থীগৰাকীক লৈও দলৰ ভিতৰে-বাহিৰে চৰ্চা চলিছিল । যাৰ বাবে একাংশ ভোটাৰে মূলতে মূল দুই প্ৰতিদ্বন্দ্বী দলৰ প্ৰাৰ্থী দুজনক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ সম্ভাৱনা সৰহ । সেইসকল অসন্তুষ্ট ভোটাৰে নোটাৰ বুটাম টিপাৰ সম্ভাৱনা আছে ।

বাস্তৱত সেয়া হ'বলৈ হ'লে এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত নোটাৰ বুটাম টিপা ভোটাৰৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে । যিয়ে প্রার্থীসকলে নিৰ্বাচনী বিজয়ৰ বাবে কৰি থকা অংকত আউল লগাব পাৰে । এই সম্ভাৱনা অহা চাৰি জুনৰ ভোট গণনাত স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক :বঙাইগাঁৱত ফণী ভূষণ চৌধুৰীৰ হৈ বিজেপি-অগপ দলৰ মেগা ৰোড শ্ব’ - Bongaigaon Ajp Bjp Road Show

Last Updated : May 2, 2024, 5:19 PM IST

ABOUT THE AUTHOR

...view details