অসম

assam

ETV Bharat / state

গুৱাহাটীৰ ৰাজপথত উলিয়াব নোৱাৰিব সমদল - PROCESSIONS BAN IN GUWAHATI

গুৱাহাটী মহানগৰীত যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ বাবে মহানগৰ আৰক্ষীৰ এই বিশেষ নিৰ্দেশনা ৷

Guwahati Police issued an order that restricted Processions or protests in city
গুৱাহাটীৰ ৰাজপথত উলিয়াব নোৱাৰিব সমদল (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 2:08 PM IST

গুৱাহাটী :এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখা নাযাব কোনো শিক্ষানুষ্ঠানৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা নাইবা কোনো ৰাজনৈতিক অ-ৰাজনৈতিক দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী বা সমদল । কিয়নো গুৱাহাটী মহানগৰীত নিষিদ্ধ কৰা হৈছে সমদল-শোভাযাত্ৰা । এই সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ।

গুৱাহাটী মহানগৰীত যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে । সেয়ে মহানগৰীত সুচল যাতায়াতত বাধাৰ সৃষ্টি কৰা যিকোনো সমদলত নিষেধাজ্ঞা আৰোপ কৰিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কার্যালয়ে । সোমবাৰে গুৱাহাটীৰ উপ-আৰক্ষী আযুক্ত (প্ৰশাসন) ইমদাদ আলী স্বাক্ষৰিত এক জাননীযোগে মহানগৰত সকলোধৰণৰ সমদলত নিষেধাজ্ঞা আৰোপ কৰা হয় ।

গুৱাহাটীৰ ৰাজপথত উলিয়াব নোৱাৰিব সমদল (ETV Bharat)

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে । যাতায়াতৰ সুবিধা হোৱাকৈ তাৎক্ষণিকভাৱে এই নিৰ্দেশ কার্যকৰী কৰা হৈছে । এই নিষেধাজ্ঞা ভংগ কৰিলে সংশ্লিষ্ট পক্ষক ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ ধাৰাৰ অধীনত শাস্তিযোগ্য হিচাপে বিবেচিত কৰা হ'ব বুলি জাননীখনত উল্লেখ আছে ।

উল্লেখযোগ্য যে দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত আৰক্ষীয়ে বাধা আৰোপ কৰিছিল । শোভাযাত্ৰাত বাধা দিয়াত কটনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । ক্ষুব্ধ কটনিয়ানসকলে আৰক্ষীৰ সৈতে বাকযুদ্ধতো লিপ্ত হৈছিল । পৰৱৰ্তী সময়ত কটনৰ চৌহদৰ ভিতৰতে শোভাযাত্ৰা কৰিছিল ।

শোভাযাত্ৰাত আৰক্ষীয়ে বাধা দিয়া ঘটনাক সামাজিক মাধ্যমত বিভিন্নজনে ধিক্কাৰ দিছিল । ইয়াৰ পিছতেই গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে মহানগৰীত সকলোধৰণৰ সমদলত বাধা দিয়াৰ জাননীয়ে বিশেষ তাৎপর্য বহন কৰিছে ।

লগতে পঢ়ক :কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাক কিয় বাধা আৰক্ষীৰ ?

ABOUT THE AUTHOR

...view details