অসম

assam

ETV Bharat / state

নতুন বছৰত কি কি পৰিকল্পনা গুৱাহাটী পৌৰ নিগমৰ ? - GUWAHATI MUNICIPAL CORPORATION

২০২৪ বৰ্ষত তীব্ৰ গতিত চলিছে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ কাম । ২০২৫ বৰ্ষৰ আৰম্ভণিতে কি কি উন্নয়নমূলক কাম-কাজ চলিব মহানগৰীত ? সৱিশেষ প্ৰতিবেদনত ।

Guwahati Municipal Corporation plans for new year of development of Guwahati city
নতুন বছৰত কি কি পৰিকল্পনা গুৱাহাটী পৌৰ নিগমৰ ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 24 hours ago

গুৱাহাটী:স্মাৰ্ট চিটী গুৱাহাটীত নাগৰিকৰ সুবিধাৰ বাবে ৰাজহুৱা প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ যথেষ্ট অভাৱ আছে । এই অভাৱ দূৰ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে আগন্তুক নতুন বছৰৰ বাবে এক পৰিকল্পনা গ্ৰহণ কৰিছে । লগতে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই ২০২৫ বৰ্ষৰ আৰম্ভণিতে মহানগৰীৰ ৰাস্তা-ঘাট, লাইট, খোৱাপানী, সামূহিক কেন্দ্ৰ, বজাৰগৃহ নিৰ্মাণকে ধৰি ভালেমান উন্নয়নমূলক কাম-কাজ সম্পন্ন কৰাৰ পৰিকল্পনা হাতত লৈছে ।

গুৱাহাটী পৌৰ নিগমে আগন্তুক বছৰটোত প্ৰতিটো ৱাৰ্ডতে ৰাজহুৱা প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ নিৰ্মাণ কৰাৰ লগতে প্ৰতিটো ৱাৰ্ডতে দৈনিক বজাৰ গৃহৰ ব্যৱস্থা কৰিব । ঘাইকৈ নতুন বছৰৰ প্ৰথম ছমাহৰ ভিতৰতে এই কাম-কাজসমূহ কৰিব নিগম কৰ্তৃপক্ষই ।

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ই টিভিই ভাৰতক কয়,"নামঘৰ-মন্দিৰৰ লগতে ৰাজহুৱা স্থানত সৰু সৰু শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ বাবে ২০ লাখ টকা ব্যয় কৰিব । প্ৰতিটো ৱাৰ্ডত অতি কমেও ৫ টাকৈ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হ'ব । অৰ্থাৎ গুৱাহাটীত ৬০ টা ৱাৰ্ডত অতি কমেও মুঠ ৩০০ টা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হ'ব ।"

প্ৰতিটো ৱাৰ্ডত স্থাপন হ'ব দৈনিক বজাৰ:

গুৱাহাটী বিভিন্ন ঠাইত পদপথবোৰ পদপথৰ ব্যৱসায়ীৰ দ্বাৰা দখল হৈছে । যাৰ বাবে পৌৰ নিগমে সময়ে সময়ে বিভিন্ন ঠাইত পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ চলায় আহিছে । কিন্তু পদপথৰ ব্যৱসায়ীৰ সুৰক্ষা বিষয়ক আইন অনুসৰি বিকল্প ব্যৱস্থা নকৰাকৈ প্ৰশাসনে পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰিব নোৱাৰে । পদপথৰ ব্যৱসায়ীসকলৰ সংস্থাপনৰ বাবে ভেণ্ডিং জন স্থাপন কৰিব লাগে । কিন্তু এই ক্ষেত্ৰত পৌৰ নিগম সফল পৰা নাই ।

এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ শৰনীয়াই কয়,"নতুন বছৰৰ জানুৱাৰীৰ ভিতৰতে ১০ টা ভেণ্ডিং জ'ন ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ পৰিকল্পনা হাতত লোৱা হৈছে । নিগমে নিৰ্দ্ধাৰিত ৮১ টা ভেণ্ডিং জ’নৰ কামো পর্যায়ক্রমে কৰিব । নিগমে প্ৰতিটো ৱাৰ্ডত একোখন দৈনিক বজাৰ বহুৱাব । ইয়াৰ বাবে ৫ লাখ টকাকৈ ধাৰ্য কৰা হৈছে । বজাৰসমূহ ৱাৰ্ডৰ ভিতৰুৱা অঞ্চলত হ'ব আৰু অতি কমেও ৪০ গৰাকী ব্যৱসায়ীয়ে দোকান দিব পৰাৰ ব্যৱস্থা থাকিব । ইয়াৰে ৩০ শতাংশ মহিলাৰ বাবে সংৰক্ষণ কৰা হ'ব । বছৰৰ আৰম্ভণিতে নিগমৰ অধীনত নির্মীয়মান বেলতলা, উলুবাৰী আৰু গণেশগুৰি বজাৰগৃহ মুকলি কৰা হ'ব ।

প্ৰতিখন শ্মশানত স্থাপন হ'ব হাইমাষ্ট লাইট:

এই সন্দৰ্ভত মৃগেন শৰণীয়াই কয়,"মহানগৰীৰ শ্মশানসমূহত নিশাৰ ভাগত শৱ দাহ কৰিব পৰাকৈ একোটাকৈ হাইমাষ্ট লাইটৰ ব্যৱস্থা কৰা হ'ব । গুৱাহাটীত পৌৰ নিগমৰ অধীনত ২৭ খন‌ শ্মশান আছে । এই প্ৰতিখন শ্মশানতে একোটাকৈ হাইমাষ্ট লাইটৰ ব্যৱস্থা কৰা হ'ব । তদুপৰি ৬০ টা ৱাৰ্ডৰ তিনিআলি বা চাৰিআলিতো একোটাকৈ হাইমাষ্ট লাইট লগাব নিগমে । ইফালে, কৃত্রিম বান সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি নিগমে প্ৰতিটো ৱাৰ্ডৰ ভিতৰৰ সৰু সৰু নলাবোৰ এতিয়াই চাফা কৰাৰ ব্যৱস্থা হাতত লৈছে । ইতিমধ্যে ইয়াৰ বাবে নিবিদাও আহ্বান কৰা হৈছে বুলি তেওঁ জনায় ।

শৰণীয়াই জনায়,"গুৱাহাটীখনক চাফ-চিকুণ কৰি ৰখাৰ উদ্দেশ্যে পৌৰ নিগমে 'স্বচ্ছ গুৱাহাটী অভিযান' আৰম্ভ কৰিছে । ইয়াৰ বাবে ৩৭ টা টাস্ক ফ'ৰ্চ গঠন কৰি মাৰ্চলৈকে এই অভিযান চলোৱাৰ পৰিকল্পনা হাতত লৈছে । একেদৰে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত সামূহিক কেন্দ্ৰ নিৰ্মাণৰ বাবে ২০ লাখ টকা আৰু ৰাস্তা-ঘাট মেৰামতি আৰু নতুনকৈ নিৰ্মাণৰ বাবে ৪০ লাখ টকাকৈ ব্যয় কৰা হ'ব । ইতিমধ্যে ইয়াৰ বাবে প্ৰতিটো ৱাৰ্ডত অতিৰিক্তভাৱে ৮০ লাখ টকাকৈ মোকলাই দিয়া হৈছে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী হৈয়েই থাকিবগৈ নে হিমন্ত বিশ্ব শৰ্মা ! সন্দেহ উপজিছে গৌৰৱ গগৈৰ - GAURAV GOGOI SLAMS CM HIMANTA

গণতান্ত্ৰিক আন্দোলনত অগণতান্ত্ৰিক বাধা ! বিনাশ কালত বিপৰীত বুদ্ধি লোৱা বুলি কাক ক’লে সাংসদ ৰকিবুলে - RAKIBUL HUSSAIN SLAMS ASSAM CM

ABOUT THE AUTHOR

...view details