অসম

assam

মহানগৰবাসীক স্বাধীনতা দিৱসৰ উপহাৰ গুৱাহাটী পৌৰ নিগমৰ - Guwahati Municipal Corporation

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 2:26 PM IST

GMC on Water Supply Facilities : খোৱাপানীৰ নতুন সংযোগৰ মাচুল ৰেহাইৰ ঘোষণা গুৱাহাটী পৌৰ নিগমৰ । গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ খোৱাপানীৰ মাচুল ৰেহাইৰ বিশেষ ঘোষণা । কি আছে এই ঘোষণাত জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

GMC on Water Supply Facilities
মহানগৰবাসীক স্বাধীনতা দিৱসৰ উপহাৰ গুৱাহাটী পৌৰ নিগমৰ (ETV Bharat Assam)

গুৱাহাটী, ১৫ আগষ্ট : গুৱাহাটীৰ ৰাইজৰ বাবে সুখবৰ । এই সুখবৰ ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মহানগৰবাসীৰ বাবে এই সুখবৰ ঘোষণা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ ।

মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)

জলবোৰ্ডৰ খোৱাপানীৰ সংযোগ লোৱাসকলক গুৱাহাটী পৌৰ নিগমে দিব এক বিশেষ ৰেহাই । গুৱাহাটীৰ উজানবজাৰত থকা গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এই কথা ঘোষণা কৰে ।

কোনে পাব এই ৰেহাই, কি আছে এই ৰেহাইত

উল্লেখ্য যে গুৱাহাটীত তিনিটা পানী যোগান প্ৰকল্পৰ কাম গুৱাহাটী জলবোৰ্ডৰ অধীনত চলি আছে । প্ৰকল্পকেইটাৰে গুৱাহাটীৰ একাংশ লোকক খোৱাপানীৰ যোগান ধৰি থকাৰ লগতে আকৌ আন একাংশক নতুনকৈ খোৱাপানীৰ সংযোগ দিয়া হ'ব । পৌৰ নিগমৰ মেয়ৰে এই সন্দৰ্ভত কয়, "গুৱাহাটীত জলবোৰ্ডৰ খোৱাপানীৰ সংযোগ লোৱাৰ ক্ষেত্ৰত এটা পৰিয়ালে ৯৫০০ টকা মাচুল আদায় দিব লাগে । এই ক্ষেত্ৰত পৌৰ নিগমে এটা পৰিয়ালক ৭০০০ টকা ৰেহাই দিব । অৰ্থাৎ জলবোৰ্ডৰ খোৱাপানীৰ সংযোগ লোৱাৰ‌ ক্ষেত্ৰত নিৰ্দিষ্ট পৰিয়ালটোৱে ৯৫০০ টকাৰ ঠাইত ২৫০০ টকা আদায় দিলে‌ হ'ব । কিন্তু এই ক্ষেত্ৰত কিছু সীমাবদ্ধ আছে । যিসকলৰ ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ পানীৰ সংযোগ আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকহে এই সুবিধা পাব । এই‌ সুবিধা অকল গুৱাহাটী পৌৰ নিগম এলেকাৰ ভিতৰতে‌ সীমাবদ্ধ হ'ব ।"

তেওঁ লগতে কয়, "গুৱাহাটীত ৩৪০০ টা পৰিয়ালৰ গুৱাহাটী পৌৰ নিগমৰ পানীৰ সংযোগ আছে । গতিকে এইখিনি পৰিয়ালে জলবোৰ্ডৰ খোৱাপানীৰ সংযোগ লোৱাৰ বাবে ৯৫০০ টকাৰ ঠাইত ২৫০০ টকা আদায় দিলে‌ হ'ব । অহা ১৫ ছেপ্টেম্বৰৰ‌ পৰা পৌৰ নিগমে এই পদক্ষেপ গ্ৰহণ কৰা আৰম্ভ কৰিব ।"

কোন অঞ্চলত কিমান লোকক দিয়া হ'ব খোৱাপানীৰ সংযোগ

মেয়ৰ মৃগেন শৰনীয়াই কয়, "জাইকাৰ জৰিয়তে কেন্দ্ৰীয় গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰে ২৪,৮০০ পৰিয়ালে জলবোৰ্ডৰ খোৱাপানী পাই আছে । নতুনকৈ ৪৭,৬৬০ টা পৰিয়ালক জাইকাৰ প্ৰকল্পৰ জৰিয়তে কেন্দ্ৰীয় গুৱাহাটীত জলবোৰ্ডৰ খোৱাপানীৰ সংযোগ দিয়া হ'ব । কেন্দ্ৰীয় গুৱাহাটীত পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত ২৩ টা ৱাৰ্ড আছে ।"

তেওঁ লগতে কয়, "এল এন টিয়ে ৰূপায়ণ কৰি থকা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে ৩০,০০০ পৰিয়ালক খোৱাপানীৰ সংযোগ দিয়া‌ হ'ব । আনহাতে, নিউ এছিয়ান ডেভেলপমেণ্ট বেংকৰ জৰিয়তে ৰূপায়ণ কৰি থকা পূব গুৱাহাটী পানী যোগান‌ প্ৰকল্পৰ জৰিয়তে ৬৭,০০০ পৰিয়ালক খোৱাপানীৰ সংযোগ দিয়া‌ হ'ব ।"

লগতে পঢ়ক :আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 19 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day
লগতে পঢ়ক :ৰাজ্যজুৰি উলহ-মালহেৰে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন - INDEPENDENCE DAY 2024

ABOUT THE AUTHOR

...view details