গুৱাহাটী : গুৱাহাটী মহানগৰীত বিদ্যুৎ ৰাহি কৰা আৰু প্ৰদূষণ হ্রাস কৰাৰ উদ্দেশ্যে ‘‘সৌৰ নগৰী’’ নামৰ এখন অভিলাষী আঁচনি ১২ বছৰ পূৰ্বে গ্ৰহণ কৰা হৈছিল । গুৱাহাটী পৌৰ নিগমে ২০১১ চনতে পৰিকল্পনা কৰা এই আঁচনি এতিয়াও চৰকাৰী ফাইলতে আবদ্ধ হৈ আছে । পুনৰ নৱীকৰণ শক্তি মন্ত্ৰণালয়ে ২০১১ চনত গুৱাহাটীৰ লগতে দেশৰ ৪৬ খন নগৰত সৌৰ নগৰী আঁচনি ৰূপায়ণ কৰাৰ বাবে কাৰ্যব্যৱস্থা হাতত লৈছিল ।
দেশৰ অন্য ৰাজ্যত এই আঁচনিখন ৰূপায়ণ হৈছে যদিও অসমত এই আঁচনিখন পৌৰ নিগমৰ ফাইলতে আবদ্ধ হৈ আছে । আঁচনিখনৰ প্ৰাৰম্ভিক কাম হিচাপে মাষ্টাৰ প্লেন প্রস্তুত কৰা, বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰাৰ বাবে মন্ত্রণালয়ে পৌৰ নিগমক ৪৫.৪৫ লাখ টকা সেই সময়তে অনুমোদন দিছিল । পৌৰ নিগমে ২০১২ চনৰ শেষভাগত ৫.৪০ লাখ টকা ব্যয় সাপেক্ষে ‘‘গুৱাহাটী সৌৰ নগৰী’’ৰ মাষ্টাৰ প্লেনখন প্রস্তুত কৰিছিল ।
এই মাষ্টাৰ প্লেনখনৰ ভিত্তিতে পৌৰ নিগমে সৌৰ নগৰী আঁচনিৰ বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰিছিল । মন্ত্রণালয়ে মুম্বাইৰ কোম্পানী ডাৰশ্ব'ৰ (Darashow) আঁচনিখনৰ মাষ্টাৰ প্লেন আৰু বিস্তৃত প্রকল্প প্রতিবেদনখন অনুমোদন দিছিল । সৌৰ নগৰী আঁচনিৰ ভিত্তিত নৱীকৰণ শক্তি মন্ত্ৰণালয়ে দিয়া নির্দেশনা অনুসৰি পুনৰ নৱীকৰণ শক্তি ব্যৱহাৰ কৰি গুৱাহাটীত ১০ শতাংশ বিদ্যুৎ ৰাহি কৰাৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ উদ্দেশ্য আগত ৰাখি ডাৰশ্ব'ৱে মাষ্টাৰ প্লেনখন প্ৰস্তুত কৰিছিল ।
মাষ্টাৰ প্লেনখনত উল্লেখ থকা মতে, গুৱাহাটীত জলবিদ্যুৎ আৰু খনিজ ইন্ধনৰ বিদ্যুৎ শক্তিৰ ব্যবহাৰ দিনক দিনে বৃদ্ধি পাইছে । মন কৰিবলগীয়া যে গুৱাহাটীত বিদ্যুতৰ ঘাটি ক্রমাগতভাৱে বৃদ্ধি পাইছে । জল তথা তাপ বিদ্যুতে গুৱাহাটীত বিদ্যুতৰ চাহিদা পূৰণ কৰিব পৰা নাই । ২০১৩-১৪ চনত প্রয়োজন হোৱা ৩,৮১৯ নিযুত ইউনিট বিদ্যুৎ শক্তিৰ ২,৭৪৯ নিযুক্ত ইউনিট বিদ্যুৎ শক্তি খনিজ ইন্ধনে পূৰণ কৰিছিল ।