অসম

assam

ETV Bharat / state

অভিশপ্ত কলামাটিৰ ৰেট হল কয়লাখনিৰ যন্ত্ৰপাতি জব্দ, ১১ জনক গ্ৰেপ্তাৰ - ILLEGAL COAL MINE

উমৰাংছ’ৰ তিনি কিলোৰ কলামাটিস্থিত ৰেট হল কয়লাখনি বন্ধ কৰাৰ অভিযান আৰম্ভ । সম্পূৰ্ণ হ'ব কেতিয়া ?

UMRANGSO COAL MINE TRAGEDY
উমৰাংছ’ৰ তিনি কিলোৰ কলামাটিস্থিত ৰেট হল কয়লা খনি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 19, 2025, 7:29 PM IST

হাফলং:উমৰাংছ’ৰ কলামাটিত থকা সকলো অবৈধ ৰেট হল কয়লাখনি বন্ধ কৰাৰ কাম আৰম্ভ কৰিছে জিলা প্ৰশাসনে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিচতে দেওবাৰৰ পৰা উমৰাংছ'ৰ কলামাটিত থকা সকলো ৰেট হল কয়লাখনি বন্ধ কৰাৰ অভিযান চলিছে । তদুপৰি কয়লাখনিত থকা সকলো যন্ত্ৰপাতি জব্দ কৰাৰ কাম আৰম্ভ কৰিছে ডিমা হাছাও আৰক্ষীয়ে ।

যোৱা ৬ জানুৱাৰীত উমৰাংছ' অসম কয়লাখনিত সংঘটিত বিপৰ্যয়ৰ ফলত ৯ জন শ্ৰমিকৰ খনিটোৰ ভিতৰত আবদ্ধ হৈ পৰে ৷ ইয়াৰে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৫ জন শ্ৰমিক সন্ধানহীন হৈ আছে । এই বিপৰ্যয়ৰ কাৰণে এতিয়ালৈকে ডিমা হাছাও আৰক্ষী উক্ত ঘটনা সন্দৰ্ভত ১১জনক গ্ৰেপ্তাৰ কৰিছে বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক ময়ংক কুমাৰে ।

উমৰাংছ’ৰ তিনি কিলোৰ কলামাটিস্থিত ৰেট হল কয়লা খনি (ETV Bharat Assam)

আনহাতে, ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে আজি এই অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ আগতে কয়, " অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পিছতেই আজিৰ পৰা আমি অবৈধ ৰেট হল কয়লাখনি বন্ধ কৰাৰ কাম আৰম্ভ কৰিছো । এতিয়া আমি অবৈধ কয়লাখনি বন্ধ কৰাৰ উপৰি ইয়াত থকা জেনেৰেটৰ আৰু সকলো যন্ত্ৰপাতি জব্দ কৰাৰ কাম আৰম্ভ কৰিছো ।"

লগতে পঢ়ক:অনিশ্চয়তাত উমৰাংছ’ত আবদ্ধ শ্ৰমিকৰ ভৱিষ্যৎ: উভতি গ’ল নৌ-সেনা - UMRANGSO COAL MINE TRAGEDY

দুশৰো অধিক অবৈধ ৰেটহ'ল কয়লা খনি :

উল্লেখ্য় যে উমৰাংছ'ৰ কলামাটিত দুশৰো অধিক অবৈধ ৰেট হল কয়লাখনি আছে । এতিয়া এই কয়লাখনিসমূহ বন্ধ কৰাৰ বাবে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । উমৰাংছ'ৰ কয়লাখনিত সংঘটিত বিপৰ্যয়ৰ পিচতে ইয়াৰ সৈতে জড়িত থকা সন্দেহত ১১ জনক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা কেইজন হৈছে ক্ৰমে পুনুচ নুনিচা, ৰণ বাহাদুৰ হাচনু, দিলবাৰ হুছেইন, বিপুল পুৰুচা, আব্দুল হান্নন লস্কৰ, সুমনজিৎ লাংথাচা, সন্তোষ গুৰুং, আফজল হুছেইন, এনাম উদ্দিন, মনবাহাদুৰ ৰাই আৰু বিক্ৰম গিৰিছা ।

লগতে পঢ়ক: অনিশ্চয়তাত উমৰাংছ’ত আবদ্ধ শ্ৰমিকৰ ভৱিষ্যৎ: উভতি গ’ল নৌ-সেনা - UMRANGSO COAL MINE TRAGEDY

ABOUT THE AUTHOR

...view details