গোলাঘাট, ২৬ আগষ্ট :‘‘আমছুক অসমৰ পৰা নিষিদ্ধ ঘোষণা কৰিব লাগে ৷ আমছু অবৈধ বাংলাদেশীৰ ৰক্ষক ৷ তদুপৰি আমছু ড্ৰাগছ, অবৈধভাৱে গৰু সৰবৰাহৰ আদিৰ লগত জড়িত ৷’’ আমছুক অসমীয়া জাতিৰ শত্ৰু আখ্যা দি এইদৰে সোমবাৰে গোলাঘাট প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত হিন্দু যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পল্লৱ শইকীয়া সৰৱ হোৱা দেখা গ’ল ৷
- আমছুক নিষিদ্ধ কৰাৰ দাবী :
হিন্দু যুৱ পৰিষদ অসম কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই কয়, ‘‘আমাৰ প্ৰথম দাবী হৈছে অসমত আমছুক নিষিদ্ধ ঘোষণা কৰিব লাগে ৷ আমছুৰ কোনো অধিকাৰ নাই ৷ আমছুৰ নেতাসকল অবৈধভাৱে গৰু সৰবৰাহকাৰী, আমছুৰ নেতাসকল অবৈধ বাংলাদেশীৰ ৰক্ষক ৷ আমছু অসমীয়া জাতিৰ শত্ৰু ৷’’
- সংখ্যালঘুসকলে নিজকে অসমীয়া বুলি চিনাকি দিয়াৰ আহ্বান :
পল্লৱ শইকীয়াই লগতে কয়, ‘‘অসমৰ খিলঞ্জীয়া সংখ্যালঘু লোকসকলক আমি আহ্বান জনাইছো তেওঁলোকে নিজকে অসমীয়া হিচাবে পৰিচয় দি অসমৰ খিলঞ্জীয়া লোকৰ সৈতে থিয় হওঁক ৷ অসমৰ সুৰক্ষাৰ বাবে তেওঁলোকে কাম কৰক ৷ বিহাৰী, মাৰোৱাৰী আদি অসমত যিমান হিন্দীভাষী লোক আছে, তেওঁলোকে অসমীয়া হৈ অসমত থাকিবলৈ আৰম্ভ কৰক ৷ অসমীয়া ভাষা, অসমীয়াৰ স্বাভিমানক তেওঁলোকে প্ৰশংসা কৰি অসমীয়া জাতিটোক বচাবলৈ ভাতৃত্ববোধেৰে আগবাঢ়ক ৷ অন্যথা প্ৰদীপ দত্ত ৰয়ক যিদৰে জে’ললৈ প্ৰেৰণ কৰিছোঁ, সেইদৰেই অসমীয়া জাতিটোৰ ওপৰত দুষ্কাৰ্য কৰাসকলৰ ক্ষেত্ৰত থমকি নৰ’ম ৷’’
- ভোটবেংকৰ স্বাৰ্থত অবৈধ মিঞাপ্ৰীতি বন্ধ কৰাৰ আহ্বান :