আমগুৰি, ৪ মে’:আৰক্ষীৰ তীব্ৰ অভিযানৰ পিচতো ৰাজ্য় অব্য়াহত ড্ৰাগছৰ বেহা । ইয়াৰ মাজতেই শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত আজি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰে । গোলাঘাট আৰক্ষীৰ বিশেষ অভিযানত হালোৱাটিঙ আৰক্ষীৰ সহযোগত আমগুৰি চাহ বাগিচা সমীপত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে এই ড্ৰাগছখিনি । জব্দকৃত ড্ৰাগছখিনিৰ মূল্য় সাত কোটি টকা হ'ব ।
এক বিশেষ সূত্ৰৰ পম খেদি গোলঘাট জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া (অপৰাধ শাখা) জোন দাস আৰু হালোৱাটিং আৰক্ষীয়ে নগালেণ্ড টুলীৰ পৰা AS 01 AA 0800 নম্বৰৰ এখন বিলাসী বাহনত হেৰ'ইন আনি থকাৰ সম্ভেদ লাভ কৰাৰ পিচতেই চলায় অভিযান । আৰক্ষীৰ এটা বৃহৎ দলে নাগালেণ্ড টুলীত খাপপিটি বাহনখনৰ পিচ লৈ আমগুৰি বাগানৰ সমীপত আগচি ধৰে ।
আৰক্ষীয়ে বাহনখনৰ গোপন অংশৰ পৰা মেকানিকৰ সহযোগত ৪৯ টা কন্টেনাৰত সোমোৱাই অনা হেৰ'ইনখিনি উদ্ধাৰ কৰে । আৰক্ষীয়ে বাহনখনত হেৰ'ইন সৰবৰাহ কৰা গোলাঘাটৰ ৱাজিদ আলী, জাবিদুল আলী,যাদৱ বৰা, মিৰাজ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।