অসম

assam

ETV Bharat / state

স্মাৰ্ট চিটী স্মাৰ্ট ঘৰ ! এইবাৰ জি এম চিৰ নতুন জৰীপ

গুৱাহাটী পৌৰ নিগম এলেকাত পৌৰ নিগমৰ নতুন জৰীপ । ঘৰে ঘৰে জি আই এছ আৰু মেপিং প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হ'ব এই জৰীপ কাৰ্য ।

Door to Door GIS survey and Mapping for Smart House Numbering
স্মাৰ্ট গৃহ নম্বৰ প্ৰদান কৰাৰ উদ্দেশ্যেৰে জি এম চিৰ নতুন জৰীপ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 8:21 PM IST

গুৱাহাটী:এইবাৰ গুৱাহাটী পৌৰ নিগমে গুৱাহাটী পৌৰ নিগম এলেকাত এক নতুন জৰীপ আৰম্ভ কৰিছে । গুৱাহাটীৰ ঘৰে ঘৰে এই জৰীপ আৰম্ভ কৰিছে নিগমে । স্মাৰ্ট গৃহ নম্বৰ প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে ।

স্মাৰ্ট গৃহ নম্বৰ প্ৰদান আৰু নাগৰিক সেৱাৰ উন্নতিৰ বাবে ঘৰে ঘৰে জি আই এছ আৰু মেপিং প্ৰক্ৰিয়াৰে এই জৰীপ কাৰ্য সম্পন্ন কৰা হ'ব ।

স্মাৰ্ট গৃহ নম্বৰ প্ৰদান কৰাৰ উদ্দেশ্যেৰে জি এম চিৰ নতুন জৰীপ (ETV Bharat Assam)

নাগৰিক সেৱাৰ উন্নতিৰ লগতে গুৱাহাটীক প্ৰকৃত অৰ্থত স্মার্ট চিটী হিচাপে গঢ়ি তোলাৰ দিশত গুৱাহাটী পৌৰ নিগমে এই প্ৰচেষ্টা আৰম্ভ কৰিছে বুলি মেয়ৰ শৰণীয়াই জানিবলৈ দিছে ।

কি এই মেপিং প্ৰক্ৰিয়া:

এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই কয়,"গুৱাহাটী পৌৰ নিগমে গোটেই চহৰজুৰি ঘৰে ঘৰে জি আই এছ প্রক্রিয়া চলাই আছে । প্ৰতিটো সম্পত্তি, ঘৰ, ফ্লেট, দোকান, কার্যালয়, কাৰখানা আদি সকলোবোৰ জি এম চিৰ নিযুক্ত কৰ্মীয়ে পৰিদৰ্শন কৰিব আৰু জৰীপৰ পাছত প্ৰতিটো সম্পত্তিতে স্মাৰ্ট গৃহ নম্বৰ ফলক সংযোজন কৰা হ'ব ।"

কিয় কৰা হৈছে এই মেপিং প্ৰক্ৰিয়া:

এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শৰণীয়াই কয়,"গুৱাহাটীৰ প্ৰতিটো সম্পত্তি চিনাক্ত আৰু মেপত অন্তৰ্ভুক্ত কৰিবলৈ এই প্ৰক্ৰিয়া আৰম্ভ কৰা‌ হৈছে । প্ৰতিটো সম্পত্তিত এটা স্মার্ট ঠিকনা নিযুক্ত কৰিবলৈ, নাগৰিক সেৱা বৃদ্ধি কৰিবলৈ, জৰুৰীকালীন সঁহাৰি উন্নত কৰিবলৈ, জাবৰ সংগ্রহ, পানীৰ বিল প্রদান আদি সেৱাৰ উন্নতি সাধন কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা‌ হৈছে ।"

কি কি নথি-পত্ৰৰ প্ৰয়োজন:

মেয়ৰ মৃগেন শৰনীয়াই কয়,"ঘৰে ঘৰে জি আই এছ আৰু মেপিং প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে মালিকৰ পৰিচয় পত্ৰ, সম্পত্তি কৰ ৰচিদ (যদি আছে), বিদ্যুৎ, পানী, গেছ বিল, গৃহ-নিৰ্মাণৰ অনুমতি, বাণিজ্যিক অনুজ্ঞাপত্ৰ (যদি আছে) থকাটো জৰুৰী ।"

লগতে পঢ়ক:৩৫ কোটি টকা ব্যয়েৰে গুৱাহাটীত জাবৰ নিষ্কাশন প্ৰকল্প - Waste disposal plant in Guwahati

জনবসতিপূর্ণ অঞ্চলত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদ - Dumping Ground In Guwahati

ABOUT THE AUTHOR

...view details