অসম

assam

ধ্ৰুপদীৰ স্বীকৃতিয়ে কি পৰিবৰ্তন আনিব ভাষালৈ ? - CLASSICAL STATUS TO ASSAMESE

Classical Language: অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদানত অৰিহণা যোগোৱা আনন্দৰাম বৰুৱা ভাষা, সংস্কৃতি গৱেষণা কেন্দ্ৰ চমুকৈ ABILACৰ সহযোগী অধ্যাপক ড৹ ভাস্কৰজ্যোতি শৰ্মাৰ প্ৰতিক্ৰিয়া ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Published : 4 hours ago

How the Classic Language status help to protech Assamese language
অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা (ETV Bharat Assam)

গুৱাহাটী,৪ অক্টোবৰ:অসমীয়া ভাষা-সাহিত্যৰ গৌৰৱোজ্জ্বল দুহেজাৰ বছৰীয়া ক্ৰমধাৰাক সাৰথি কৰি অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা । অসম আৰু অসমীয়াৰ বাবে এয়া একবিংশ শতিকাৰ প্ৰাৰম্ভণৰ এক অন্যতম সুখৰ বতৰা । স্বাভাৱিকতে সাধাৰণ লোকৰ মনত উঠা এটা প্ৰশ্ন যে ইয়াৰ ফলত কি লাভ হ’ব অসমীয়া ভাষাৰ ? অসমীয়া ভাষাৰ প্ৰসাৰ আৰু বিকাশত কি অৰিহণা সাধিব এই ধ্ৰুপদী ভাষাৰ মৰ্যাদাই ?

অসমীয়া ভাষাৰ কি লাভ হ’ব:

ভাৰত চৰকাৰে দিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ ফলত ভৱিষ্যৎ সুৰক্ষিত হ'ল অসমীয়া ভাষাৰ । এয়া নিশ্চিত । কিন্তু অসমীয়া ভাষা কিদৰে সুৰক্ষিত হ’ব ? এই বিষয়ে আনন্দৰাম বৰুৱা ভাষা, সংস্কৃতি গৱেষণা কেন্দ্ৰ চমুকৈ ABILACৰ সহযোগী অধ্যাপক ড৹ ভাস্কৰজ্যোতি শৰ্মাৰ সৈতে হোৱা ই টিভি ভাৰতৰ বাৰ্তালাপত তেখেতে জনালে সবিশেষ । উল্লেখযোগ্য যে এই প্ৰক্ৰিয়াৰ মূল অংশস্বৰূপে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসম চৰকাৰৰ হৈ অসম প্ৰকাশন পৰিষদে দাখিল কৰা প্ৰতিবেদনৰ এগৰাকী অন্যতম প্ৰস্তুতকাৰী সদস্য হ’ল ড° ভাস্কৰজ্যোতি শৰ্মা ।

অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা (ETV Bharat Assam)

ভাৰত চৰকাৰৰ দায়িত্বৰ আওতালৈ আহিল অসমীয়া ভাষা:

ড৹ ভাস্কৰজ্যোতি শৰ্মাৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেঁও কয়,“পূৰ্বে অসমীয়া ভাষাটো অসম চৰকাৰৰ বিষয় আছিল । অসমীয়া ভাষাৰ উন্নয়ন আৰু প্ৰসাৰ-সুৰক্ষাৰ কাৰণে কি কৰিব লাগিব সকলো অসম চৰকাৰৰ আওতাৰ ভিতৰত পৰিছিল । এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এটা দায়িত্ব পৰিল অসমীয়া ভাষাৰ প্ৰতি । অসমীয়া ভাষাৰ গৱেষণা আৰু বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে সহযোগিতা আগবঢ়াব এতিয়াৰে পৰা ।

কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত থাকিব অসমীয়া আসন:

"সমগ্ৰ ভাৰততে আছে মুঠ ৫৬ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় । দেশৰ সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয়তে থাকিব এখনকৈ অসমীয়া ভাষাৰ অধ্যাপকৰ আসন । এইটো এটা ডাঙৰ কথা । এই ব্যৱস্থাই অসমীয়া ভাষাৰ গৱেষণা আৰু প্ৰসাৰত সহায় কৰি যাব ।” এইদৰে মন্তব্য কৰে ভাষা গৱেষক তথা অধ্যাপক ড৹ ভাস্কৰজ্যোতি শৰ্মাই ।

ক্লাছিকেল অসমীয়া নামেৰে এটা প্ৰতিষ্ঠান:

অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমীয়া ভাষাৰ বিকাশ-প্ৰসাৰ আদিৰ কাৰণে এক গৱেষণা প্ৰতিষ্ঠান গঢ়ি তোলা হ'ব । এই সন্দৰ্ভত ভাস্কৰজ্যোতি শৰ্মাই কয়,“এক গুৰুত্বপূৰ্ণ কথা হ’ল যে অসমীয়া ভাষাৰ ওপৰত 'ক্লাছিকেল আছামিজ’ নামেৰে এক প্ৰতিষ্ঠান গঢ় লৈ উঠিব । কেন্দ্ৰীয় চৰকাৰৰ সহযোগত গঢ় লৈ উঠিব এই প্ৰতিষ্ঠানটি ৷ এতিয়াৰে পৰা অসমীয়া ভাষাৰ বিষয়ে যি গৱেষণা কৰ্ম হ’ব সেয়া আগবঢ়াই লৈ যাবলৈ এই প্ৰতিষ্ঠানে প্ৰভূত সহায় কৰিব ।” অসম প্ৰকাশন পৰিষদে দাখিল কৰা প্ৰতিবেদনৰ এগৰাকী অন্যতম প্ৰস্তুতকাৰী সদস্য ভাস্কৰজ্যোতি শৰ্মাই সদৰী কৰে ।

লগতে তেঁও কয়,“এই স্বীকৃতিপ্ৰাপ্ত ভাষাৰূপে বহুখিনি সুবিধা লাভ কৰিব অসমিয়া ভাষাই । যিদৰে এতিয়া তামিল, তেলুগু, মালয়ালম আদিয়ে ধ্ৰুপদী ভাষাৰূপে যিবোৰ উচ্চস্তৰৰ কাম কৰি আছে, সেইবিলাকৰ দৰে একচেতীয়াভাৱে অসমীয়া ভাষাৰ গৱেষণা, প্ৰচাৰ-প্ৰসাৰৰ কাম আৰম্ভ হ’ব । ইয়াৰ ফলত অসমীয়া ভাষাৰ ভৱিষ্যৎ যথেষ্ট উজ্জ্বল হৈ পৰিব ।”

ইউনিক’ডৰ সৈতে কি সম্পৰ্ক ধ্ৰুপদী মৰ্যাদাৰ:

ইউনিক’ডৰ স্বীকৃতি লাভ প্ৰক্ৰিয়াৰ সৈতে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ কিবা সম্পৰ্ক আছেনে ? এককথাত পোনপতীয়া কোনো সম্পৰ্ক নাই দুয়োটা বিষয়ৰ । কিন্তু ইউনিক’ডৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত এতিয়াৰে পৰা এক সবল যুক্তিও সাজু হ’ল । এই প্ৰসংগতো ড৹ ভাস্কৰজ্যোতি শৰ্মাই কয়,“ইউনিক’ডৰ সৈতে ধ্ৰুপদী ভাষাৰ কোনো পোনপটীয়া সম্পৰ্ক নাই যদিও পৰোক্ষভাৱে উপকৃত হ’ব পাৰে । ইউনিক’ড হ’ল এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান । ইউনিক’ডৰ স্বীকৃতিৰ বাবে আগবাঢ়িবলৈ হ’লে এক বেলেগ প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগিব । বেলেগ কেতবোৰ কাৰিকৰী কথা আছে । প্ৰত্যক্ষভাৱে একো সহায় কৰিব নোৱাৰে ।”

লগতে ভাষা বিজ্ঞানী, অধ্যাপকগৰাকীয়ে কয়,“ইউনিক’ড হ’ল লিপিৰ কথা । এই মৰ্যাদা হ’ল ভাষাৰ কথা । হয়তো যুক্তি আগবঢ়াব পাৰিম, অসমীয়া ভাষাটো যিহেতু দুহেজাৰ বছৰ পুৰণি এটা ভাষা । ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত হৈছে । সেই আলমতে আমি ক’ব পাৰিম যে আমাৰ লিপিৰ স্বকীয়তা আছে । যুক্তি এটা বাঢ়িব । এটা ঐতিহাসিক পৰিক্ৰমাৰ কথা আহিব । ”

লগতে পঢ়ক:আমাৰ ভাষা জগত সভালৈ যোৱাৰ বাট মুকলি; আশাবাদী নমিতা দেৱী - Classical Language Assamese

অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা; সামাজিক মাধ্যমত একাংশৰ আক্ষেপ কিয় ? - Classical language recognition

মধুৰ-ঐতিহাসিক ক্ষণ: অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি - Classical Language

ABOUT THE AUTHOR

...view details