সৰুপথাৰ, ৯ মাৰ্চ:ইতিহাস প্ৰসিদ্ধ স্থান ধনশিৰি । আছে বহু ঐতিহ্য, বহু গৰিমা । প্ৰত্নতাত্ত্বিত সমলৰে ভৰপূৰ ধনশিৰি । বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ সময়চোৱা উল্লেখনীয় সময় বুলি বিবেচিত কৰিব পাৰি ধনশিৰি মহকুমাৰ বাবে । এই ধনশিৰি মহকুমাত আছে বহু পুৰণি মথ-মন্দিৰ । ৰজাদিনীয়া বহু প্ৰত্নতাত্ত্বিক ভগ্নাৱশেষ, শিলালিপি, মঠ-মন্দিৰ, পুখুৰী আদিৰে ভৰপূৰ ধনশিৰিৰ এক পুৰণি মন্দিৰৰ কথাৰে এই প্ৰতিবেদন ।
ধনশিৰিৰ দুৱৰণি গাঁৱৰ শিৱ মন্দিৰ । এই মন্দিৰৰ আছে অলৌকিক মাহাত্ম । ১৯০৭ চনত স্থাপন হৈছিল এই মন্দিৰভাগ । জনশ্ৰুতি অনুসৰি ধনশিৰি মহকুমাৰ দুৱৰণি অঞ্চলত ঘন অৰণ্য কাটি বসতি কৰিছিল মানুহে । সেই অৰণ্যৰ মাজতেই উদ্ধাৰ হৈছিল এটি শিৱ লিংগ । সম্ভৱত তেতিয়াই প্ৰাণ পাইছিল শিৱ মন্দিৰভাগে । তেতিয়াৰে পৰাই মহাদেৱৰ বন্দনাৰে মুখৰিত হৈছিল ঐতিহ্যমণ্ডিত শিৱ মন্দিৰটি । কেৱল ইমানেই নহয় তাৰ পিছতেই সলনি হ'ল সময় । সুদূৰ বিহাৰৰ পৰা ৰামলীলাৰ উদ্দেশ্যেৰ আহিছিল বাবা পাৰশ নাথ দূৱে নামৰ এজন ব্যক্তি । জনশ্ৰুতি অনুসৰি বাবা পাৰশ নাথ দূৱেৰ হাততে ১৯০৭ চনত প্ৰাণ প্ৰতিষ্ঠা হৈছিল দুৱৰণি গাঁৱৰ শ্ৰীশ্ৰী শিৱ মন্দিৰ ।