গুৱাহাটী, ১৫ অক্টোবৰ:গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইটামান ধনৰ বিনিময়ত এইচআইভি পজিটিভ ৰোগীয়ে তেজ বিক্রীৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাছতেই সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে । সোমবাৰে জিএমচিএইচৰ ব্লাড বেংকত তেজ বিক্ৰী কৰিবলৈ অহা এইচআইভি পজিটিভ যুৱক গ্ৰেপ্তাৰ হোৱাই নহয়, ধুবুৰীৰ পৰা একাংশ যুৱকে ২-৩ হাজাৰ টকাৰ বিনিময়ত তেজ বিক্ৰী কৰিবলৈ অহা আন এক ভয়ংকৰ তথ্যও প্ৰকাশ পাইছে ।
জিএমচিএইচ কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া :
এই সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয়, "আমিটো পুলিচৰ কাম কৰিব নোৱাৰো । আমি ইতিমধ্যে এফআইআৰ দিছো । এতিয়া পুলিচে গোটেই চক্ৰটো ধৰিব লাগিব । কালি জিএমচিএইচৰ সুৰক্ষা কৰ্মীয়ে তেজৰ দালালটোক ধৰি পুলিচক গতাই দিছে । এই দালালৰ বিৰুদ্ধে কঠোৰ অভিযোগনামা দাখিল কৰিব লাগে যাতে অধিক সময় জে'লত থাকিব লগা হয় । এইসকল দালালে ২-৩ মাহ পাছত জে'লৰ পৰা ওলাই আহি পুনৰ দালালিত নামে । কালি ধৰা দালালটোক ৬ মাহ পূৰ্বে চিনাক্ত কৰি তেওঁৰ ব্লাড ল'ব নোৱাৰি বুলি ৰিপ'ৰ্ট দিছো । কিন্তু পুনৰ কালি এইজন মানুহে তেজ দিবলৈ আহোতে ধৰিছো । যিসকল লোক জিএমচিএইচলৈ আহে তেওঁলোক মূলতঃ সজাগ হ'ব লাগিব । ধনৰ বিনিময়ত কাৰো পৰা ব্লাড ল'ব নালাগে । যদি ব্লাডৰ অসুবিধা হয় তেন্তে কৰ্তৃপক্ষক জনাব লাগে আমি উপযুক্ত নিয়মেৰে ব্লাড দিয়াৰ ব্যৱস্থা কৰো ।"