গুৱাহাটী: কৃষকক সকাহ প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এখন অভিলাষী আঁচনি হৈছে ‘‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’’ আঁচনি । এই আঁচনিৰ অধীনত কৃষকসকলে প্ৰতি বছৰে ছয় হাজাৰ টকাৰ সাহায্য লাভ কৰে । এই নগদ ধন কৃষকসকলৰ বেংক একাউণ্টত কিস্তি হিচাপত পোনপটীয়াকৈ জমা হয় ।
প্ৰতি চাৰি মাহত এবাৰকৈ ধন কৃষকসকলৰ একাউণ্টত জমা হয় । কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিখন ৰূপায়ণৰ বেলিকা অসমত ব্যাপক দুৰ্নীতি-অনিয়ম হৈছে । ভুৱা কৃষকৰ নামত লুণ্ঠন কৰা হৈছিল কোটি কোটি টকা । প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি বা পি এম কিষাণ আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা কেলেংকাৰি ‘কেগ’ৰ প্ৰতিবেদনতো উন্মোচিত হৈছিল ।
আঠ লক্ষাধিক ভুৱা কৃষকে ঘূৰাই দিয়া নাই আঁচনিৰ ধন : লক্ষণীয় বিষয় যে পি এম কিষাণ আঁচনিৰ জৰিয়তে ধন লাভ কৰা প্ৰতিগৰাকী অযোগ্য হিতাধিকাৰীকে ধন ঘূৰাই দিবলৈ আহ্বান জনোৱাৰ পাছতো আজিলৈকে অসমৰ ভুৱা কৃষকসকলে ধন ঘূৰাই দিয়া নাই । এতিয়ালৈকে ৰাজ্যখনৰ মাত্ৰ ২২৩৩ গৰাকী অযোগ্য হিতাধিকাৰীয়েহে ধন ঘূৰাই দিছে ।
কৃষি বিভাগৰ যুটীয়া সঞ্চালক পৰ্যায়ৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি অসমৰ ৩৩খন জিলাৰ মুঠ ৮ লাখ ৪৪ হাজাৰ ৬৭২ গৰাকী ভুৱা কৃষকে উক্ত আঁচনিৰ অধীনত সৰকাইছিল মুঠ ৫৬৭ কোটি ৪১ লাখ ৪৬ হাজাৰ টকা । কিন্তু উক্ত ধনৰ ভিতৰত মাত্ৰ ১ কোটি ৩৭ লাখ ২৭ হাজাৰ ৯৫ টকাহে ভুৱা কৃষক সকলে চৰকাৰক ঘূৰাই দিছে । অর্থাৎ শতকৰা হিচাপত মাত্ৰ ০.২৪ শতাংশ ধনহে চৰকাৰে ঘূৰাই পাইছে ।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি (ETV Bharat Assam) বিষয়াগৰাকীয়ে জনোৱা মতে, বর্তমান ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া কাৰিকৰী কাৰণত সাময়িকভাৱে বন্ধ হৈ আছে যদিও শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ধন ঘূৰাই লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব । উক্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগেই প্ৰতিগৰাকী ভুৱা কৃষকেই ধন ঘূৰাই দিব লাগিব ।
জিলাভিত্তিক সাজু ভুৱা কৃষকৰ তালিকা : কৃষি বিভাগে ইতিমধ্যে জিলাই জিলাই ভুৱা হিতাধিকাৰীৰ তালিকা সাজু কৰি উলিয়াইছে । সেই অনুসৰি ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক ভুৱা কৃষক ওলাইছে বৰপেটা জিলাত । জিলাখনত ভুৱা হিতাধিকাৰীৰ সংখ্যা ২ লাখ ৩ হাজাৰ ৮৩৯ গৰাকী । উক্ত ভুৱা কৃষকে মুঠ ৭৯ কোটি ৭৮ লাখ ৪৮ হাজাৰ টকা সৰকালে যদিও তেওঁলোকৰ ভিতৰত মাত্ৰ ৪০৮গৰাকী কৃষকেহে ১ কোটি ৪৭ লাখ ৮০০০ টকা ঘূৰাই দিছে ।
আনহাতে নগাঁও জিলাৰ ১ লাখ ১৬ হাজাৰ ৬৮গৰাকী ভুৱা কৃষকে মুঠ ১০৩ কোটি ৯৩ লাখ ২৮০০০ টকা সৰকালে যদিও তেওঁলোকৰ ভিতৰত মাত্ৰ ৩৮ গৰাকী কৃষকেহে ২ কোটি ৪৩ লাখ ৫০০ টকা ঘূৰাই দিছে । একেদৰে ধুবুৰী জিলাৰ ৬৮ হাজাৰ ৩১৮ গৰাকী ভুৱা কৃষকে মুঠ ২৪ কোটি ৭৫ লাখ ৬০০০ টকা সৰকালে যদিও এতিয়ালৈকে ৪৫ গৰাকী কৃষকেহে ১ লাখ ৭৮ হাজাৰ ২৮ টকা ঘূৰাই দিছে ।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি (ETV Bharat Assam) কামৰূপ জিলাৰ ৬৩ হাজাৰ ১১৩গৰাকী ভুৱা কৃষকে ৫০ কোটি ১১ লাখ ৪২ হাজাৰ টকা সৰকালে যদিও তেওঁলোকৰ ভিতৰত মাত্ৰ ৯৯ গৰাকী কৃষকেহে ৭ লাখ ৫৯ হাজাৰ ৯০ টকা ঘূৰাই দিছে । লখিমপুৰ জিলাৰ ভুৱা কৃষকৰ সংখ্যা হৈছে ৪৬৪১০গৰাকী । জিলাখনৰ ভুৱা কৃষকে ৩৮ কোটি ৮৮ লাখ ৭৮ হাজাৰ টকা সৰকালে যদিও তেওঁলোকৰ ভিতৰত মাত্ৰ ৭৯গৰাকী কৃষকেহে ৫ লাখ ৩৬ হাজাৰ টকা ঘূৰাই দিছে ।
মৰিগাঁও জিলাত ১০ কোটি ২৪ লাখ ৫৬ হাজাৰ টকা ৩০৩৮৯ গৰাকী ভুৱা কৃষকে সৰকালে যদিও মাত্ৰ ২৩ গৰাকী কৃষকেহে ১ লাখ ৭ হাজাৰ টকা ঘূৰাই দিছে । কাছাৰ জিলাত ৩০০৭৩ গৰাকী ভুৱা কৃষকে লাভ কৰিছিল ২৫ কোটি ৯৩ লাখ ৭ হাজাৰ টকা । ইয়াৰ ভিতৰত মাত্ৰ ৮৮ গৰাকী ভুৱা কৃষকে ঘূৰাই দিছে ৬৪৪৩২২ টকা ।
সেইদৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ২৫৭৯৯ গৰাকী ভুৱা কৃষকে ১১ কোটি ৫৫ লাখ ৫৮ হাজাৰ টকা সৰকালে যদিও এজনো ভুৱা কৃষকে ধন ঘূৰাই দিয়া নাই । একেদৰে ডিব্ৰুগড় জিলাৰ ৩৮৩১গৰাকী ভুৱা কৃষকে ১৫ কোটি ৪৭ লাখ ৪ হাজাৰ টকা লাভ কৰিছিল যদিও এজনেও ধন ঘূৰাই দিয়া নাই ।
চৰকাৰক ধন ঘূৰাই দিয়া কৃষকৰ তালিকা -
বিশ্বনাথ জিলাৰ ৪৮৯৬ গৰাকী ভুৱা কৃষকৰ ভিতৰত মাত্ৰ ১১গৰাকী বঙাইগাঁও জিলাৰ ৭৯৪৯ গৰাকী ভুৱা কৃষকৰ ভিতৰত মাত্ৰ ১১২গৰাকী কাছাৰ জিলাৰ ৭৮৬৪ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৬ গৰাকী চৰাইদেউ জিলাৰ ২৪৬৬ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৩৫ গৰাকী চিৰাং জিলাৰ ২১৫৭৪ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৭৬ গৰাকী দৰং জিলাৰ ১৭৩৪৭ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৭৬গৰাকী ধেমাজি জিলাৰ ৬৭৩১গৰাকী ভুৱা কৃষকৰ ভিতৰত ৮৪ গৰাকী ডিমা হাছাও জিলাৰ ৩৫৭৩ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৬৩ গৰাকী গোৱালপাৰা জিলাৰ ১১৪০০গৰাকী ভুৱা কৃষকৰ ভিতৰত ১২০ গৰাকী গোলাঘাট জিলাৰ ২৩০৭৪ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৯১গৰাকী হাইলাকান্দি জিলাৰ ১১৩৪৭ গৰাকী ভুৱা কৃষকৰ ভিতৰত ২০ গৰাকী হোজাই জিলাৰ ২০৫৫ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৮ গৰাকী যোৰহাট জিলাৰ ২৪৬৬ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৫৮ গৰাকী কামৰূপ মহানগৰ জিলাৰ ৪৬৬৭ গৰাকী ভুৱা কৃষকৰ ভিতৰত ১৯ গৰাকী কাৰ্বি আংলং জিলাৰ ১৬৮১০ গৰাকী ভুৱা কৃষকৰ ভিতৰত ২৯ গৰাকী কৰিমগঞ্জ জিলাৰ ১২০২১ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৩৭ গৰাকী কোকৰাঝাৰ জিলাৰ ২০৩০০ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৯৮ গৰাকী মাজুলী জিলাৰ ১৯১৩ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৬১ গৰাকী নলবাৰী জিলাৰ ২৬৮৯৫ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৩০৫ গৰাকী শিৱসাগৰ জিলাৰ ৬৯৫২ গৰাকী ভুৱা কৃষকৰ ভিতৰত ৯৮ গৰাকী শোণিতপুৰ জিলাৰ ৬৭৪১গৰাকী ভুৱা কৃষকৰ ভিতৰত ৪২ গৰাকী দক্ষিণ শালমৰা জিলাৰ ১৪৫৪০ গৰাকী ভুৱা কৃষকৰ ভিতৰত ২০ গৰাকী তিনিচুকীয়া জিলাৰ ১৭৪৫৩ গৰাকী ভুৱা কৃষকৰ ভিতৰত ২৩ গৰাকী ওদালগুৰি জিলাৰ ৩২৪৮ গৰাকী ভুৱা কৃষকৰ ভিতৰত ২৫ গৰাকী সদ্যহতে কাৰিকৰী কাৰণত ধন ঘূৰাই লোৱা প্ৰক্ৰিয়া বন্ধ হৈ আছে যদিও অনাগত দিনত ভুৱা কৃষকসকলে উক্ত ধন ঘূৰাই দিবই লাগিব । ভুৱা কৃষকৰ তালিকা ইতিমধ্যে সাজু কৰি উলিয়াইছে কৃষি বিভাগে । এনে পৰিস্থিতিত ধন লৈ ঘূৰাই নিদিয়া ভুৱা কৃষকসকলৰ বিপদ নিশ্চিত হৈ পৰিছে ।
কেগৰ প্ৰতিবেদনতো উন্মোচিত হৈছিল দুৰ্নীতি-অনিয়ম : 'কেগ'ৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি পি এম কিষাণৰ অধীনত পুঁজি মুকলি কৰি দিয়া মুঠ হিতাধিকাৰীৰ ৩৫ শতাংশই এই আঁচনিৰ বাবে অযোগ্য । লগতে এই কথাও উল্লেখ কৰা হৈছে যে পি এম কিষাণ আঁচনিৰ অধীনত মুকলি কৰি দিয়া মুঠ ধনৰ ২৪ শতাংশই অযোগ্য হিতাধিকাৰীৰ হাতত পৰিছেগৈ ।
২০১৮ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ মাৰ্চ পর্যন্ত কেগে চলোৱা অনুসন্ধানত পোহৰলৈ আহিছিল যে পি এম কিষাণ প'ৰ্টেলত অসমৰ পৰা দাখিল কৰা ৪১৮৭০২৩ খন আৱেদনৰ ১০৬৬৫৯৩ খন আৱেদন অর্থাৎ ২৫ শতাংশ আৱেদন পি এম কিষাণ প'ৰ্টেল আৰু পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমে নাকচ কৰে ।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি (ETV Bharat Assam) ইফালে ৰাজ্য চৰকাৰেও এক তদন্ত ঘোষণা কৰি ২০২০ চনৰ মে'ৰ পৰা জুলাইলৈকে পুংখানুপুংখভাৱে তদন্ত কৰি ঘোষণা কৰে যে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এই আঁচনিত আৱেদন কৰা ৩১২০৪৩০ গৰাকী হিতাধিকাৰীৰ ১১৭২৬৮৫ গৰাকী অর্থাৎ ৩৭ শতাংশই ভুৱা বা অযোগ্য হিতাধিকাৰী । ‘কেগ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে এই ভুৱা বা অযোগ্য হিতাধিকাৰীলৈ মুকলি কৰি দিয়া ধনৰ মাত্ৰ .২৪ শতাংশহে ৰাজ্য চৰকাৰে ২০২১ চনৰ অক্টোবৰ পৰ্যন্ত ঘূৰাই আনিবলৈ সক্ষম হৈছে ।
লক্ষণীয় বিষয় যে চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ আদিও হিতাধিকাৰী হোৱা এই আঁচনিত ২০২০ চনৰ মে'ৰ পৰা জুলাইলৈ ৰাজ্যত ১৫৫৯২৮৬ গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰা বুলিও কেগে উল্লেখ কৰিছিল । ভেৰিফিকেশ্যন ৰিপ'ৰ্টত প্ৰকাশ পোৱা মতে ১৫ লক্ষাধিক ভুৱা বা অযোগ্য হিতাধিকাৰীৰ ৭২.৫৪ শতাংশ অর্থাৎ ১১৩১১৫২ গৰাকীৰ কোনো সন্ধানেই ওলোৱা নাই । কেগৰ মতে অসমে আঁচনিখনৰ উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে ।
অসম চৰকাৰলৈ কি পৰামৰ্শ আগবঢ়াইছিল কেগে : অসম চৰকাৰে ডাটা প্ৰবিষ্টিৰ সকলো বিসংগতি সংশোধন কৰা আৰু পি এম-কিষাণ পৰ্টেল আৰু পি এফ এম এচ-ৰ দ্বাৰা প্ৰথম আৰু দ্বিতীয় স্তৰৰ বৈধকৰণৰ সময়ত প্ৰত্যাখ্যান কৰা তথ্য নিশ্চিত কৰিবলৈ কাৰ্যকৰী পদক্ষেপ লোৱা উচিত । যিসমূহ ভাৰত চৰকাৰৰ প্ৰাসংগিক এচ অ' পি-ৰ ব্যৱস্থা অনুসৰি প্ৰয়োজনীয় সংশোধন কৰাৰ পিছত নতুনকৈ আপলোড কৰাৰ বাবে প্ৰমাণিত কৰা হয় । অসম চৰকাৰে নিশ্চিত কৰিব লাগে যে কৃষক পৰিয়ালসমূহৰ ভূমি ধাৰণৰ ডাটাবেচ সৃষ্টি কৰা হয় আৰু সকলো যোগ্য ভূমি ধাৰক কৃষক পৰিয়ালে আঁচনিখনৰ সুবিধা লাভ কৰে । অসম চৰকাৰে এক কাৰ্যকৰী নিৰীক্ষণ প্ৰণালী প্ৰতিষ্ঠা কৰা আৰু ৰাজ্যিক পৰ্যায়ৰ সমীক্ষা, নিৰীক্ষণ আৰু অভিযোগ নিষ্পত্তি সমিতিৰ (এচ এল আৰ এম এ এণ্ড জি আৰ চি) কার্যকলাপসমূহ সঠিকভাৱে নথিভুক্ত কৰাটো নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত । অসম চৰকাৰে নিশ্চিত কৰিব লাগে যে অযোগ্য হিতাধিকাৰীসকলক মুকলি কৰা লাভালাভসমূহ পুনৰুদ্ধাৰ কৰা হয় আৰু পলম নকৰাকৈ ভাৰত চৰকাৰক ঘূৰাই দিয়া হয় । প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ লক্ষ্য-উদ্দেশ্য : কৃষকক বিত্তীয় সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এখন অভিলাষী আঁচনি হৈছে ‘‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’’ আঁচনি । কৃষকসকলে সাধাৰণতে শস্য চক্ৰৰ শেষত পৰৱৰ্তী শস্যৰ বাবে বিত্তীয় প্ৰয়োজন পূৰণ কৰিবলৈ সমস্যাৰ সন্মুখীন হয় । এই সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে ২০১৮ চনত পি এম কিষাণ আঁচনি ঘোষণা কৰিছিল ।
এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলে এটা বিত্তীয় বৰ্ষত ৬০০০ টকাকৈ সাহায্য লাভ কৰিব । এই সাহায্য তিনিটা সমান কিস্তিত ২০০০ টকাকৈ প্ৰদান কৰা হয় । এই সহায়ৰ জৰিয়তে কৃষকসকলে প্ৰতিবাৰ শস্য চক্ৰৰ পাছত উদ্ভৱ হোৱা তেওঁলোকৰ কিছু চাহিদা পূৰণ কৰিব পাৰে ।
এই কিস্তিসমূহ কৃষকৰ একাউণ্টত ডি বি টি পদ্ধতিৰ জৰিয়তে পোনপটীয়াকৈ জমা কৰা হয় । ২০২৪ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত ১১ কোটি কৃষকে এই আঁচনিৰ পৰা সাহায্য লাভ কৰিছে আৰু চৰকাৰে ২.৮০ লাখ কোটি টকা হস্তান্তৰ কৰিছে ।
পি এম কৃষাণ আঁচনিৰ কেলেংকাৰি (ETV Bharat Assam) আঁচনিখনৰ সুবিধা কিদৰে পাব পাৰি : যোগ্য কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে অনলাইন, অফলাইন আৰু চি এছ চি কেন্দ্ৰৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে । পি এম কিষাণ আঁচনিৰ বাবে ইয়াৰ ডেডিকেটেড ম'বাইল এপৰ জৰিয়তেও আবেদন কৰিব পাৰি । ভূমিৰ অধিকাৰী সকলো কৃষক পৰিয়ালে এই পি এম কিষাণ আঁচনিৰ সুবিধা লাভ কৰিব পাৰে ।