অসম

assam

ETV Bharat / state

উৎকট গৰমে প্ৰাণ ল’লে দেৰগাঁৱৰ যুৱকৰ, আগন্তুক ৭ দিনতো গৰম কমাৰ সম্ভাৱনা নাই - Heat Stroke Death - HEAT STROKE DEATH

Heatstroke deaths in Dergaon : উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ তাৰ মাজতে দেৰগাঁৱত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ গৰম সহ্য কৰিব নোৱাৰি মৃত্যুক সাৱটিলে এজন যুৱকে ৷

Heatstroke deaths in Dergao
উৎকট গৰমে প্ৰাণ ল’লে দেৰগাঁৱৰ যুৱকৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 22, 2024, 10:14 PM IST

গোলাঘাট, ২২ ছেপ্টেম্বৰ : উৎকট গৰমত সহ্যৰ সীমা পাৰ হৈছে অসমবাসীৰ ৷ বিগত কেবাদিনো ধৰি ৰাজ্যবাসী চটফটাইছে অসহনীয় গৰমত ৷ দেওবাৰে এই তাপমাত্ৰাই অতিক্ৰম কৰিলে ৪০ ডিগ্ৰী ৷

গৰমৰ প্ৰকোপত সমগ্ৰ ৰাজ্যৰ সাধাৰণ জনতাই চটফটাই থকাৰ সময়তে দেৰগাঁৱত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ অত্যধিক গৰম সহ্য কৰিব নোৱাৰি প্ৰাণ গ’ল এজন যুৱকৰ ৷ দেৰগাঁৱৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ সমীপতে এই শোকাৱহ ঘটনা সংঘটিত হয় ৷

দেওবাৰে দেৰগাঁৱৰ অসম পৰিবহন নিগমৰ বাছ আস্থানৰ সমীপৰ ৰাজপথত ঢলি পৰে যুৱকজন ৷ স্থানীয় ৰাইজে মূমূৰ্ষু অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ দেৰগাঁও সামূহিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত যুৱকজন যোৰহাট বৰমুকলিৰ কাকতিচুকৰ পাণ্ডু পেগুৰ পুত্ৰ জীৱকান্ত পেগু বুলি জানিব পৰা গৈছে ৷ এই সম্পৰ্কে স্থানীয় এজন লোকে জানিবলৈ দিয়া মতে দেৰগাঁওত অতিমাত্ৰা গৰমৰ বাবেই লোক জনৰ মৃত্যু হৈছে । উল্লেখযোগ্য যে দেৰগাঁওত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে যাৰ পৰিপ্ৰেক্ষিতত উক্ত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ।

উল্লেখ্য যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত গুৱাহাটীত সৰ্বাধিক 37.9 ডিগ্ৰীপৰ্যন্ত তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে ৷ ইফালে বিগত 24 ঘণ্টাত ৰাজ্যত তাপমাত্ৰা ন্যূনতম 26.5 ডিগ্ৰী ৷ আনহাতে এই সময়ত কোনো স্থানত বৰষুণ দিয়া পৰিলক্ষিত নহ’ল ৷

আনহাতে সোমবাৰে অৰ্থাৎ 23 ছেপ্টেম্বৰতো তাপমাত্ৰা ন্যূনতম 27 ডিগ্ৰীৰ পৰা সৰ্বাধিক 37 ডিগ্ৰীপৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে এজাক-দুজাক বৰষুণৰ অহাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

লগতে পঢ়ক :প্ৰচণ্ড গৰমকো নেওচি কঠোৰ জীৱন সংগ্ৰাম

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

ABOUT THE AUTHOR

...view details