অসম

assam

কালৰূপী বানত শিশুসহ ১১ জনৰ মৃত্যু, দহখন জিলাৰ ছয় লক্ষাধিক লোক ক্ষতিগ্ৰস্ত - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 1:46 PM IST

Flood in Assam : বাৰিষাৰ প্ৰথমটো বানত ৰাজ্যত বিস্তৰ ক্ষতি । বৰাকত অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি । ভয়াৱহ বানত প্ৰাণ গ'ল এঘাৰ জন লোকৰ । বানৰ কৱলত দহখন জিলা । ৰাজ্যৰ ৬ লক্ষাধিক লোকে ককবকাইছে বানৰ কৱলত । সম্পূৰ্ণ তথ্য জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Including children 11 people died in flood and over six lakh people affected in 10 districts
কালৰূপী বানত শিশুসহ ১১ জনৰ মৃত্যু (ETV Bharat Assam)

গুৱাহাটী, ২ জুন :বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যত ত্রাসৰ সৃষ্টি কৰিছে । বিশেষকৈ বৰাকৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । সেইদৰে নগাঁও জিলাৰ বান পৰিস্থিতিও উদ্বেগজনক হৈ পৰিছে । বৰ্তমান সময়ত ৰাজ্যৰ ‍১০ খনকৈ জিলা বানৰ কবলত আছে । ৰাজ্যৰ নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাত প্লাবিত হৈছে বিভিন্ন জিলা আৰু নতুন নতুন অঞ্চল ।

এই পৰ্যন্ত বানত ১১ জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই । বৰ্তমান ৰাজ্যৰ ১০ খন জিলা বানৰ কৱলত পৰিছে আৰু ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । তথ্য মতে কপিলী, বৰাক আৰু কুচিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

দহখন জিলাৰ ছয় লক্ষাধিক লোক ক্ষতিগ্ৰস্ত (ETV Bharat Assam)

ভয়াৱহ বানত প্ৰাণ গ'ল এঘাৰ জন লোকৰ :

প্ৰলয়ৰ সৃষ্টি কৰা ভয়াৱহ বানত এই পৰ্যন্ত এঘাৰ জন লোকৰ মৃত্যু হৈছে । শেহতীয়াকৈ তিনিজন লোকৰ মৃত্যু হৈছে আৰু পূৰ্বে আঠজনৰ মৃত্যু হৈছিল । শেহতীয়াকৈ বানত হাইলাকান্দি আৰু কৰিমগঞ্জত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কাছাৰত এটি শিশুৰ মৃত্যু হৈছে । ইয়াৰ পূৰ্বে কৰিমগঞ্জ জিলাত শিশুসহ তিনিজনৰ মৃত্যু হৈছিল । সেইদৰে হাইলাকান্দি জিলাত শিশুসহ দুজনৰ মৃত্যু হৈছিল ।

আনহাতে পশ্চিম কাৰ্বি আংলং জিলাত এজনৰ মৃত্যু হৈছিল । ইয়াৰ পূৰ্বে হাইলাকান্দি জিলাৰ লালাৰ এজন আৰু কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰৰ এজন লোকৰ মৃত্যু হৈছিল ।

বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যত ত্রাসৰ সৃষ্টি কৰিছে (ETV Bharat Assam)

বানৰ কবলত দহখন জিলা :

বৰ্তমান বানৰ কবলত আছে ৰাজ্যৰ ১০ খনকৈ জিলা । হোজাই, কাছাৰ, কৰিমগঞ্জ, ডিব্ৰুগড়, নগাঁও, মৰিগাঁও, হাইলাকান্দি, গোলাঘাট, পশ্চিম কাৰ্বি আংলং আৰু ডিমা-হাচাও জিলা ভয়াৱহ বানৰ কবলত পৰিছে । বানাক্ৰান্ত ১০ খন জিলাৰ ২৫ টা ৰাজহ চক্ৰৰ ৫৯৭ খন গাঁও বৰ্তমান বানৰ কবলত আছে । ইয়াৰ ভিতৰত সৰ্বাধিক কাছাৰ জিলাৰ ১৮৩ খন, কৰিমগঞ্জ জিলাৰ ১৪৭ খন আৰু নগাঁও জিলাৰ ১৪৭ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ।

বানৰ কবলত ৰাজ্যৰ ৬ লক্ষাধিক লোক :

ৰাজ্যৰ ১০ খন জিলাৰ ৬,০১,৬৪২ গৰাকী লোক ভয়াৱহ বানৰ কবলত পৰিছে । ইয়াৰ ভিতৰত ২,৪২,৫৩৭ জন পুৰুষ, ২,০২,৮৭০ গৰাকী মহিলা আৰু ১,৫৬,২৩৫ টি শিশু আছে । আনহাতে নগাঁও জিলাত সৰ্বাধিক ২,৭৯,৩৪৫ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে । জিলাখনৰ ১,০০,৬৩২ জন পুৰুষ আৰু ৭৩,৩০২ গৰাকী মহিলা আৰু ১,০৫,৪১১ টি শিশু বানৰ কবলত পৰিছে ।

ভয়াৱহ বানত প্ৰাণ গ'ল এঘাৰ জন লোকৰ (ETV Bharat Assam)

বানত ক‍াছাৰ জিলাৰ ১,১২,২৬৫ গৰাকী, ডিমা-হাচাওৰ ৩৩১ গৰাকী, হাইলাকান্দিৰ ২৪,৫২৬ গৰাকী, হোজাইৰ ১,২৬,৮১৩ গৰাকী, পশ্চিম কাৰ্বি আংলং জিলাৰ ৮,৮৫৬ গৰাকী, কৰিমগঞ্জ জিলাৰ ৪৫,৪২৭ গৰাকী, ধেমাজিৰ ২৪২ গৰাকী আৰু ডিব্ৰুগড় জিলাৰ ৩৮৫৭ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ।

শস্যভূমিৰ বিস্তৰ ক্ষতি :

প্ৰলয়ৰ সৃষ্টি কৰা বানত এতিয়াও ১০ খন জিলাৰ ৪৮৭৯ হেক্টৰ কৃষিভূমি প্লাৱিত হৈ আছে । ইয়াৰ ভিতৰত নগাঁও জিলাৰ সৰ্বাধিক ২,৯৫৯ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বানত ক্ষতিগ্ৰস্ত হৈছে হোজাই জিলাৰ ১,২৩১ হেক্টৰ আৰু কৰিমগঞ্জ জিলাৰ ৫০৭ হেক্টৰ কৃষিভূমি ।

সাহায্য আৰু আশ্ৰয় শিবিৰ :

বান প্ৰভাৱিত ৰাজ্যৰ ১০ খন জিলাত ২৮৩ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । ইয়াৰে কাছাৰ জিলা সৰ্বাধিক ১০৭ টা, কৰিমগঞ্জ জিলাত ২৮ টা, হাইলাকান্দি জিলাত ৫২ টা, ডিমা-হাচাও জিলাত ৪ টা, নগাঁও জিলাত ৫৪ টা আৰু পশ্চিম কাৰ্বি আংলং জিলাত এটা, হাইলাকান্দি জিলাত ৭ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । এই শিবিৰত আশ্ৰয় লৈ আছে ৪১,৫৬৪ গৰাকী লোকে ।

ইয়াৰ ভিতৰত ১১০ গৰাকী গৰ্ভাৱতী মহিলা আৰু ১৬ জন বিশেষভাৱে সক্ষম লোক আছে । আনহাতে আশ্ৰয় শিবিৰত ১৭,৯৪০ জন পুৰুষ, ১৫,১৮১ গৰাকী মহিলা আৰু ৮,২৫২ টি শিশু আছে । কাছাৰ জিলাৰ সৰ্বাধিক ১৯,২৮৬ জন লোক আশ্ৰয় শিবিৰত আছে । ইফালে সাহায্য সামগ্ৰী বিতৰণৰ বাবে স্থাপন কৰা শিবিৰত আছে ১,৩৯,৮৬১ জন লোক ।

বানত ক্ষতিগ্ৰস্ত পশুধন :

বানৰ কবলত পৰা ৰাজ্যৰ ১০ খন জিলাত ২,০২,৯২৫ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত ৬৭,৬৫২ টা ডাঙৰ প্ৰজাতিৰ আৰু ৩৬,৯৯০ টা সৰু প্ৰজাতিৰ পশুধন । সেইদৰে পলিট্ৰি ফাৰ্মিঙৰ ৯৮,২৮৩ টা পশুধন বানত ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে হোজাই জিলাত সৰ্বাধিক ১১,৬২৪ টা পশুধন বানত ক্ষতিগ্ৰস্ত হৈছে । অৱশ্যে এতিয়ালৈকে বানৰ পশুধনৰ মৃত্যু হোৱাৰ বাতৰি অহা নাই ।

বানৰ ৰাজ্যৰ বিস্তৰ ক্ষয়ক্ষতি :

বাৰিষাৰ প্ৰথমটো বানত শেহতীয়াকৈ ধ্বংস হৈছে ৪,৩৭৫ টা কেঁচা ঘৰ । আনহাতে প্ৰলয়ংকাৰী বানত শেহতীয়াকৈ ২৭ টা পথ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত কাছাৰ জিলাত ৮ টা, হাইলাকান্দি জিলাৰ ৬ টা, কৰিমগঞ্জ জিলাৰ ৮ টা আৰু নগাঁও জিলাৰ ৫ টা পথ ক্ষতিগ্ৰস্ত হৈছে । সেইদৰে শেহতীয়াকৈ বানত পশ্চিম কাৰ্বি আংলং জিল‍ত এটা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে । বান প্ৰভাৱিত জিলাসমূহত বিভিন্ন আন্তঃগাঠনিৰো ব্যাপক ক্ষতিসাধন হৈছে । বিশেষকৈ শিক্ষানুষ্ঠান, বিদ্যুতৰ খুঁট‍া আদিৰ ব্যাপক ক্ষতিসাধন হৈছে ।

উদ্ধাৰ অভিযান :

বানাক্ৰান্ত ৰাইজক সহায় আৰু উদ্ধাৰ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । উদ্ধাৰ অভিযানৰ বাবে নিয়োজিত কৰা হৈছে অতিৰিক্ত বাহিনী । এছ ডি আৰ এফ, এন ডি আৰ এফ, আৰক্ষী, অগ্নি আৰু আপাতকালীন সেৱা, স্থানীয় প্ৰশাসন আৰু চিভিল ডিফেন্সকে ধৰি বিভিন্ন সংস্থা উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে । সেইদৰে নিয়োজিত হৈ আছে চিকিৎসা সেৱা প্ৰদানৰ দলো ।

নাৱেৰে ইতিমধ্যে সহস্ৰাধিক লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিয়া হৈছে । বান প্ৰভাৱিত লোকৰ মাজত শেহতীয়াকৈ ২,৭৪৭ কুইণ্টল চাউল, ৫০৯ কুইণ্টল দাইল, ১৫৪ কুইণ্টল নিমখ আৰু ১০,২০৭ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে । সেইদৰে শিশুৰ বাবেও খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছে । আনহাতে পশুধনৰ বাবেও খাদ্যৰ যোগান ধৰা হৈছে বুলি জাানিবলৈ দিয়ে ।

লগতে পঢ়ক:শীঘ্ৰেই নিয়ন্ত্ৰণলৈ আহিব কপিলীয়ে সৃষ্টি কৰা বানৰ প্ৰকোপ - Assam Flood 2024

জয়ী হ'লে বানত ক্ষতিগ্ৰস্তক সকলো প্ৰকাৰে সহায় কৰিব প্ৰদ্যুৎ বৰদলৈয়ে - Assam Flood 2024

বানৰ প্ৰলয়; এতিয়ালৈকে ৮ জনৰ মৃত্যু, প্ৰভাৱিত তিনি লক্ষাধিক লোক - Assam Flood 2024

ABOUT THE AUTHOR

...view details