অসম

assam

ETV Bharat / state

মহকুমা অতীত হ'ল: সমজিলাৰে ভৰি পৰিল সমগ্ৰ অসম - Equal District in Assam

Equal District : ৰাজ্য়ত সমজিলাৰ সূচনা । অসমত বিলুপ্ত হ'ল মহকুমা । প্ৰশাসনিক সংস্কাৰৰ অৰ্থে ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ ৷

By ETV Bharat Assamese Team

Published : 4 hours ago

Equal District
মহকুমা অতীত হ'ল: সমজিলাৰে ভৰি পৰিল সমগ্ৰ অসম (ETV Bharat Assam)

নিউজ ডেস্ক, ৪ অক্টোবৰ :আজিৰে পৰা অসমত নাথাকে মহকুমা । ইয়াৰ পৰিবৰ্তে ৰাজ্যত সমজিলা গঠন কৰা হয় । সমগ্ৰ দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে প্ৰশাসনিক ক্ষেত্ৰত ব্যাপক সংস্কাৰ সাধনৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে সমজিলা গঠনৰ পদক্ষেপ । শুক্ৰবাৰে কেইবাখনো জিলাত সমজিলা গঠন কৰে কেইবাগৰাকী মন্ত্ৰীয়ে ।

সমজিলা হ'ল ৰঙিয়া

আজিৰ পৰা মহকুমাৰ সলনি সমজিলা হ'ল ৰঙিয়া । কেইবা দশকজোৰা পূৰ্ণাংগ জিলা গঠনৰ আন্দোলনৰ পিছত সমজিলাৰ স্বীকৃতি লাভ কৰিলে ৰঙিয়াই । শুক্ৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৰঙিয়া সমজিলাৰ কাৰ্যালয় । উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰে বিধানসভা সমষ্টিভিত্তিত গ্ৰহণ কৰা সমজিলা গঠনৰ পদক্ষেপে প্ৰশাসনক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়াৰ আশা প্ৰকাশ অভিভাৱক মন্ত্ৰী পাটোৱাৰীৰ । সমজিলা গঠনৰ জৰিয়তে ভূমি, ৰাজহ, দুৰ্যোগ প্ৰশমনকে ধৰি বিভিন্ন বিভাগীয় কাম-কাজ অধিক তৰান্বিত কৰি তুলিব বুলিও উল্লেখ কৰে মন্ত্ৰী পাটোৱাৰীয়ে ।

মহকুমা অতীত হ'ল: সমজিলাৰে ভৰি পৰিল সমগ্ৰ অসম (ETV Bharat Assam)

আনহাতে, একেটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সমজিলা গঠনৰ জৰিয়তে ৰঙিয়াক অধিক উন্নয়নমুখী কৰি তুলিব বুলি মন্তব্য় কৰে । সমজিলা গঠনৰ জৰিয়তে বিধায়ক পুঁজিৰ ধনকে ধৰি বিভিন্ন শিতানৰ ধন মুকলি হোৱাত অধিক সহায়ক হ'ব বুলি উল্লেখ কৰে ভৱেশ কলিতাই । জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি ভাষণৰে শুভাৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সাংসদ দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাও ভাষণ আগবঢ়ায় ।

কলিয়াবৰ জিলা হোৱাৰ পথত আৰু এখোজ

নগাঁও জিলাৰ কলিয়াবৰ সমজিলা এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই ।

নগাঁও জিলা প্ৰশাসনে মাঙ্গলিক কাৰ্যসূচীৰে আয়োজন কৰা কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত কলিয়াবৰীয়া ৰাইজৰ উপৰি বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকলৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে। সমজিলাৰ ধাৰণাৰে প্ৰশাসনীয় সংস্কাৰক নতুন গতি দিবলৈ সমষ্টি ভিত্তিত গঠন কৰা এই সমজিলাৰ কাম কাজ সমূহ এতিয়াৰে পৰা কলিয়াবৰত পূৰ্বৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হ'ব ।

কৰিমগঞ্জত দুখন সমজিলা

কৰিমগঞ্জতো নতুনকৈ ৰামকৃষ্ণ নগৰ আৰু পাথাৰকান্দি নামেৰে দুখন সমজিলা গঠন কৰা হয় । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰামকৃষ্ণ নগৰত সমজিলাখনৰ কাৰ্যালয় ভৱনৰ উদ্বোধন কৰে ।

অসমৰ বাবে ঐতিহাসিক দিন

আজিৰে পৰা তিতাবৰ মহকুমাৰ বিপৰীতে হ'ব তিতাবৰ সমজিলা । জিলা সদৰৰ দৰে এতিয়াৰ পৰা তিতাবৰ সমজিলাতে কৰিব পাৰিব বহু কাম কাজ । মহকুমা ব্যৱস্থাৰ পৰিৱৰ্তে আনুষ্ঠানিকভাৱে তিতাবৰ সমজিলা শুভ উদ্বোধন কৰে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা বিত্তমন্ত্ৰী অজন্তা নেওগে । সমজিলা শুভাৰম্ভনি কৰি বিত্তমন্ত্ৰী অজন্তা নেওগ কয়," আজি সমগ্ৰ অসমৰ কাৰণে এক শুভ আৰু ঐতিহাসিক দিন । কাৰণ স্বাধীনতা ৭৫ বছৰ পাৰ হৈছে,আজি যি বলিষ্ঠ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে তাৰ বাবে তেওঁ সতীৰ্থ হিচাপে মই তেওঁক অভিনন্দন জ্ঞাপন কৰিছে । সমজিলাই সমষ্টিবাসীৰ যি আশা-আকাংক্ষা আছে সেয়া খৰটকীয়া কৰি তুলিব । সমজিলাত এজন অতিৰিক্ত আয়ুক্ত থাকিব । "উক্ত অনুষ্ঠানত উপস্থিত থাকে তিতাবৰ ,মৰিয়নীৰ বিধায়কৰ লগতে যোৰহাট জিলা আয়ুক্ত,আৰক্ষী অধীক্ষক উপস্থিত থাকে ।

শোণিতপুৰৰ দুটা বিধানসভা সমষ্টিত সমজিলা মুকলি

শোণিতপুৰ জিলাৰ পূব আৰু পশ্চিমে জিলাখনৰ কাৰ্যকলাপ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ চতিয়া সমষ্টিৰ নদুৱাৰত প্ৰথমখন সমজিলা মুকলি কৰিলে জলসম্পদ আৰু সংসদীয় বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই । আনহাতে, ৫ অক্টোবৰত জিলাখনৰ ঢেকীয়াজুলি সমষ্টিত সমজিলাৰ মুকলি কৰা হ'ব । চতিয়া সমষ্টিৰ নদুৱাৰৰ কুসুমতলাত আজিৰে পৰা থাকিব। শোণিতপুৰ জিলাৰ সমান্তৰালভাৱে বিশ্বনাথ জিলাৰ বিহালী আৰু গহপুৰতো আজি সমজিলা মুকলি কৰা হয় ।

সমজিলাৰ অধিকাৰ জোনাইবাসী ৰাইজৰ

জোনাই মহকুমাকো মুৰ্কংচেলেক মিছিং কৃষ্টি ভৱন প্ৰাংগণত এক সভাত আনুষ্ঠানিকভাৱে ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মহনে সমজিলা ঘোষণা কৰি কয়,"বতৰে তুলসীৰ পানী দিছে, এয়া শুভ লক্ষণ ৷ আমাৰ কাৰণে আজি ঐতিহাসিক দিন ৷ আজিৰ পৰা সমজিলা স্থাপনৰ লগে লগে সমজিলাৰ অন্তৰ্গত নাগৰিকসকলে ভূমি ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ণ আৰু জন কল্যাণমূলক আঁচনি ৰূপায়ন, প্ৰসাশনিক ক্ষমতা,দণ্ডাধিকাৰীয় ক্ষমতা,খাদ্য আৰু অসামৰিক যোগান,আৱকাৰী,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,দুৰ্যোগ ব্যৱস্থাপনা আদি সুবিধাসমূহ প্ৰত্যক্ষ ভাৱে লাভ কৰিব পাৰিব ।"

জাভিৰ ৰাহুল সুৰেশে আদৰণি ভাষণ আগবঢ়োৱা সভাত জোনাই বিধায়ক ভূৱন পেগুৱে কয়," অসমৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ প্ৰশাসনক জনসাধাৰণৰ কাষ চপাই নিয়াৰ উদ্দেশ্য প্ৰত্যেক সমষ্টিতে সমজিলা স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে নাগৰিকলৈ যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ দৃঢ় প্ৰচেষ্টা,প্ৰশাসনিক দক্ষতা বৃদ্ধি,নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাৰ উৎকৃষ্ট পদক্ষেপ আদি লক্ষ্যৰে অসম চৰকাৰে সমজিলা ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।"

জামুগুৰিহাটৰ কুসুমটোলাত মন্ত্ৰী পীযুষ হাজৰীকা

নদুৱাৰ সমজিলাৰ শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা । সমজিলা পোৱাক লৈ জামুগুৰিবাসী ৰাইজৰ মাজত আনন্দৰ বন্যা বৈছে । সমজিলা ঘোষণা অনুষ্ঠানৰ অন্তত মন্ত্ৰী পীযুষ হাজৰীকাই সমজিলা ঘোষণাই ৰাইজ আৰু প্ৰশাসনৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব বুলি উল্লেখ কৰে ।

লগতে বিহালী উপ-নিৰ্বাচনত দৃঢ়ভাৱে জিকিব বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে অৰ্জুনৰ ভূমিকা ল’ব বুলি কোৱা প্ৰসংগত কয়," যিসকলে হিন্দু সংস্কৃতিক বাৰে বাৰে অপমান কৰে তেওঁলোকে ভাৰতীয় সংস্কৃতিক নিজৰ স্বাৰ্থৰ কাৰণে লোৱাতো ভাল কথা নহয় ।" আনহাতে,অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈ স্বীকৃতি দিয়াতো অত্যন্ত সুখী বুলি মন্তব্য কৰে ৷ উক্ত অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা,জিলা আয়ুক্ত,জিলা আৰক্ষী অধীক্ষক উপস্থিত হয় ।

বিশ্বনাথত দুখনকৈ সমজিলা

প্ৰশাসনিক সংস্কাৰ সাধন কৰাৰ উদ্দেশ্যে অসমৰ প্ৰশাসনিক খণ্ডৰ নৱতম সংযোজন বিহালী সমজিলা আৰু গহপুৰ সমজিলা দুখনো আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় । মন্ত্ৰী পীযুষ হাজৰীকাই আজি বিহালী সমজিলাখনৰ সমআয়ুক্তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে । ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে বিহালী সমজিলাৰ সদৰ বৰগাঙত ৰংগমঞ্চত শুভ উদ্বোধনী সভা সম্বোধন কৰে ।

বিহালী সমজিলাৰ শুভ উদ্বোধনী অনুষ্ঠানত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য,প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা,আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা উপস্থিত থাকে । আনহাতে,গহপুৰ সমজিলাখনিৰো আজি শুভ উদ্বোধন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই । গহপুৰ সমজিলাৰ শুভ উদ্বোধন কৰি গহপুৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত শুভ উদ্বোধনী সভাখনি সম্বোধন কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয়,"এই সমজিলাই জনসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই আনিব আৰু এই সমজিলাৰ জৰিয়তে জনসাধাৰণে সকলো ধৰণৰ প্ৰশাসনিক কাম কাজ সমাপন কৰিবলৈ সক্ষম হ'ব ।"

বেদেতী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস :
বিশ্বনাথ জিলাৰ অন্তৰ্গত বৃহত্তৰ বেদেতী অঞ্চলৰ শৈক্ষিক পৰিৱেশ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বেদেতীত স্থাপন হ'বলগা বেদেতী আদৰ্শ স্নাতক মহাবিদ্যালয়খনিৰ আজি শিলান্যাস কৰে অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

লগতে পঢ়ক:সমজিলা : ইয়াৰ বৈশিষ্ট্য আৰু নাগৰিকে লাভ কৰিবলগীয়া সেৱাসমূহ - Equal District in Assam

অসমৰ ৩৯ টা বিধানসভা সমষ্টিত ৪-৫ অক্টোবৰত গঠিত হ'ব সমজিলা : মুখ্যমন্ত্রী - Equal District in Assam

ABOUT THE AUTHOR

...view details