শিলচৰ, 25 জুন: চুবুৰীয়া মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰভাৱ যাতে অসমত নপৰে, তাৰ বাবে সীমান্তৰ কাছাৰ জিৰিঘাটত উপস্থিত হ’ল অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞা । সীমান্ত অঞ্চল পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা পৰ্যবেক্ষণ কৰে মহাপৰিদৰ্শকগৰাকীয়ে । গোষ্ঠী সংঘৰ্ষৰ ফলত কাছাৰত আহি আশ্ৰয় গ্ৰহণ কৰা মণিপুৰৰ লোকসকলৰ জৰীপ কৰা হ’ব বুলি উল্লেখ কৰে মহাপৰিদৰ্শক ভূঞাই ।
উল্লেখ্য যে, বিগত কেইবাদিন ধৰি গোষ্ঠী সংঘৰ্ষত উত্তপ্ত হৈ আছে চুবুৰীয়া মণিপুৰ ৰাজ্যৰ জিৰিবাম জিলা । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়াও জিলাখনত জাৰি হৈ আছে সান্ধ্য আইন ৷ গোষ্ঠী সংঘৰ্ষৰ ফলত আতংকিত হৈ এতিয়ালৈকে জিৰিবামৰ পৰা কাছাৰত আহি আশ্ৰয় গ্ৰহণ কৰিছে প্ৰায় দুই হাজাৰ লোকে ।
ইপিনে, অসমৰ সীমান্ত জিলা জিৰিবাম উত্তপ্ত হৈ থকাৰ বাবে সীমান্তত যথেষ্ট তৎপৰ হৈ আছে অসম আৰক্ষী । অসমৰ কাছাৰ জিলাৰ জিৰিঘাট অঞ্চলত জিৰিবামৰ ঘটনাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে কাছাৰ আৰক্ষীয়ে ৷ সীমান্তৰ ঠায়ে ঠায়ে নিয়োজিত কৰা হৈছে অসম আৰক্ষীসহ অসম আৰক্ষীৰ কমাণ্ডো-বেটালিয়ান । মণিপুৰৰ জিৰিবামৰ গোষ্ঠী সংঘৰ্ষৰ প্ৰভাৱ যাতে অসমৰ সীমান্ত অঞ্চলত নপৰে তাৰ বাবে যথেষ্ট সক্ৰিয় হৈ আছে অসম আৰক্ষী ৷
সীমান্ত অঞ্চলৰ নিৰাপত্তা ব্যৱস্থা চোৱাচিতাৰ লগতে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে সোমবাৰে কাছাৰত উপস্থিত হয় অসম আৰক্ষীৰ মহাপৰিদৰ্শকগৰাকী । মহাপৰিদৰ্শকগৰাকী কাছাৰত উপস্থিত হৈ পোনে পোনে যায় অসম-মণিপুৰ সীমান্তৰ কাছাৰৰ জিৰিঘাটত । জিৰিঘাটত উপস্থিত হৈ সীমান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিৰাপত্তা ব্যৱস্থা পৰ্যবেক্ষণ কৰে আইজিপিগৰাকীয়ে ।
আইজিপিগৰাকীৰ সৈতে উক্ত সময়ত উপস্থিত আছিল ডি আই জি কংকনজ্যোতি শইকীয়া, কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাসহ কাছাৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ।
লগতে পঢ়ক:মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা; এজন আহত - MANIPUR VIOLENCE