চফা কৰাৰ চলেৰে লৈ গ’ল সমস্ত অলংকাৰ (EV Bharat Assam) কাজিৰঙা, 15 মে’: ঠগ-প্ৰৱঞ্চকেৰে ভৰি থকা পৃথিৱীখনত আপোনাৰ অকণমান অসাৱধনতাই শেষ কৰিব পাৰে সৰ্বস্ব ৷ প্ৰৱঞ্চকৰ নাই কোনো নিৰ্দিষ্ট পন্থা, বিভিন্ন সময়ত ভিন ভিন পন্থা অৱলম্বন কৰি আনৰ সম্পত্তি লুট-পাত কৰাৰ চেষ্টা অব্যাহত ৰাখে প্ৰৱঞ্চকে ৷
কেতিয়াবা আপোনাৰ ঘৰলৈ আহিব পাৰে কোনো অপৰিচিত ব্যক্তি ৷ আহিয়েই বিচাৰিব পাৰে আপোনাৰ ঘৰৰ বয়-বস্তু পৰিস্কাৰ কৰিবলৈ ৷ যদি তেনে লোক আহে, আপুনি সাৱধান হ’ব ৷ অন্যথ হেৰুৱাবলগীয়া হ’ব পাৰে সোণৰ গহনা-গাঁঠৰি অথবা মূল্যবান বয়-বস্তু ৷ কাজিৰঙাত তেনে এক ঘটনাৰ সন্মুখীন হৈ এগৰাকী মহিলাই হেৰুৱালে সোণৰ আ-অলংকাৰ ৷ ছদ্মবেশেৰে ফ্ৰীজ, ৱাচিং মেচিন চাফা কৰিবলৈ আহি ঘৰখনৰ পৰা কৌশলেৰে লুটি নিলে সোণৰ গহনা ৷
মনোযোগেৰে পঢ়িব এই ঘটনাৰ সবিশেষ ৷ দিনৰ ভাগতে দুজন অচিনাক্ত লোক আহিছিল কাজিৰঙাৰ ৰিগেল গেষ্ট হাউছলৈ ৷ আহিয়েই সোমাই গ’ল ৰুবী ভট্টাচাৰ্য নামৰ মহিলাগৰাকীৰ গৃহলৈ ৷ ঘৰখনত সোমায়েই পৰোপকাৰীৰ দৰেই পিতলৰ ঘটিৰ পৰা আৰম্ভ কৰি ইটো-সিটো সম্পদ চফা কৰাৰ কামত লাগি যায় ৷ পিতলৰ পৰা আৰম্ভ কৰিছিল যদিও তেওঁলোকৰ চকু আছিল সোণৰ গহনাত ৷
এইবাৰ ঘৰখনৰ এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইনডাল চফা কৰে ৷ তাৰ পিচতো সোণৰ অলংকাৰ, পাথৰ আদি চফা কৰিবলৈ লয় অচিনাক্ত ব্যক্তি দুজনে ৷ এইক্ষেত্ৰত ৰুবী ভট্টাচাৰ্য নামৰ মহিলাগৰাকীয়ে বাধা দিছিল যদিও বিভিন্ন মন্তব্যৰে পতিয়ন নিয়াবলৈ সক্ষম হৈছিল প্ৰৱঞ্চক দুজনে ৷ শেষলৈ হাতৰ আঙুঠিৰ পৰা ডিঙিৰ চেইনলৈকে সকলো বলপূৰ্বকভাৱে চফা কৰাৰ বাবে লয় ৷
ইয়াৰ পিচতে কৌশলেৰে আচল সোণৰ অলংকাৰসমূহ সৰকাই, নকল সোণৰ অলংকাৰ এটা পেকেটত ভৰাই গৃহস্থক দি ওলাই যায় ঘৰখনৰ পৰা ৷ ইয়াৰ পিচতে দুজনীয়া দলটো কাজিৰঙাৰ পশ্চিমৰ দিশে উধাও হয় ৷ পৰৱৰ্তী সময় গৃহস্থৰ অভিযোগৰ ভিত্তিত কঁহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷
উল্লেখ্য যে এনে ঘটনা এয়াই প্ৰথম অথবা শেষ নহয় ৷ অসমৰ বিভিন্ন ঠাইত সহজ-সৰল লোকক ঠগি ফুৰা এনে দল যেন এতিয়া সকলোতে সুলভ ৷ সেয়ে এইক্ষেত্ৰত সদায় সতৰ্ক হওক ৷ যাতে আপোনাৰ লগতে আন কোনো লোকে হেৰুৱাবলগীয়া নহয় সম্পদ ৷
লগতে পঢ়ক:সোণৰ গহণা, কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰোতে সাৱধান, আপুনিও বলি হ'ব পাৰে প্ৰৱঞ্চনাৰ