অসম

assam

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকে অশিস ল'লে কামাখ্যা ধামত - Gautam Gambhir visit Kamakhya

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 9:02 PM IST

Gautam Gambhir visit Kamakhya: শক্তিপীঠ কামাখ্যা ধামত উখল-মাখল পৰিৱেশ । মঙলবাৰৰ দিনটোত ব্যাপক ব্যস্ততা দেখা গ'ল কামাখ্যা ধামত উপস্থিত লোকসকলৰ মাজত । কিয়নো মঙলবাৰে মা কামাখ্যা ধামত উপস্থিত হয় ভাৰতীয় ক্ৰিকেটজগতৰ অন্যতম তাৰকা খেলুৱৈ গৌতম গম্ভীৰ ।

Head coach of Indian cricket team Gautam Gambhir visit Kamakhya Dham
শক্তিপীঠ কামাখ্যাত গৌতম গম্ভীৰ (ETV Bharat Assam)

গুৱাহাটী,৩ ছেপ্টেম্বৰ: দেশৰ ৫১ শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মা কামাখ্যা ধাম । মা কামাখ্যাৰ আশিস ল'বলৈ দৈনিক ভি আই পি, ভি ভি আই পি, তাৰকা, মহাতাৰকাৰ পৰা আৰম্ভ কৰি দেশী-বিদেশী হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে । মঙলবাৰে মা কামাখ্যাৰ আশিস ল'বলৈ গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ । নীলাচল পাহাৰত উপস্থিত হৈ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।

শক্তিপীঠ কামাখ্যাত গৌতম গম্ভীৰ (ETV Bharat Assam)

মা কামাখ্যাৰ চৰণত বিশেষ পূজা-অৰ্চনা কৰে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে । পূজা অৰ্চনা কৰি মাৰ আশিস লৈ পুনৰ উভতি যায় গৌতম গম্ভীৰ । কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীলৈ আহে গৌতম গম্ভীৰ । ইফালে কামাখ্যা ধামত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ দৰ্শন কৰি আপ্লুত হৈ পৰে ক্ৰিকেটাৰগৰাকী । ইফালে ভাৰতীয় ক্ৰিকেটলৈ অন্যতম অৱদান আগবঢ়োৱা ক্ৰিকেটাৰগৰাকীক কাষতে পাই উৎফুল্লিত হৈ পৰে ভিন্ন প্ৰান্তৰ পৰা কামাখ্যা ধামলৈ অহা লোকসকল ।

উল্লেখ্য যে, শেহতীয়াভাৱে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছে গৌতম গম্ভীৰে । মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰ মা কামাখ্যাৰ আশিস লয় গম্ভীৰে । টি২০ বিশ্বকাপৰ পিছত ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতে গৌতম গম্ভীৰে ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদত অধিষ্ঠিত হয় ।

বিগত বৰ্ষৰ আই পি এলত মেন্টৰ হিচাপে থকা কে কে আৰ দলক পুনৰ এবাৰ আই পি এলত চেম্পিয়ন বনোৱাত গৌতম গম্ভীৰৰ আছিল বিশেষ অৱদান । তাৰ পিছতেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ নাম ব্যাপক চৰ্চালৈ আহিছিল ।

লগতে পঢ়ক:মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিৰ - Haryana CM Assam visit

কামাখ্যা কৰিড'ৰ প্রকল্প গোচৰ : ১ ছেপ্টেম্বৰত পুনৰ শুনানি, ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ - Kamakhya corridor project

ABOUT THE AUTHOR

...view details