অসম

assam

ETV Bharat / state

প্ৰেমিক ভাৰাঘৰত প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ, দোষীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ - PROTEST IN JONAI

চিমেন চাপৰিৰ যুৱতীৰ গুৱাহাটীত ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবীত চিমেন চাপৰিত বিশাল প্ৰতিবাদী কাৰ্যসূচী । ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে উচিত তদন্তৰ দাবী ।

Girl mysterious death in Guwahati
দোষীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 29, 2025, 11:08 PM IST

জোনাই: ২৬ জানুৱাৰীৰ আনন্দ উল্লাসৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা । মহানগৰীত প্ৰেমিকৰ কোঠাত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ । ২১ বছৰীয়া যুৱতীগৰাকী যোৱা চাৰিমাহ ধৰি গুৱাহাটীৰ এটা জিমত সহায়কাৰীৰূপে কৰ্মৰত আছিল । দেওবাৰে দিনৰ ভাগত ৰহস্যজনকভাৱে প্ৰেমিকৰ ভাৰাঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ ।

চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ৩নং মহনপুৰ গাঁৱৰ যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধেমাজি জিলাৰ চিমেন চাপৰিৰ লগতে জোনাইত । যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে । যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে উত্তপ্ত হৈ পৰে জোনাইৰ চিমেন চাপৰি ।

দোষীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)

যুৱতীগৰাকীৰ গুৱাহাটীত ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবীত অল বড়ো উইমেন ৱেলফাৰ ফেডাৰেশ্যন ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু এবছু, বিএচ এচ, ইউ বি পি অ'কে আদি কৰি সহস্ৰাধিক ৰাইজৰ প্ৰতিবাদত উত্তাল হৈ পৰে চিমেন চাপৰি । প্ৰতিবাদকাৰীসকলে হত্যাকাণ্ডৰ ঘটনাত অভিযুক্ত চিলাপথাৰ মিচিং গাঁৱৰ ইন্দ্ৰজিৎ পাইট নামৰ যুৱকজনক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায়িক তদন্ত কৰি ফাঁচীৰ দাবী উত্থাপন কৰে ।

সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণৰে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে' কাৰ্ড লৈ হত্যাকাৰীক ফাঁচী দিয়ক, ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায়িক তদন্ত প্ৰদান কৰক, যুৱতীগৰাকীক উচিত ন্যায় প্ৰদান কৰক আদি শ্ল'গানেৰে চিমেন চাপৰিৰ আকাশ বতাহ কঁপাই তোলে । ইয়াৰোপৰি ইন্দ্ৰজিৎ পাইট নামৰ যুৱকজনক ফাঁচিৰ দাবীত চিমেন চাপৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা এগৰাকী মহিলাই কয়,"আমাৰ এগৰাকী চিমেন চাপৰিৰ কন্যা যাক যোৱা ২৬ তাৰিখে হত্যা কৰা হৈছে, যি হত্যাকাণ্ডৰ বিৰোধ কৰি আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ । দোষীৰ যাতে উপযুক্ত শাস্তি হয় তাৰ দাবীত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ । আমি আহ্বান জনাম যে, দোষীক প্ৰশাসনে কঠোৰতকৈয়ো কঠোৰ শাস্তি প্ৰদান কৰক ।"

লগতে পঢ়ক:প্ৰেমিকৰ ভাড়াঘৰত প্ৰেমিকাৰ মৃতদেহ; উচিত তদন্তৰ দাবী দল-সংগঠনৰ - DEATH BODY RECOVERED

এসময়ৰ চোৰাংচিকাৰী এতিয়া বন ৰক্ষক; ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত উল্লেখনীয় পদক্ষেপ - RAIMONA NATIONAL PARK

ABOUT THE AUTHOR

...view details