অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

গৰমত বিদ্যুতৰ চাহিদাৰ অভিলেখ; বাহিৰা উৎসৰ পৰা অধিক দৰত ক্ৰয় কৰিও পূৰণ হোৱা নাই চাহিদা - Record of electricity demand

Loadshedding in Assam: উৎকট গৰমৰ মাজতে সঘন বিদ্যুৎ কর্তনত অতিষ্ঠ জনতা । এমাহতে তিনিবাৰকৈ বিদ্যুতৰ চাহিদা বৃদ্ধিৰ অভিলেখ । চাহিদা অনুপাতে বিদ্যুৎ যোগান ধৰিব নোৱৰাত সঘন লোডশ্বেডিং । উৎকট গৰমৰ বাবে বিদ্যুতৰ চাহিদা ২,৮০৯ মেগাৱাটলৈ বৃদ্ধি । বাহিৰা উৎসৰ পৰা অধিক মূল্যত ক্ৰয় কৰা হৈছে বিদ্যুৎ ৷

Loadshedding in Assam
অসমত সঘন বিদ্যুৎ কর্তন (ETV Bharat Assam)

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : ৰাজ্যত অভাৱনীয় তথা নজিৰবিহীনভাৱে বৃদ্ধি পাইছে উষ্ণতা । কঁহুৱা ফুলাৰ বতৰত এনে গৰম সাধাৰণতে কল্পনাৰ অগোচৰ । এক কথাত অসহনীয় গৰমে ৰাজ্যবাসীক ত্ৰাহি মধুসূদন সোঁৱৰাইছে । আনহাতে, উৎকট গৰমৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি ঘনে ঘনে হৈছে বিদ্যুৎ কর্তন । যিমানে গৰম বৃদ্ধি পাইছে সিমানেই ৰাজ্যখনত বিদ্যুৎ কর্তনো বৃদ্ধি পাবলৈ ধৰিছে ।

যেন শক্তিহীন হৈছে ৰাজ্যৰ শক্তি বিভাগ । ৰাজ্যৰ আন প্ৰান্তৰ কথা বাদেই ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতেই সঘন লোডশ্বেডিং কৰা হৈছে । অথচ বিজেপি চৰকাৰে অসমত ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু এতিয়া ২৪ ঘণ্টাত কিমানবাৰ বিদ্যুৎ কৰ্তন কৰে তাৰ কোনো হিচাপ নাই । বহু ঠাইত বিদ্যুৎ মাজে সময়েহে আহে ।

তাপমান বৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছে বিদ্যুতৰ চাহিদা :

ৰাজ্যজুৰি প্ৰখৰ ৰ'দ আৰু উষ্ণতা বৃদ্ধিয়ে বিদ্যুতৰ চাহিদা বহু পৰিমাণে বৃদ্ধি কৰিছে । ৰাজ্যৰ বিদ্যুৎ যোগান ব্যৱস্থাটোৰ ইতিহাসত বিগত ২২ আগষ্টত চাহিদাৰ পৰিমাণ সৰ্বাধিক বৃদ্ধি হয় । কিন্তু সেই অভিলেখ অধিক দিন স্থায়ী নহ'ল । মাত্র আঠদিন পাছত অর্থাৎ ৩০ আগষ্টত সেই অভিলেখ ভংগ হয় । সেই অভিলেখ আকৌ ভংগ হয় যোৱা ২০ ছেপ্টেম্বৰত ।

অসমত সঘন বিদ্যুৎ কর্তন (ETV Bharat Assam)

বিদ্যুৎ উৎপাদন আৰু যোগানত অসম হ'ল দেশৰ অন্যতম পিছপৰা ৰাজ্য । গতিকে তাৰ ওপৰতে চাহিদা বৃদ্ধি অভিলেখ পৰিমাণ হোৱাত লোডশ্বেডিঙো বৃদ্ধি হয় । বিদ্যুৎ ক্ৰয়ৰ পুঁজি ৰাহি কৰিবলৈ বিশেষকৈ পুৱাৰ ভাগত অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) ৰাজ্যজুৰি ন্যূনতম এঘণ্টাকৈ বিদ্যুৎ কর্তন কৰাটো যেন এক নিয়মত পৰিণত হৈছে । তাৰ পাছতো দিনটোৰ বিভিন্ন সময়ত বিদ্যুৎ কৰ্তন অব্যাহত ৰাখিছে ।

এ পি ডি চি এলৰ ইতিহাসত সৰ্বাধিক চাহিদা

গুৱাহাটীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বিষয়াই সদৰী কৰা মতে, বিগত ৩০ আগষ্টত বিদ্যুতৰ সৰ্বোচ্চ চাহিদাৰ পৰিমাণ ২,৬৪৫ মেগাৱাটলৈ বৃদ্ধি হৈছিল । চাহিদাৰ এই পৰিমাণ আছিল এ পি ডি চি এলৰ ইতিহাসত সৰ্বাধিক । চাহিদাৰ বিপৰীতে প্ৰতিষ্ঠানটোৱে সেই দিনা গ্ৰাহকক যোগান ধৰিবলৈ সক্ষম হোৱা বিদ্যুতৰ পৰিমাণ আছিল ২,৫৮০ মেগাৱাট । কিন্তু ৩০ আগষ্টৰ চাহিদাৰ অভিলেখ মাত্র ২০ দিনতে ভংগ হয় । যোৱা ২০ ছেপ্টেম্বৰত উৎকট গৰমৰ বাবে বিদ্যুতৰ চাহিদা বৃদ্ধি হয় ২,৮০৯ মেগাৱাটলৈ । এই চাহিদাৰ বিপৰীতে প্ৰতিষ্ঠানটোৱে যোগান ধৰিবলৈ সক্ষম হোৱা বিদ্যুতৰ পৰিমাণ আছিল ২,৬৮৪ মেগাৱাট ।

মাত্র এমাহৰ ভিতৰতে চলিত বৰ্ষত বিদ্যুতৰ চাহিদাক লৈ প্ৰথমটো অভিলেখ হৈছিল যোৱা ২২ আগষ্টত । সেইদিনা সৰ্বোচ্চ চাহিদাৰ পৰিমাণ বৃদ্ধি হৈছিল ২,৪০০ মেগাৱাটলৈ । চাহিদাৰ বিপৰীতে এ পি ডি চি এলে উপভোক্তাক যোগান ধৰিবলৈ সক্ষম হৈছিল ২,৩০০ মেগাৱাট । এনেদৰে মাত্ৰ ৩০ দিনৰ ভিতৰতে স্থাপন হয় তিনিটাকৈ অভিলেখ ।

অসমত সঘন বিদ্যুৎ কর্তন (ETV Bharat Assam)

চাহিদাৰ বিপৰীতে ৰাজ্যখনৰ নিজা উৎপাদন :

বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত অসমৰ অৱস্থা একেবাৰে শোচনীয় । ৰাজ্যখনৰ বিদ্যুতৰ চাহিদা পূৰণ কৰিব নোৱাৰিলেও নিজা উৎপাদনৰ পৰিমাণ এই সময়ত একেবাৰে নিশকতীয়া । অথচ অসমত বিদ্যুৎ উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ বাবে বছৰ বছৰ ধৰি প্ৰকল্প গ্রহণ কৰিয়েই আছে । ৰাজ্যৰ নিজা উৎপাদন প্রকল্পবোৰৰ ক্ষমতা হ'ল মাত্র ৪২০ মেগাৱাট । ইয়াৰে ৩০৭ মেগাৱাটহে উৎপাদন কৰি থকাটো সম্ভৱ হৈছে । অৱশ্যে উৎপাদনৰ এই পৰিমাণৰো ধাৰাবাহিকতা কেতিয়াও ৰক্ষা হোৱা নাই । উৎপাদনৰ বৃহৎ ঘাটি পূৰণ কৰিবলৈ ৰাজ্যখনে কমেও ২৯টা উৎপাদন উৎসৰ পৰা অতি উচ্চ দৰত নিয়মীয়াকৈ বিদ্যুৎ ক্ৰয় কৰি থাকিবলৈ বাধ্য হৈছে ।

উৎকট গৰমত অসমৰ প্ৰকল্প কেইটাৰ বিদ্যুৎ উৎপাদন :

বিগত কিছুদিন ধৰি গ্ৰীষ্ম প্ৰৱাহে ৰাজ্যখনৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰিছে । ২০ ছেপ্টেম্বৰত উৎকট গৰমৰ বাবে অসমত বিদ্যুতৰ চাহিদা ২,৮০৯ মেগাৱাটলৈ বৃদ্ধি হৈছিল । অথচ সিদিনা 'পিক আৱাৰ'ত অসমত বিদ্যুৎ উৎপাদন হৈছিল মাত্র ৩১০ মেগাৱাট । সিদিনা কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পৰ পৰা ১০০ মেগাৱাট, মিনট্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৮ মেগাৱাট, লাকুৱা ৰিপ্লেচমেণ্টৰ জৰিয়তে ৫৩ মেগাৱাট, লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা ৫৬ মেগাৱাট, নামৰূপ ৰিপ্লেচমেণ্ট শক্তি প্ৰকল্পৰ পৰা ৯৩ মেগাৱাট বিদ্যুৎ উৎপাদন হৈছে । ইয়াৰ বাহিৰে বাকী সকলো বিদ্যুৎ আন ৰাজ্যৰ পৰা ক্ৰয় কৰিব লগীয়া হৈছিল ।

নিয়মত প্ৰকল্প কেইটাৰ পৰা উৎপাদন হ'বলগীয়া বিদ্যুতৰ পৰিমাণ :

শক্তি বিভাগৰ তথ্য মতে, ৰাজ্যৰ ছয়টা বিদ্যুৎ উৎপাদন প্রকল্পৰ পৰা ক্রমে লাকুৱা তাপ বিদ্যুৎ প্রকল্পৰ জৰিয়তে ৬০ মেগাৱাট, লাকুৱা ৰিপ্লেচমেণ্ট শক্তি প্রকল্পৰ দ্বাৰা ৬৯ মেগাৱাট, নামৰূপ তাপ বিদ্যুৎ প্রকল্পৰ জৰিয়তে ২০ মেগাৱাট, নামৰূপ ৰিপ্লেচমেণ্ট শক্তি প্ৰকল্পৰ জৰিয়তে ৯৮ মেগাৱাট, কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে ১০০ মেগাৱাট আৰু মিনট্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুৎ প্রকল্পৰ জৰিয়তে ৮ মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব লাগে । অৰ্থাৎ ৰাজ্যখনৰ নিজে উৎপাদন কৰিব লগীয়া ৩৫৫ মেগাৱাটৰ স্থানত ২০ ছেপ্টেম্বৰৰ দিনা উৎপাদন হৈছিল ৩১০ মেগাৱাটহে ।

বাহিৰা উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰি চাহিদা পূৰণ :

বিদ্যুতৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ শক্তি বিভাগে অধিক মূল্যত বাহিৰা উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈছে । বিদ্যুৎ ক্ৰয় কৰাটো অস্বাভাৱিক কথা নহয় যদিও বিদ্যুৎ ক্ৰয়ৰ বাবে অনাহকত অধিক হাৰত ধন ভৰিবলগীয়া হৈছে বিজুলী ভৱনে । অসমৰ বাবে পূৰ্ব আৱণ্টিত পৰিমাণৰ বিদ্যুতকৈ বেছি পৰিমাণে বিদ্যুৎ ক্রয় কৰিবলগীয়া হ’লে উচ্চ নিৰিখত অতিৰিক্ত বিদ্যুৎখিনি ক্ৰয় কৰিবলগীয়া হয় । ২০ ছেপ্টেম্বৰৰ দিনা শক্তি বিভাগে মুঠ ২৯টা উৎসৰ পৰা বিদ্যুৎ ক্রয় কৰিছিল ।

সেই অনুসৰি প্ৰধানকৈ নীপকোৰ কপিলী জলবিদ্যুৎ প্রকল্প-১ৰ পৰা প্রতি ইউনিট বিদ্যুৎ ২.১২ টকা দৰত ক্ৰয় কৰিছিল । ইয়াৰ বিপৰীতে নীপকোৰ কপিলী জলবিদ্যুৎ প্রকল্প-২ৰ পৰা প্ৰতি ইউনিটত ২.১৮ টকা, ৰঙানদী প্ৰকল্পৰ পৰা ২.৬৩ টকা, খানডং প্ৰকল্পৰ পৰা ২ টকা, পাৰে প্ৰকল্পৰ পৰা ৫.৬১ টকা, কামেং প্ৰকল্পৰ পৰা ৪.০১ টকা, অ' টি পি চিৰ পালাটানা গেছ প্লাণ্টৰ পৰা ৩.৪৪ টকা, এন টি পি চিৰ তালচেৰা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেছন-১১ৰ পৰা প্রতি ইউনিটত ২.৮৯ টকা, ছ'লাৰ এনার্জি কৰ্প'ৰেশ্যন অব ইণ্ডিয়াৰ পৰা ২.৭২ টকা, মহেশ্বৰী পাৱাৰৰ পৰা ৩.১৯ টকা, জেকশ্যন পাৱাৰৰ পৰা প্ৰতি ইউনিটত ৩.৯৮ টকাকৈ বিদ্যুৎ ক্ৰয় কৰা হয় ।

ইফালে, সূর্যতাপ এনার্জি নামৰ কোম্পানীটোৰ পৰা প্ৰতি ইউনিটৰ বিপৰীতে ৮.৭৮ টকাকৈ, আছাম গেছ বেচ পাৱাৰ প্ৰজেক্টৰ পৰা প্ৰতি ইউনিটত ৭.৬৯ টকা আৰু আগৰতলা গেছ টার্বাইন ক্ল’জ চাইকেল প্রজেক্টৰ পৰাও প্রতি ইউনিটত ৭.৩৪ টকাকৈ বিদ্যুৎ ক্ৰয় কৰাৰ হয় ।

লক্ষণীয় বিষয় যে পূৰ্বতে পৰিকল্পনা কৰি চুক্তি কৰিলে এনেদৰে অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া নহ'লহেঁতেন । ইফালে, বাহিৰা উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰিও চাহিদা পূৰণ কৰিব নোৱাৰি সঘন লোডশ্বেডিং কৰি উপভোক্তাক হাৰাশান্তি কৰিছে বিদ্যুৎ বিভাগে ।

লগতে পঢ়ক:ৰাজ্যত নাই বিদ্যুতৰ পৰ্যাপ্ত উৎপাদন: বাহিৰা উৎসইহে পূৰণ কৰিছে অসমৰ চাহিদা - APDCL increases electricity tariffs

প্ৰতিমাহে অত্যধিক বিদ্যুতৰ বিল : এই উপায় অৱলম্বন কৰক আৰু সকাহ পাওঁক - Save money save electricity

ABOUT THE AUTHOR

...view details