অসম

assam

ৰাজ্য চৰকাৰৰ চাৰিটা বিভাগৰ বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছে ৬২৭ টা প্ৰকল্প - Incomplete project of Assam Govt

By ETV Bharat Assamese Team

Published : 5 hours ago

Latest Finance Department report : প্রকল্প ৰূপায়ণৰ লেহেমীয়া গতিৰ ফলত নিৰ্মাণৰ গুণগত মানৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে অর্থনৈতিক উন্নয়নতো সৃষ্টি কৰে বাধাৰ । বিনিয়োগ হোৱা ৫,৯৫৮.০৭ কোটি টকাৰ বিপৰীতে কাম সম্পূৰ্ণ হৈছে ২,৯৬৪.৭০ কোটি টকাৰ । লোক নিৰ্মাণ বিভাগত অসম্পূৰ্ণ হৈ আছে সৰ্বাধিক ৩৫৯ টা প্ৰকল্প । বিত্ত বিভাগৰ শেহতীয়া প্ৰতিবেদনৰ ওলাল ভয়ংকৰ তথ্য ।

Incomplete 627 projects in the four department of Assam
বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছে ৬২৭ টা প্ৰকল্প (ETV Bharat Assam)

গুৱাহাটী, ২২ ছেপ্টেম্বৰ:ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি আৰু প্ৰকল্পসমূহৰ সময়মতে ৰূপায়ণ নোহোৱাটো তথা লেহেমীয়া গতিয়ে ৰাজ্যখনৰ উন্নয়ন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে । লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰৰ বহু প্রকল্প বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ পৰি ৰৈছে । ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে ৰাজ্যখনৰ উন্নয়ন প্ৰক্ৰিয়াত ।

অসম চৰকাৰৰ বিত্ত বিভাগৰ শেহতীয়া এক প্ৰতিবেদনত এই বিষয়ে উল্লেখ কৰা হৈছে । বিগত ২০১৩-১৪ বিত্তীয় বৰ্ষৰ পৰা ধৰিলেও বিভিন্ন বিভাগৰ ছয় শতাধিক সৰু-ডাঙৰ প্ৰকল্প বৰ্তমানলৈকে সম্পূৰ্ণ নহ'ল । বিভাগৰ শেহতীয়া প্রতিবেদনত উল্লেখ কৰা অনুসৰি প্রকল্প ৰূপায়ণৰ লেহেমীয়া গতিৰ ফলত কেৱল যে নিৰ্মাণৰ গুণগত মানৰ ওপৰতে প্ৰভাৱ পৰে তেনে নহয় তাৰ লগতে অর্থনৈতিক উন্নয়নতো বাধাৰ সৃষ্টি কৰে ।

সৰ্বাধিক অসম্পূর্ণ প্রকল্প থকা বিভাগটো হৈছে লোক নিৰ্মাণ বিভাগ (ETV Bharat Assam)

বিভাগৰ তথ্য অনুসৰি, উক্ত সময়ছোৱাত অসম্পূৰ্ণ হৈ থকা প্ৰকল্পসমূহ চাৰিটা বিভাগৰ অন্তৰ্গত । বিভাগকেইটা হৈছে জলসিঞ্চন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগ । এই বিভাগ কেইটাৰ অসম্পূৰ্ণ প্ৰকল্পৰ সংখ্যা হ'ল ৬২৭টা ।

প্ৰকল্পসমূহৰ বিপৰীতে বিনিয়োগ :

অসম্পূৰ্ণ বৃহৎ সংখ্যক প্ৰকল্পৰ বিপৰীতে বিনিয়োগ হৈ থকা ধনৰ পৰিমাণ হৈছে ৫,৯৫৮.০৭ কোটি টকা । ইয়াৰ বিপৰীতে কাম সম্পূৰ্ণ হৈছে ২,৯৬৪.৭০ কোটি টকাৰ । অৰ্থাৎ প্রায় ২,৯৯৩.৩৭ কোটি টকাৰ কাম অসম্পূৰ্ণ হৈ পৰি ৰৈছে ।

লোক নিৰ্মাণ বিভাগ :

সৰ্বাধিক অসম্পূর্ণ প্রকল্প থকা বিভাগটো হৈছে লোক নিৰ্মাণ বিভাগ । বিভাগটোৰ ৩৫৯ টা প্ৰকল্প অসম্পূৰ্ণ হৈ আছে । এই বৃহৎ সংখ্যক অসম্পূর্ণ প্ৰকল্পৰ বিপৰীতে বিনিয়োগ হৈ থকা পুঁজিৰ পৰিমাণ হৈছে ৪,৯০৯.১৮ কোটি টকা ।

বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছে ৬২৭ টা প্ৰকল্প (ETV Bharat)

জনস্বাস্থ্য কাৰিকৰী বিভাগ :

অসম্পূৰ্ণ প্ৰকল্পৰ সংখ্যাৰে দ্বিতীয় স্থানত আছে জনস্বাস্থ্য কাৰিকৰী বিভাগ । বিভাগটোৰ ২৪৩ টা প্ৰকল্প অসম্পূৰ্ণ হৈ আছে আৰু ইয়াৰ বিপৰীতে বিনিয়োগ হৈ থকা পুঁজিৰ পৰিমাণ হৈছে ৭৭২.১৮ কোটি টকা ।

জলসম্পদ আৰু জলসিঞ্চন বিভাগ :

জলসম্পদ বিভাগৰ ১৪ টা আৰু জলসিঞ্চন বিভাগৰ ১১টা প্ৰকল্প অসম্পূৰ্ণ হৈ আছে । জলসম্পদ বিভাগৰ অসম্পূৰ্ণ প্ৰকল্পকেইটাৰ বিপৰীতে ১৮৮.৬৫ কোটি টকা আৰু জলসিঞ্চন বিভাগৰ অসম্পূৰ্ণ প্ৰকল্প কেইটাৰ বিপৰীতে ৮৯.০৬ কোটি টকা বিনিয়োগ হৈ আছে ।

ৰাজহুৱা ধনৰ অপচয় :

এক কথাত ক'বলৈ গ'লে এনেদৰেই ৰাজহুৱা ধনৰ অপচয় হৈছে । অথচ চৰকাৰে উন্নয়নমূলক কামৰ নামত ঋণৰ ওপৰত ঋণ লৈয়েই আছে । তাৰ বিপৰীতে দশক দশক ধৰি অসম্পূৰ্ণ হৈ ৰৈছে এটাৰ পাচত আনটো প্ৰকল্প । লক্ষণীয় বিষয়টো হৈছে যে উন্নয়নৰ নামত গ্রহণ কৰা ঋণৰ এটা বৃহৎ অংশ চৰকাৰে ব্যয় কৰি আহিছে পূৰ্বৰ ঋণৰ ধন ঘূৰাই দিয়া অথবা সুত পৰিশোধ কৰাৰ নামত ।

অসম্পূৰ্ণ প্ৰকল্পবোৰৰ সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে সোনকালে এই প্রকল্পবোৰৰ কাম শেষ কৰাটো জৰুৰী । অত্যধিক সময়ৰ প্ৰয়োজন হোৱাত ব্যয়ৰ পৰিমাণো বৃদ্ধি হৈ গৈ আছে ।

লক্ষণীয় বিষয় যে, এইবোৰ প্ৰকল্প হ'ল ৰাজ্য চৰকাৰৰ নিজা আৰু কেন্দ্ৰৰ সহযোগত ৰাজ্যই ৰূপায়ণ কৰি থকা প্রকল্প । কেন্দ্ৰীয় চৰকাৰৰ নিজা প্ৰকল্পবোৰৰো বেছিভাগৰে একে দশা হৈছে । যাৰ বাবে কামবোৰ দিল্লীৰ চৰকাৰে সঘনে অসম চৰকাৰক সকীয়াই দি আহিছে ।

লগতে পঢ়ক:চোৰাং চিকাৰী নহয়, অসমৰ গঁড়ৰ সমুখত আহিছে আন এক ভয়ংকৰ বিপদ - Assam famed one horned rhinos

লগতে পঢ়ক:শিক্ষাবৰ্ষৰ ছমাহ পাছতো যোগান ধৰা নাই মূল্যায়ন-অভ্যসন বহী - Education Department of Assam

ABOUT THE AUTHOR

...view details